দেশীয় বিমান সেৱা আৰম্ভ হ’বলৈ আছে মাথো ২৪ঘণ্টা

Share This Article

২৫ জুনৰ পৰা দেশীয় বিমান সেৱা আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছিল অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে। ‘লক্ ডাউন-৪’ৰ মাজত আৰম্ভ কৰিবলগীয়া এই বিমানসেৱাক লৈ যাত্ৰীৰ মাজত এতিয়াও বিভ্ৰান্তিৰ শেষ নাই।
বিভিন্ন ৰাজ্যৰ এই বিষয়ক লৈ মতামতো ভিন্ন। পশ্চিমবংগৰ মমতা বেনাৰ্জীয়ে ইয়াৰ বিৰোধিতা কৰিছে। ইপিনে তামিলনাডু ৰাজ্য চৰকাৰো এই বিমানসেৱা আৰম্ভণিৰ জাননীক লৈ ক্ষুব্ধ। NDAৰ সহযোগী AIADMK-এ এই বিষয়ে ৩দিন আগতেই কেন্দ্ৰক জনাইছে। আনহাতে মহাৰাষ্ট্ৰ চৰকাৰে স্পষ্টকৈ কৈছে যে অহা ১১মে’ লৈ বিমানসেৱা আৰম্ভ মহাৰাষ্ট্ৰত কৰিব পৰা নহ’ব।
কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ ঘোষণাক লৈ ইতিমধ্যেই বিতৰ্কৰ সৃষ্টি হৈছে। তাৰ পিছতো আজি ৰাতিপুৱা ১০ বজালৈ ৰাজ্যসমূহৰ এই আপত্তিক লৈ অহা নাই অসামৰিক অসামৰিক মন্ত্ৰালয়ৰ পৰা কোনো নতুন নিৰ্দেশনা। ফলত বিপাঙত পৰিছে যাত্ৰীৰ বাবে সাজু হোৱা যাত্ৰীসকল। কেন্দ্ৰ-ৰাজ্যৰ এই জটিলতাই বিপদত পেলাইছে, এতিয়া এইসকল যাত্ৰীক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.