সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা : ৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতে

৭০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে ভাৰতত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই৷ অৱশ্যে সোমবাৰৰ দিনটোত ভাৰতত ক’ৰোনা সংক্ৰমনৰ হাৰ কিছু হ্ৰাস পাইছে৷
• সোমবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৩৬০৪ গৰাকী লোক ক’ভিড ১৯ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷এতিয়া দেশখনত মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’ল ৭০,৭৫৬ গৰাকী৷
• যোৱা ২৪ ঘন্টাত ৮৭ গৰাকী ৰোগী মৃত্যুমুখত পৰিছে৷ দেশত এতিয়ালৈকে ক’ৰোনাত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা হ’ল ২,২৯৩৷
• ৰোগী সুস্থ হৈ উঠাৰ হাৰ ৩১%৷ ৪৬,০০৮ গৰাকী ৰোগী এতিয়াও চিকিৎসাধীন হৈ আছে৷
• সোমবাৰে তামিলনাডুত চিনাক্ত হৈছে ৮০০ নতুন ক’ৰোনা পজিটিভ কেছ৷ ৰাজ্যখনত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৮,০০২৷
• মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টাত ১২০০ লোকৰ দেহত ক’ৰোনাৰ সংক্ৰমন ধৰা পৰিছে৷ তাত ক’ৰোনা ৰোগীৰ মুঠ সংখ্যা হ’ল ২৩,৪০১৷
• অসমতো কালি দুজন লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে৷ অসমত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৬৪৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.