সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘জীৱন’ হেৰুৱালে কিন্তু উৰ্বশী ভাগৰা নাই …

ধনৰ লোভেও কিনিব নোৱাৰিলে ঊৰ্বশীৰ ভোক, ঊৰ্বশীৰ বিবেক।৩ মহীয়া সন্তানক লৈ তাতবাতি কৰিবলগীয়া হৈছিল ঊৰ্বশীয়ে।
প্ৰায় ২ মাহ ধৰি সাহসেৰে যুঁজ দিয়া প্ৰকৃত ঊৰ্বশীয়ে ন্যায় লাভ কৰিবনে?ঊৰ্বশীৰ সেই এজাহাৰক প্ৰথমাৱস্থাতেই কিয় আৰক্ষীয়ে গুৰুত্ব নিদিলে?অসম আৰক্ষীয়ে ক্ষীপ্ৰতাৰে কৰক তদন্ত, জালত পেলাওক ৰৌ-বৰালী ।মুখ্যমন্ত্ৰীলৈ আমাৰো দাবী-সংস্থাপনৰ ব্যৱস্থা কৰক ঊৰ্বশীৰ পৰিয়ালৰ।দুমাহ ধৰি স্বামীৰ খবৰ নোপোৱাকৈ কিমান মনোকষ্টত ভুগিও সাহসী হৈ থাকিব পাৰে এগৰাকী ২২ বছৰীয়া মহিলা! একমাত্ৰ ৩ বছৰীয়া কণমানিটিক লৈ ন্যায় লাভৰ বাবে অত্যন্ত ধৈৰ্য আৰু সাহেসেৰ যুঁজ দিছিল ঊৰ্বশী তথা তেওঁৰ পৰিয়ালে। কোলাত ৩ মহীয়া সন্তান লৈয়ে তাতবাতি কৰিবলগীয়া হৈছিল ২২ বছৰীয়া ঊৰ্বশীয়ে। ভাঙি পৰা নাছিল। বৰঞ্চ অত্যন্ত সাহসিকতাৰে স্বামীৰ হৈ ন্যায় বিচাৰিছিল ঊৰ্বশীয়ে। নাম লবলৈ ভয়লাগিবলগীয়া কয়লামাফিয়াৰ নাম স্পষ্টকৈ এজাহাৰত উল্লেখ কৰি ঊৰ্বশী মৰাণে প্ৰথমেই সাহসৰ প্ৰমাণ দিছিল। কোনো পক্ষৰ পৰা ধন দিয়াৰ চেষ্টা চলোৱা বুলিও ঊৰ্বশীয়ে কৈছিল। কিন্তু পেট-ভাতে খাই থকা একেবাৰে সাধাৰণ পৰিয়ালৰ ঊৰ্বশীয়ে এগৰাকী পত্নীৰ মৰ্যদাক শেষ হৈ যাবলৈ নিদিলে। ভোকত বিবেক বিক্ৰী নকৰাৰ উদাহৰণ আৰু ইয়াতকৈ কিবা থাকিব পাৰেনে? সেই উদাহৰণেই টকা দিয়াৰ সেই প্ৰস্তাৱক নাকচ কৰি যুঁজি থাকিল আদৰ্শ পত্নী ঊৰ্বশী মৰাণে। কিন্তু কোনোধৰণৰ সঁহাৰি আৰু ফলাফল লাভ নকৰাত অৱশেষত উপায়ন্তৰ হৈ ৰাজধানীত প্ৰতিবাদত বহিল। অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক লগ ধৰি স্থানীয় আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰো অভিযোগ সাহসেৰে দাখিল কৰিলে।কামলৈ বুলি ওলাই যোৱা স্বামীৰ নিৰুদ্দেশৰ পাছতেই কোনোমতে ভাতসাঁজ খাই জীৱন কটোৱা এগৰাকী পত্নীৰ সেই সময়ৰ মানসিক-শাৰীৰিক অৱস্থা কেনে আছিল এবাৰ কল্পনা কৰক। স্বামী জীয়াই আছে নে নাই, সেয়াও গম পোৱা নাছিল শুক্ৰবাৰৰ পুৱাটোলৈকে। অৱশেষত আৰক্ষীয়ে দিয়া খবৰৰ পাছতহে মৃত প্ৰাঞ্জল মৰাণৰ পত্নীয়ে নিশ্চিত লাভ কৰিলে। প্ৰায় দুমাহতকৈ অধিক দিন এটা দোদুল্যমান অৱস্থাত তিনিচুকীয়াৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ ঊৰ্বশী মৰাণে ৪ বছৰীয়া কণমানিটিক লৈ স্বামীৰ খবৰ বিচাৰি হাবাথুৰি খাইছিল,সেই কথা সকলোৱে দেখিছিলেই। দ্য ক্ৰছকাৰেণ্টৰ ষ্টুডিঅৰ মজিয়াত হুকহুকাই ভাঙি পৰিছিল ঊৰ্বশী মৰাণ। ঊৰ্বশীয়ে কৈছিল- মই মোৰ স্বামী মৃত নে জীৱিত সেই খবৰো নাজানো। মোক প্ৰাঞ্জল মৰাণক লাগে। যদি মৃত্যুও হৈছে, তেন্তে মৃতদেহটো হলেও লাগে। আৰু সেই দুখৰ দিনৰ মাজতেই অৱশেষত খবৰ আহিল-উদ্ধাৰ হৈছে প্ৰাঞ্জল মৰাণৰ মৃতদেহ। কয়লাখনিৰ পৰা সন্ধানহীন হৈ থকা প্ৰাঞ্জল মৰাণৰ মৃতদেহ আৰক্ষীয়ে লিডুত উদ্ধাৰ কৰিলে। পুৱাই প্ৰাঞ্জল মৰাণৰ পত্নীক ফোনজোগে IGP জিৎ মল দলেয়ে জনালে এই খবৰ। সন্ধিয়ালৈ পৰিয়ালক চমজাই দিয়া হ’ব প্ৰাঞ্জল মৰাণৰ মৃতদেহ। পত্নী ঊৰ্বশী মৰাণৰ মানসিক অৱস্থা কি পৰ্যায়ত, সেয়া হয়তো তেওঁতকৈ ভালদৰে কোনে বুজিব! স্বামী প্ৰাঞ্জল মৰাণৰ সৈতে মাঘ বিহুত একেলগে খোৱাৰ আশাৰে বাট চাই থকা ঊৰ্বশীয়ে সুদীৰ্ঘ প্ৰায় দুমাহৰ পাছত লগ পাব প্ৰাঞ্জলক। কিন্তু ঊৰ্বশীয়ে ৰৈ থকা সেই ভাতসাঁজ আজি আৰু খাব নোৱাৰিব। প্ৰাঞ্জলৰ হাতত আজি খাদ্যসাঁজৰ বাবে কৰি অনা বজাৰৰ মোনাটো নাই। আছে মাথোঁ-প্ৰাঞ্জলৰ নিথৰ দেহ, দেহৰ ওপৰত এখন বগা কাপোৰ। ঊৰ্বশীৰ এই মৰ্মন্তদ দোষ মচিব কোনে! বিচৰাধৰণে মৃতদেহটো ঘুৰাই পালে ঠিকেই। কিন্তু মৃতদেহটো ঘুৰাই পালেই ঊৰ্বশীয়ে ন্যায় পোৱা জানো হব? অতদিনে চিঞৰি চিঞৰি ন্যায় বিচাৰি হাবাথুৰি খোৱা ঊৰ্বশীৰ সেই এজাহাৰক প্ৰথমাৱস্থাতেই কিয় আৰক্ষীয়ে গুৰুত্ব নিদিলে? কিয় ন্যায় বিচাৰি মহানগৰীস্থিত সংবাদমাধ্যমৰ মূল কাৰ্যালয়ৰ কাষ চাপিব লগীয়া হল? কিয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়াক লগ ধৰি আৰক্ষীৰ বিৰুদ্ধেই অভিযোগ দিবলগীয়াত পৰিল? মৃতদেহ উদ্ধাৰ কৰাতেই যতি পৰিব নেকি ঊৰ্বশীয়ে বিচৰা সেই ন্যায়? ইমানতেই দায়িত্ব সামৰিব নেকি অসম আৰক্ষীয়ে! এই প্ৰশ্নবোৰেই এতিয়া প্ৰাংসগিক হৈ পৰিছে। সকলোৱে বিচাৰিছে- এজাহাৰত উল্লেখ কৰা নামবোৰৰ বিপৰীতে সঠিক তদন্ত হওক। পুথি-খলিহনাক ধৰিলেই নহব, ৰৌ-বৰালীকো জালত পেলাবলৈ অধিক ক্ষীপ্ৰতাৰে নিৰপেক্ষ তদন্ত কৰক অসম আৰক্ষীয়ে, এয়াই বিচাৰিছে সকলোৱে। যাতে, ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী স্বামী প্ৰাঞ্জলৰ পত্নী আৰু তেওঁলোকৰ তিনিমহীয়া সন্তানটিয়ে প্ৰকৃত ন্যায় লাভ কৰে। অসম চৰকাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ দাবী, ঊৰ্বশী মৰাণক প্ৰকৃত ন্যায়ৰ সমান্তৰালকৈ সংস্থাপন এটা দিয়াৰ ব্যৱস্থা কৰক। যাতে, নিষ্পাপ কণমানি তথা ২২ বছৰীয়া মহিলাগৰাকীয়ে এসাঁজ পেটে-ভাতে খাই এটা জীৱন কটাব পাৰে। কায়িকভাৱে প্ৰাঞ্জল মৰাণ নাথাকিলেও ঊৰ্বশী মৰাণৰ হৃদয়ৰ প্ৰতিটো কোণতে প্ৰাঞ্জল মৰাণ সদায়েই জীৱিত হৈ ৰওক। আৰু যেন কোনো ঊৰ্বশীয়ে একো একোজন প্ৰাঞ্জলক হেৰুওৱাবলগীয়া নহয়, তেনে ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰ তথা প্ৰশাসনে।

Leave A Reply

Your email address will not be published.