সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ বাবে অসমৰ বিশিষ্ট নাগৰিকৰ গোহাৰি

Share This Article

মণিপুৰৰ অশান্ত পৰিস্থিতিয়ে আমাক উদ্বিগ্ন আৰু চিন্তান্বিত কৰি তুলিছে। আজি এমাহতকৈও বেছি দিন ৰাজ্যখনত ভাতৃঘাতী সংঘৰ্ষ চলি আছে। এশজনতকৈও অধিক লোক ইতিমধ্যে হিংসাৰ বলি হৈ মৃত্যুমুখত পৰিছে। শ শ ঘৰ-বাৰী জ্বলাই ধ্বংস কৰি পেলোৱা হৈছে।হাজাৰ হাজাৰ মানুহ নিজৰ ঘৰৰপৰা পলাই গৈ হাবিয়ে বননিয়ে লুকাই থাকিব লগা হৈছে। ৰাজ্যখনত ইতিমধ্যে তিনিশ আশ্ৰয় শিবিৰ খোলা হৈছে।তেওঁলোকৰ বাবে বিভিন্ন ধৰণৰ সহায় আৰু সাহায্যৰ প্ৰয়োজন হৈছে।আনফালে, এক সৰ্বগ্ৰাসী ভয়, আতংক আৰু অনিশ্চয়তাই সমগ্ৰ মণিপুৰ ছানি পেলাইছে।মণিপুৰ এতিয়া এখন ৰাষ্ট্ৰহীন ৰাজ্য। মণিপুৰৰ জনসাধাৰণ হতাশাত ভাগি পৰিছে আৰু এক গভীৰ নিৰাপত্তাহীনতাত ভুগিছে।মণিপুৰৰ এই অস্থিৰ অৱস্থাই আমাক ব্যথিত কৰি তুলিছে।এই মুহূৰ্ত্তত আমি মণিপুৰৰ দুৰ্গত জনসাধাৰণৰ দুখ আৰু বেদনাৰ প্ৰতি সমব্যথা প্ৰকাশ কৰিছোঁ।হিংসাৰ দ্বাৰা কেতিয়াও মণিপুৰৰ জনসাধাৰণৰ সমস্যাৰ সমাধান নহয়।বৰং ই সমস্যা অধিক জটিল আৰু ভয়াবহ কৰি স্বাৰ্থান্বেষী লোকসকলকহে সহায় কৰিব।মণিপুৰৰ জনসাধাৰণে সন্মুখীন হোৱা এই দুৰৱস্থা আৰু বিপদৰ সময়ত অসমত থাকি আমি কি কৰিব পাৰোঁ? আমি কেৱল মেইটেই আৰু কুকি দুয়োটা জনগোষ্ঠীৰ লোকলৈ হিংসা পৰিহাৰ কৰি ৰাজ্যখনলৈ এক শান্তিৰ পৰিবেশ ঘূৰাই আনিবলৈ গোহাৰিহে জনাব পাৰোঁ। আমি সকলোৱে উপলব্ধি কৰা উচিত যে পাৰস্পৰিক ঘৃণা আৰু হিংসাই সমস্যা সমাধানত সহায় নকৰে।বৰং, ই দুয়োটা জনগোষ্ঠীৰ জীৱন অধিক দুৰ্বিষহহে কৰি তুলিব। হিংসা শীঘ্ৰেই বন্ধ হ’ব লাগিব।এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে ৰাজ্যখনলৈ এক শান্তিৰ বাতাবৰণ ঘৃৰাই আনিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব লাগিব। মণিপুৰৰ এনে অৱস্থাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী এতিয়ালৈকে নিশ্চুপ হৈ থকাত আমি বিচূৰ্তি মানিছোঁ। অনতিবিলম্বে ৰাজ্যখনলৈ শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাত তেওঁৰ হস্তক্ষেপ অতি জৰুৰী। অসম নাগৰিক সমাজৰহৈ নিৰুপমা বৰগোহাঞি, হীৰেন গোহাঁই, নগেন শইকীয়া, কুলদা কুমাৰ ভট্টাচাৰ্য্য, থমাছ মেনমপৰমপীল, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, জাহ্নু বৰুৱা, লক্ষ্মী গোস্বামী, বিমল ফুকন, শংকৰলাল গোৱেংকা, পৰমানন্দ মহন্ত, অৰূপ কুমাৰ দত্ত, হাইদৰ হুছেইন, তপোধীৰ ভট্টাচাৰ্য, অপূৰ্ব শৰ্মা, অপূৰ্ব কুমাৰ বৰুৱা, অৰূপা পটংগীয়া কলিতা, অনুৰাধা দত্ত, দুলাল চন্দ্ৰ গোস্বামী, গিৰীন ফুকন, নোমল বৰা, নিত্য বৰা, হৰ্ষ ভট্ট, প্ৰশান্ত ৰাজগুৰু, প্ৰীয়ম গোস্বামী, সন্ধ্যা গোস্বামী, শ্ৰীনাথ বৰুৱা, চন্দ্ৰমোহন শৰ্মা, তাৰকেশ্বৰ চৌধুৰী, যাদৱ পায়েং, লোকনাথ গোস্বামী, জ্যোতিৰ্ময় জানা, আব্দুল মান্নান, চন্দ্ৰকান্ত দাস, ধীৰেন্দ্ৰনাথ শইকীয়া, আবু নাছেৰ চৈঈদ আহমেদ, বসন্ত ডেকা, মনোৰমা শৰ্মা, প্ৰভাত বৰা,কমল নয়ন চৌধুৰী, পদ্মপাণি, পৰেশ মালাকাৰ, অজিত চন্দ্ৰ তালুকদাৰ, ৰশ্মি গোস্বামী, ইন্দ্ৰাণী দত্ত, কালীপ্ৰসাদ শৰ্মা, পৰমানন্দ মজুমদাৰ, মাইনী মহন্ত, শান্তনু বৰঠাকুৰ, দীপক গোস্বামী, পৱন চহৰীয়া, অখিল ৰঞ্জন দত্ত, দ্বীপেন বেজবৰুৱা, ৰাজীৱ সন্দিকৈ, ময়ুৰ বৰা, সুশান্ত কৰ, নজিবুদ্দিন আহমেদ, ভৱেশ ভাগৱতী, অনিল কুমাৰ চৌধুৰী, উজ্জ্বল ভৌমিক, বংশীধৰ বেজবৰুৱা, দুদুলমণি শৰ্মা, উত্তম বাথাৰী, মাধুৰ্য বৰুৱা, ত্বাহা আমিন, আৰু পদ্মলোচন নাথ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.