গণতন্ত্ৰৰ নামত কি চলিছে দেশত?

Share This Article

বৃহস্পতিবাৰে সংসদ ভৱনৰ পৰা বিজয় চ’কলৈকে কংগ্ৰেছ দলে এক প্ৰতিবাদী সমদল উলিয়ায়।এই প্ৰতিবাদী সমদলৰ নাম দিয়া হয় ‘ত্ৰিৰংগা মাৰ্চ’।দেশত গণতন্ত্ৰ ৰক্ষাৰ বাবেই এই পদক্ষেপ লৈছিল কংগ্ৰেছে৷বিৰোধী দলবোৰৰ ‘যুটীয়া সংসদীয় সমিতি’ গঠনৰ দাবীক সম্পূূৰ্ণ নস্যাৎ কৰি আহিছে শাসক দলে বিজেপিয়ে।কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডী চৰকাৰক এনেদৰে কঠোৰ ভাষাৰে সমালোচনা কৰে।আদানি ইছ্যু সম্পৰ্কত কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰাৰ ওপৰিও বিষয়টোৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি গঠনৰো তীব্ৰ বিৰোধিতা কৰি আহিছে শাসক দল বিজেপিয়ে।বৃহস্পতিবাৰে কনষ্টিটিউশ্যন ক্লাৱত এক সংবাদমেল সম্বোধন কৰি খাৰ্গেই কয় যে চৰকাৰে গণতন্ত্ৰৰ ওপৰত বহুত কিবাকিবি মন্তব্য আগবঢ়ায় যদিও এই গণতান্ত্ৰিক পৰম্পৰাক একেবাৰে অৱজ্ঞা কৰি আহিছে বিজেপিয়ে।বিৰোধী দলবোৰে ইয়াৰ বিৰোধিতা কৰে ।খাৰ্গেই কয় ‘ এই চৰকাৰৰ দিনত ৫০ লাখ কোটিৰ বাজেট ১২মিনিটত গৃহীত হয়।বিৰোধী দলবোৰে সদনত সদায় অশান্তিৰ সৃষ্টি কৰে বুলি শাসক দলে অভিযোগ কৰে।’খাৰ্গেই পুনৰ কয় ‘ অশান্তি কৰে শাসক দলে।আমি যেতিয়াই কিবা দাবী জনাও তেতিয়াই আমাক কথা ক’বলৈ দিয়া নহয়৷মোৰ ৫২ বছৰীয়া ৰাজনৈতিক জীৱনত এনে ঘটনাৰ অভিজ্ঞতা মোৰ প্ৰথমবাৰৰ বাবে হৈছে।১৮/১৯ টা ৰাজনৈতিক দলে একেলগে আদানি কেনেকৈ ২ৰ পৰা আঢ়ৈ বছৰৰ ভিতৰত ১২কোটিৰ সম্পত্তিৰ গৰাকী হ’ল তাক লৈ প্ৰশ্ন কৰিছিল।এই বিষয়টোৰ পৰা ফালৰি কাটি বিজেপিয়ে ৰাহুল গান্ধীয়ে ক্ষমা বিচৰাৰ দাবী তুলিছিল।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.