১০ হাজাৰ গৰাকীৰ ওপৰত প্ৰয়োগ কৰিব প্ৰতিষেধক

Share This Article

ছেপ্টেম্বৰৰ ভিতৰতেই কোভিড-১৯ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউটে। তেওঁলোকে তৈয়াৰ কৰি উলিওৱা বুলি দাবী কৰা সম্ভাব্য প্ৰতিষেধকটোৱে পৰীক্ষা-নিৰীক্ষাৰ প্ৰথমস্তৰ ইতিমধ্যেই পাৰ কৰিলে। প্ৰথমস্তৰত অন্যান্য প্ৰাণীৰ ওপৰত প্ৰয়োগ কৰাৰ পিছত মানুহৰ শৰীৰত এই সম্ভাব্য প্ৰতিষেধকটিৰ প্ৰয়োগ আৰম্ভ হৈছে এপ্ৰিলৰ পৰাই। এতিয়ালৈকে ১হাজাৰ গৰাকীৰ ওপৰত এই প্ৰতিষেধকটি প্ৰয়োগ কৰা হৈছে। লেবৰেটৰীত তাৰ ফলাফলৰ ওপৰত বিশ্লেষণ কৰা থকা হৈছে।
এইবাৰ এই পৰীক্ষাৰ দ্বিতীয় পৰ্যায়টো বৃহত্ সংখ্যক লোক আৰু মূলতঃ বয়োজ্যেষ্ঠসকলৰ ওপৰত প্ৰয়োগ কৰিবলৈ বিচাৰিছে এই লেবৰেটৰীটোৱে। তাৰবাবেই প্ৰস্তুতিও চলিছে। ইতিমধ্যেই এই প্ৰতিষেধক পৰীক্ষাৰ বাবে ব্ৰিটেইনৰ বিভিন্ন এলেকাৰ পৰা ১০,২৬০গৰাকী লোকক সহযোগী সংস্থাসমূহৰ জৰিয়তে বাচি উলিয়াইছে জেনাৰ ইনষ্টিটিউটে। এইসকলৰ মাজত ৫৬ৰ পৰা ৬৯বছৰ বয়সৰ লোকেই বেছি। খুব কমসংখ্যকৰ বয়স ৭০ৰ ওপৰৰ আৰু ৫-১২ বছৰৰ মাজৰ। বয়োজ্যেষ্ঠ, বৃদ্ধ আৰু শিশুসকলৰ মাজত প্ৰতিষেধকটোৱে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ ক্ষেত্ৰত কেনেধৰণৰ তাৰতম্য দেখুৱাই, তাক পৰীক্ষা কৰি চোৱা হ’ব।
তৃতীয় পৰ্যায়ত ১৮ ঊৰ্ধ্বৰ লোকসকলৰ ওপৰত পৰীক্ষা চলোৱা হ’ব। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে নিৰ্বাচিত সাবালক সকলৰ এটা নিৰ্বাচিত অংশক দিয়া হ’ব ইতিমধ্যেই প্ৰয়োজনীয় অনুমতি পোৱা কোনো এবিধ প্ৰতিষেধক আৰু অন্য অংশক দিয়া হ’ব জেনাৰ ইনষ্টিটিউটৰ তৈয়াৰি সম্ভাব্য প্ৰতিষেধক- CHADOx1। তাৰপিছত দুয়োক্ষেত্ৰত ফলাফলৰ কি পাৰ্থক্য পোৱা যায়, তাক পৰীক্ষা কৰা হ’ব।
জেনাৰ ইনষ্টিটিউটে এই প্ৰতিষেধকটো তৈয়াৰ কৰিছে অ্যাডেনো ভাইৰাছৰ পৰা। যি ভাইৰাছৰ বাবে চিম্পাঞ্জীবিলাকৰ দেহত সাধাৰণ ধৰণৰ চৰ্দিৰ উপসৰ্গ প্ৰায়ে দেখা দিয়ে। সেই অ্যাডেনো ভাইৰাছৰ জিনটোক এইবাৰ এই ইনষ্টিটিউটত এনেধৰণেই সাল-সলনি কৰি লোৱা হৈছে যাতে মানুহৰ দেহত প্ৰৱেশ কৰাৰ পাছত কোনো কাৰণতেই এই ভাইৰাছৰ সংখ্যা বৃদ্ধই নহয়। এই ভাইৰাছটো নামমাত্ৰ উপস্থিতিতেই মানুহৰ শৰীৰত এণ্টিবডী তৈয়াৰ হ’ব, যিটোৱে মানুহৰ দেহক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি দিব বুলি আশা কৰা হৈছে।
অক্সফ’ৰ্ডৰ ভেকচিন ৰূপৰ মূল অধ্যাপক এন্দ্ৰিউ পোলাৰ্ডে কৈছে – “ক্লিনিকেল পৰীক্ষা আমাৰ খুব ভালধৰণেই আগবাঢ়িছে। এইবাৰ আমি বয়োজ্যেষ্ঠ আৰু বহুসংখ্যক নিৰ্বাচিত স্বেচ্ছাসেৱকৰ মাজত প্ৰতিৰোধ ক্ষমতা তৈয়াৰ কৰা আমাৰ প্ৰতিষেধকটোৱে কেনেধৰণে কাম কৰে, সেইটো চাবলৈ বিচাৰোঁ।”
জেনাৰ ইনষ্টিটিউটৰ ভেকচিন’লজীৰ অধ্যাপক ছাৰা গিলবাৰ্টৰ মতে, ”CHADOx1ৰ প্ৰতিষেধক ক্ষমতা আৰু নিৰাপত্তা দুয়োটা দিশতেই তীক্ষ্ণ নজৰ ৰখা হৈছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষাত আমি বয়োজ্যেষ্ঠসকলক ল’ব পৰা নাছিলো। অথচ তেওঁলোকৰ অনেকেই স্বেচ্ছাই আগবাঢ়ি আহিছিল। এইবাৰ তেওঁলোকৰ সেই ইচ্ছাও পূৰণ হ’ব। ”
আমেৰিকাই ইতিমধ্যেই জনাইছে পৰীক্ষা-নিৰীক্ষাত দ্ৰুততা আনিবলৈ আৰু সোনকালেই প্ৰতিষেধক নিৰ্মাণৰ পথ সুগম কৰিবলৈ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ক ১২০ কোটি ডলাৰ পৰ্যন্ত সাহাৰ্য আগবঢ়াব। ঔষধ নিৰ্মাতা সংস্থা এষ্ট্ৰাজেনেকাই সহায় কৰিব। উত্পাদনৰ ক্ষেত্ৰখনক লৈ ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ লগতো আলোচনা চলিছে। এষ্ট্ৰাজেনেকাই কৈছে ডেৰ বছৰৰ ভিতৰত তেওঁলোকে ১০০ কোটি প্ৰতিষেধক তৈয়াৰ কৰিবলৈ আৰু ছেপ্টেম্বৰৰ পৰাই সৰবৰাহ আৰম্ভ কৰিবলৈ সক্ষম হ’ব।
এই প্ৰতিষেধকটোৰ জীৱকূল আৰু মানৱ দেহত কৰা পৰীক্ষাৰ ফল প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। এতিয়ালৈকে কিছু সংখ্যক যোগাত্মক ফল আহিলেও দেখা গৈছে প্ৰতিষেধকটোৱে ৬টা বান্দৰক নিউমনিয়াৰ পৰা ৰক্ষা কৰিছে ঠিকেই , কিন্তু প্ৰতিষেধক পোৱা আৰু প্ৰতিষেধক নোপোৱাকৈ থকা দুয়োপ্ৰকাৰৰ বান্দৰৰ নাকত প্ৰায় সমান সংখ্যক ভাইৰাছ পিছলৈকো বাছি আছে। ইয়াৰোপৰি অন্য গৱেষণাৰ পৰাও দেখা গৈছে ন’ভেল ক’ৰোনা ভাইৰাছৰ প্ৰতিষেধক পোৱা গ’লেও সেয়া হয়তো এককালীন নহ’ব। প্ৰতিবছৰে বছৰে প্ৰতিষেধক ল’ব লগীয়া হৈ থাকিব। নেডাৰলেণ্ডৰ এক গৱেষণাৰ ফল অনুসৰি এনেকৈও ভবা হৈছে যে ক’ৰোনাৰ প্ৰতিষেধকৰ কাৰ্যকাৰীতা স্থায়ী হ’ব পাৰে মাত্ৰ ছমাহৰ বাবে। কিন্তু ৰিডিং ইউনিভাৰ্ছিটীৰ ভাইৰ’ল’জিষ্ট য়ান জ’নছ আৰু অক্সফ’ৰ্ড ইউনিভাৰ্ছিটীৰ আশা-দীৰ্ঘম্যাদী প্ৰতিৰোধ ক্ষমতাই পোৱা যাব এই প্ৰতিষেধকৰ পৰা। অৱশ্যে যদিহে সকলো কথা প্ৰত্যাশা মতেই হয়।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.