সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? WHO ৰ পৰা উত্তৰ লাগে ভাৰতক

ক’ৰ পৰা বিয়পিল ক’ৰোনা ? ভাৰতেও এই প্ৰশ্নৰ উত্তৰ বিচাৰিলে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা ৷ আনহাতে , এই ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই এতিয়ালৈকে কি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে -তাৰো নিৰপেক্ষ মূল্যায়ন বিচাৰিছে ভাৰতসহ বিশ্বৰ ৬২ খন দেশে৷ উল্লেখ্য যে ,আজিৰ পৰা আৰম্ভ হ’ব বিশ্ব স্বাস্থ্য সভাৰ ৭৩ সংখ্যক বৈঠক ৷ এই বৈঠকৰ পূৰ্বে ইউৰোপীয় ইউনিয়ন আৰু অষ্ট্ৰেলিয়াই বিশ্ব স্বাস্থ্য সংস্থাৰ ওচৰত এই দাবী উত্থাপন কৰি যি প্ৰস্তাব প্ৰস্তুত কৰিছে ,তাত ভাৰতৰ লগতে আন ৬২ খন দেশে সমৰ্থন দিছে৷ আটাইকেখন দেশেই ক’ৰোনা ক’ৰ পৰা বিয়পিল আৰু তাক প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই কি পদক্ষেপ ল’লে ,তাৰ উত্তৰ বিচাৰিছে সংস্থাটোৰ পৰা ৷ ইউৰোপীয় ইউনিয়নৰ ২৭ খন দেশৰ বাহিৰে এই প্ৰস্তাবত সন্মতি দিয়া আন ৩৫ খন দেশৰ ভিতৰত জাপান ব্ৰিটেইন ,জাপান ,নিউজিলেণ্ড , দক্ষিণ কোৰিয়া ,ব্ৰাজিল ,কানাডা আদি আছে৷ আমেৰিকা আৰু চীন এই প্ৰস্তাবৰ লগত জড়িত নাই ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.