সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তীব্ৰ সংঘাত অসম বিজেপিত !

অসমত বিজেপিৰ শাসনৰ ইতিমধ্যে ৭ বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ দুটা মাহ বাকী৷নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত ড° হিমন্ত বিশ্ব শৰ্মা দলটোত প্ৰৱেশ কৰা দিনাৰ পৰাই স্পষ্টকৈ প্ৰকাশ পাইছিল।সেই সময়ত ড° হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ অহাত বিৰোধিতা কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।নবিজেপি -পুৰণি বিজেপিৰ সংঘাত জলজলপটপট হ’ল এইবাৰৰ বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত।বৃহস্পতিবাৰে বিজেপি দলে পালন কৰিলে ইয়াৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস। কিন্তু আশ্চৰ্যজনকভাৱে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত নাথাকিল দলৰ শৰ্মা শিবিৰৰ কোনো মন্ত্ৰী তথা ৬১ গৰাকী বিধায়ক৷বৰ্তমান দলটোৰ নিজাববীয়াকৈ ৬২ গৰাকী বিধায়ক আছে।এই বিধায়ক সকলৰ দলৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰতি নাই কোনো উৎকণ্ঠা তথা দলটোৰ প্ৰতি দায়িত্ববোধ।যিটো দলৰ প্ৰতীক চিহ্নত তেওঁলোক আজি মন্ত্ৰী বিধায়ক হৈ আছে সেই দলৰ প্ৰতিয়েই যেন তেওঁলোকৰ অনীহা।হয়,কাৰ্যক্ষেত্ৰত তাকেই প্ৰমাণিত কৰিলে বৃহস্পতিবাৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীয়ে।ড° হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ এগৰাকীক বাদ দি আন কোনো মন্ত্ৰীয়েই উপস্থিত নাথাকিল এই অনুষ্ঠানত৷কোন,ক’ত ব্যস্ত আছিল পিছৰ কথা কিন্তু ড° শৰ্মাৰ মন্ত্ৰীসভাৰ ১৫ গৰাকী মন্ত্ৰীৰেই ব্যস্ততাৰ অজুহাত হয়তো কোনো লোকেই মানি ল’ব নোৱাৰিব।দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিল মন্ত্ৰী হিচাপে ৰঞ্জিত দাস আৰু ৰঙিয়াৰ বিধায়ক তথা দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা।তদুপৰি দলৰ কাৰ্যালয়ত উপস্থিত থাকে প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই,প্ৰাক্তন সাংসদ নাৰায়ণ বৰকটকী আৰু প্ৰাক্তন সাংসদ ৰমেন ডেকা।নবিজেপিৰ প্ৰায়সংখ্যক মন্ত্ৰীয়েই ৰাজধানীতেই থাকিও কিয় বশিষ্ঠত থকা দলৰ কাৰ্যালয়ত ভূমুকি এটা মাৰিবলৈ সময় নাপালে সেইটোহে আশ্চৰ্যকৰ কথা।শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত কিছুদিন আগতেও কাৰো নাম উচ্চাৰণ নকৰাকৈ সমালোচনা কৰিছিল।সৌ সিদিনা অৰ্থাৎ ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰচাৰ অভিযান চলাবলৈ অহাৰ সময়ত গুৱাহাটীত থাকি গ’ল যদিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাতৰ বাবে সময় দিব নোৱাৰিলে।অথচ সেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকেই সেইদিনা মন্ত্ৰীসভাৰ লগত বহি প্ৰতিটো বিভাগৰ কামৰ খতিয়ান লোৱাৰ দৰে কামতো ব্যস্ত থকা দেখা গৈছিল।
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিৰ বাবেই আন কোনো এগৰাকী কেবিনেট মন্ত্ৰীয়ে অংশ নোলোৱা বুলি সৰ্বত্ৰে চলিছে গুণাগথা।কিয়নো বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মাজত এক লবী ৰাজনীতি চলি আছে বুলি ৰাজনৈতিক মহলত প্ৰায়ে চৰ্চা হয়।ড° শৰ্মাৰ সোঁৱেবাঁৱে থকা মন্ত্ৰীৰ ভিতৰত পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা দুয়োগৰাকীয়েই পুৰণি কংগ্ৰেছী আৰু শৰ্মাৰ ঘনিষ্ঠ বুলি সৰ্বজনবিদিত৷বৰ্তমানৰ শৰ্মা মন্ত্ৰীসভাত থকা মন্ত্ৰীসকলৰ ভিতৰত যি দুই চাৰিজন শৰ্মাৰ লগত ঘনিষ্ঠ নোহোৱা মন্ত্ৰী আছে তেওঁলোকৰ প্ৰায়ভাগেই প্ৰকৃতাৰ্থত নামতহে বিভাগটোৰ মূৰব্বী হিচাপে আছে বুলিও তেওঁলোকৰ ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰি আহিছে।প্ৰতিটো বিভাগৰ ওপৰতেই মুখ্যমন্ত্ৰীৰ প্ৰভাৱ তথা হস্তক্ষেপ আছে যদিও বিশেষ কেইজনমান মন্ত্ৰীৰ ক্ষেত্ৰত এই পক্ষপাতিত্ব স্পষ্ট৷আনকি সৌ সিদিনা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মায়ো বৰ্তমান চৰকাৰৰ তথাকথিত গতিশীলতাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল।বৃহস্পতিবাৰৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সৰহ সংখ্যক মন্ত্ৰী বিধায়ক উপস্থিত নথকাৰ কাৰণ মুখ্যমন্ত্ৰী শিবিৰক সন্তুষ্ট ৰখা বুলি দলৰ এক সূত্ৰই জানিবলৈ দিছে৷আনকি প্ৰাক্তন মুখ্যমন্ত্ৰীক পুৱা জন্মদিনৰ কেক দি নিশাৰ ভাগলৈ স্পষ্টীকৰণ দিবলগীয়াৰ দৰে ঘটনাও হোৱা বুলি বিজেপি কৰ্মীৰ মাজত আলোচনা হৈছিল।বিজেপি দল আৰু চৰকাৰৰ মাজত চলি থকা এই খামখেয়ালীয়ে আগন্তুক লোকসভা নিৰ্বাচনত কেনেধৰণৰ প্ৰভাৱ পেলায় সেয়া হ’ব লক্ষণীয়।

Leave A Reply

Your email address will not be published.