সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চৰকাৰী কৌশল : শাসকৰ স্বাৰ্থত জিলাই জিলাই সমষ্টিৰ সংখ্যা হ্ৰাস আৰু বৃদ্ধি

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত । অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰন আইন ২০০২ অনুসৰি । এই আইন অনুসৰি , সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ কৰা হয় ২০০১ চনৰ লোকপিয়ল অনুসৰি । সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত প্ৰতিখন জিলাত কিমান সমষ্টি থাকিব , সেয়া নিৰ্ধাৰণ কৰাৰ সুনিৰ্দিষ্ট নিয়ম আছে । এই নিয়ম স্পষ্টভাৱে উল্লেখ আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ গাইডলাইনত । সমষ্টি পুনৰ নিৰ্ধাৰণৰ গাইডলাইন অনুসৰি ,প্ৰতিটো সমষ্টিৰ গড় জনসংখ্যা নিৰ্ধাৰণ কৰা হয় ২০০১ ৰ লোকপিয়লক মুঠ সমষ্টিৰ সংখ্যাৰে হৰণ কৰি । সেই অনুসৰি, ২০০১ ত অসমৰ মুঠ জনসংখ্যা হ’ল ২,৬৬,৫৫,৫২৮ গৰাকী । অসমৰ মুঠ বিধানসভা সমষ্টিৰ সংখ্যা হ’ল ১২৬ । প্ৰতিটো সমষ্টিৰ গড় জনসংখ্যা নিৰ্ধাৰণ কৰিবলৈ হ’লে ২ কৌটি ৬৬ লাখ ৫৫ হাজাৰ ৫২৮ ক হৰণ কৰিব লাগিব ১২৬ ৰে । এইদৰে হৰণ কৰাৰ পাছত অসমৰ প্ৰতিটো সমষ্টিৰ গড় জনসংখ্যা হ’ল ২,১১,৫৫১ ।এই গড় জনসংখ্যাই কোন জিলাত কিমান সমষ্টি থাকিব , সেয়া নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।সমষ্টি পুনৰ নিৰ্ধাৰণৰ গাইডলাইনৰ ৫ নং দফাত উল্লেখ থকা অনুসৰি ২০০১ চনৰ এখন জিলাৰ মুঠ জনসংখ্যাক সমষ্টিৰ গড় জনসংখ্যাৰে হৰণ কৰি জিলাখনৰ সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ব ।কিন্তু এইদৰে জিলাৰ সমষ্টিৰ সংখ্যা নিৰ্ধাৰণৰ ক্ষেত্ৰত আশ্ৰয় লোৱা হ’ল অত্যন্ত কূটকৌশলৰ।কিছুমান জিলাত সমষ্টিৰ সংখ্যা কৌশলৰে হ্ৰাস কৰি , আন কিছুমান জিলাত কৌশলেৰে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা হ’ল ।দ্য ক্ৰছকাৰেন্টৰ অধ্যয়নত এয়া স্পষ্টকৈ ওলাই পৰিছে।
উদাহৰণ হিচাপে ল’ব পাৰি কোকৰাঝাৰৰ জিলাক ।২০০১ ৰ লোকপিয়ল অনুসৰি কোকৰাঝাৰৰ জনসংখ্যা হ’ল ৮,৪৩,২৪৩ ।এই জনসংখ্যাক ২,১১,৫৫১ ৰে হৰণ কৰিলে সংখ্যাটো হ’ব ৩.৯৯ ।ডিলিমিটেশ্যনৰ গাইডলাইন অনুসৰি , এই গড় সংখ্যা যদি দশমিকত থাকে তেনেহ’লে সেয়া এক দ্বিতীয়াংশতকৈ বেছি হ’লে তাক এক হিচাপে গণ্য কৰা হ’ব আৰু এক দ্বিতীয়াংশতকৈ কম হ’লে তাক অগ্ৰাহ্য কৰা হ’ব ।গতিকে , কোকৰাঝাৰ জিলাৰ ক্ষেত্ৰত সমষ্টিৰ সংখ্যা হ’ব ৪ ।কিন্তু শেহতীয়াকৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত কোকৰাঝাৰৰ সমষ্টিৰ সংখ্যা ৫ টা নিৰ্ধাৰণ কৰা হ’ল ৷পূৰ্বতে কোকৰাঝাৰৰ সমষ্টিৰ সংখ্যা আছিল ৩ । কিন্তু সেই সংখ্যা নতুন খচৰাত ৫ লৈ বৃদ্ধি কৰা হ’ল । যিটো গাইডলাইনৰ বিৰোধী কথা।কোকৰাঝাৰত সমষ্টিৰ সংখ্যা ২ টা বৃদ্ধি কৰাৰ বিপৰীতে ধুবুৰীত সমষ্টিৰ সংখ্যা এটা হ্ৰাস কৰা হ’ল ।২০০১ ৰ লোকপিয়ল অনুসৰি অবিভক্ত ধুবুৰীৰ জনসংখ্যা হ’ল ১৫,৬৬,৩৯৬ ।এই জনসখ্যাক ২,১১,৫৫১ ৰে হৰণ কৰিলে সংখ্যাটো হ’ব ৭.৪০ ।গতিকে দক্ষিণ শলমৰাসহ অবিভক্ত ধুবুৰী জিলাৰ মুঠ সমষ্টিৰ সংখ্যা হ’ব লাগিছিল ৭ টা ।নতুন খচৰাত অবিভক্ত ধুবুৰীৰ সমষ্টিৰ সংখ্যা ৬ টালৈ হ্ৰাস কৰা হ’ল।একেদৰেই সমষ্টি হ্ৰাস কৰা হৈছে বৰপেটা জিলাতো । ২০০১ ৰ লোকপিয়ল অনুসৰি বৰপেটাৰ জনসংখ্যা হ’ল ১৬,৪২,৪২০ ।এই জনসংখ্যাক ২,১১,৫৫১ ৰে হৰণ কৰিলে সংখ্যাটো হ’ব ৭.৭৮ ।গতিকে বৰপেটাৰ মুঠ সমষ্টিৰ সংখ্যা হ’ব লাগিছিল ৮ টা ।কিন্তু নতুন খচৰাত বৰপেটাৰ সমষ্টি ৬ টালৈ হ্ৰাস কৰা হ’ল ।একেদৰে , ২০০১ ৰ লোকপিয়ল অনুসৰি হাইলাকান্দিৰ মুঠ জনসংখ্যা হ’ল ৫,৪২,৮৭২।এই জনসংখ্যাক ২,১১,৫৫১ ৰে হৰণ কৰিলে সংখ্যাটো হ’ব ২.৫৬।গতিকে ,হাইলাকান্দিৰ সমষ্টিৰ সংখ্যা হ’ব লাগিছিল ৩ টা ৷কিন্তু নতুন খচৰাত হাইলাকান্দিৰ সমষ্টিৰ সংখ্যা নিৰ্ধাৰণ কৰা হ’ল ২ টা।এনেদৰেই ডিলিমিটেশ্যনৰ গাইডলাইনৰ বিপৰীতে গৈ অসমৰ জিলা ভিত্তিত সমষ্টিৰ সংখ্যা বঢ়োৱা বা কমোৱা হৈছে।ইয়াৰ বাবে আশ্ৰয় লোৱা হৈছে গাইডলাইনৰ এটা বিশেষ দফাৰ ।ডিলিমিটেশ্যন গাইডলাইনৰ তৃতীয় অনুচ্ছেদৰ ৪ নং দফাত উল্লেখ আছে যে কোনো জিলাৰ ভৌগোলিক পৰিস্থিতি , জনসাধাৰণৰ অসুবিধা আৰু প্ৰশাসনীয় গোটৰ বিভাজন আওকান কৰিবলৈ ডিলিমিটেশ্যন কমিছনে জিলাখনৰ জনসংখ্যা ১০ শতাংশ বৃদ্ধি বা হ্ৰাস কৰি গননা কৰিব পাৰে।কিন্তু কিহৰ ভিত্তিত জিলা বিশেষে জনসংখ্য কম বা বেছি কৰি গণনা কৰা হ’ল , সেয়া এতিয়াও স্পষ্ট হোৱা নাই।কিন্তু স্পষ্টভাৱে ধাৰণা কৰিব পাৰি যে সমষ্টিৰ সংখ্যা পুনৰ নিৰ্ধাৰন কৰাৰ ক্ষেত্ৰত শাসকীয় দলটোৰ ভোটৰ অংকক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে ।সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ পৰাই স্পষ্ট হৈ পৰিছে যে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আশ্ৰয় লোৱা হৈছে গভীৰ কৌশলৰ।

Leave A Reply

Your email address will not be published.