সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

খেলক লৈ ‘যুদ্ধ’ ভাৰত পাকিস্তানৰ !

ক’ত অনুষ্ঠিত হ’ব এছিয়া কাপ?দুই মেৰুত ভাৰত-পাকিস্তান !এছিয়া কাপৰ সৈতে পাকিস্তানৰ কাষত বাংলাদেশ আৰু শ্ৰীলংকা!
৯ দিনত ১৮০ ডিগ্ৰী পৰিৱৰ্তন বাংলাদেশ আৰু শ্ৰীলংকাৰ!এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপ ক্ৰিকেটক লৈ ভাৰত-পাকিস্তান দুয়োখন দেশে বৰ্তমানলৈকে লিপ্ত হৈ আছে বাক-বিতণ্ডাত । কিয়নো ভাৰতে প্ৰথমতেই এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নোযোৱাৰ সিদ্ধান্ত লৈছিল আৰু তাৰ পাছতেই পাকিস্তানে ভাৰতত এদিনীয়া বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।লগতে ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপ বৰ্জন কৰাৰ ধমকি বাৰে-বাৰে দি আছে পাকিস্তানে। ভাৰত আৰু পাকিস্তানৰ মাজত বহু বছৰ ধৰি অনুষ্ঠিত হোৱা নাই কোনো দ্বি-পাক্ষিক প্ৰতিযোগিতা। দুয়োখন দেশৰ হাইভল্টেজ মেচ মাত্ৰ এছিয়া কাপ আৰু বিশ্বকাপ ক্ৰিকেটৰ সময়তহে দেখিবলৈ পোৱা যায়। এতিয়া বিশ্ব ক্ৰিকেটপ্ৰেমীয়ে এছিয়া কাপ আৰু বিশ্বকাপ মেচতো দুয়োখন দেশৰ হাইভল্টেজ মেচ দেখিবলৈ নাপাব পাৰে।কিয়নো দুয়োখন দেশৰ ক্ৰিকেট ব’ৰ্ড নিজৰ সিদ্ধান্তত আছে অটল। এছিয়া ব’ৰ্ডৰ লগত প্ৰতিখন দেশৰ ক্ৰিকেট বৰ্ডৰ আলোচনা হোৱাৰ পাছতেই শ্ৰীলংকাত এছিয়া কাপ হোৱাৰ সম্ভাৱনা হোৱাৰ থকাৰ সময়তেই পুনৰ পাকিস্তানত এছিয়া কাপ আয়োজনত সন্মত হৈছে বাংলাদেশ আৰু শ্ৰীলংকা! উল্লেখ্য যে, ৯ দিনৰ আগতে বাংলাদেশ আৰু শ্ৰীলংকাই এছিয়া কাপ আয়োজনত ভাৰতৰ কাষত থিয় দিছিল।ভাৰতৰ লগতে বাংলাদেশ আৰু শ্ৰীলংকা এছিয়া কাপ আয়োজন কৰিবলৈ পাকিস্তানে আগবঢ়োৱা বিকল্পৰ বাবে সাজু নাছিল।কিন্তু ন দিনৰ পাছত, দুয়োখন দেশেই ১৮০ ডিগ্ৰীত পৰিৱৰ্তন হয় । এতিয়া বাংলাদেশ আৰু শ্ৰীলংকা পাকিস্তানৰ প্ৰস্তাৱত হৈছে সন্মত।পাকিস্তানী সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ নজম চেট্টীয়ে প্ৰস্তাৱ কৰা অনুসৰি বাংলাদেশ আৰু শ্ৰীলংকাই এছিয়া কাপ খেলিব বিচাৰে। এছিয়ান ক্ৰিকেট পৰিষদক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি জয় শ্বাহে কেইদিনমানৰ ভিতৰতে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। তাতেই পাকিস্তানে দিয়া প্ৰস্তাৱৰ সন্দৰ্ভত আলোচনা কৰা হ’ব। পাকিস্তানত এছিয়া কাপ অনুষ্ঠিত হ’লে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক এছিয়া কাপৰ বাবে পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লৈছিল।যোৱা টি-২০ বিশ্বকাপৰ সময়তো বিচিচিআইৰ সচিব জয় শ্বাহে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছিল। এই স্থিতিত এতিয়াও অটল আছে বিচিচিআই। এনে পৰিস্থিতিত, পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এছিয়া কাপৰ বিকল্পৰ প্ৰস্তাৱ দিছিল। এছিয়া কাপৰ আয়োজক দেশ পাকিস্তানে কৈছিল কেৱল ভাৰতৰ খেলসমূহ এখন নিৰপেক্ষ দেশত অনুষ্ঠিত হ’ব। কিন্তু বিচিচিআই সেই বিকল্প প্ৰস্তাৱৰ বাবে সাজু নহয়।ভাৰতে বিচাৰে যে সমগ্ৰ প্ৰতিযোগিতাখন পাকিস্তানৰ পৰিৱৰ্তে আন এখন দেশত অনুষ্ঠিত হোৱাটো। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলে এনে পৰিস্থিতিৰ বাবে সংযুক্ত আৰৱ আমিৰাটছত এছিয়া কাপ আয়োজন কৰাৰ কথা বিবেচনা কৰি আছে। এতিয়া এনে পৰিস্থিতিত এছিয়া কাপ পাকিস্তানতেই অনুষ্ঠিত হয় নে আন দেশত অনুষ্ঠিত হয় সেয়া সময়েহে ক’ব। নে এনে খামখেয়ালিৰ মাজত এছিয়া কাপ অনুষ্ঠিত হয় নে নহয় সেয়াও হ’ব লক্ষণীয়।

Leave A Reply

Your email address will not be published.