ছাত্ৰৰ বাবে বেয়া খবৰ ৷কটনত আসন কমিল ৷

Share This Article

কটনত উচ্চতৰ মাধ্যমিকৰ আসন হ্ৰাস

অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বেয়া খবৰ। ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত হ্ৰাস কৰা হল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ আসন।বিজ্ঞান শাখাত ১৮০ খন আৰু কলা শাখাত ৪০ খন আসন হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।এইবাৰ বিজ্ঞানৰ চাৰিটা শাখাত মুঠ ৩২০ খন আৰু কলা শাখাত ১২০ খন আসনত নামভৰ্তি কৰা হব।আজি বিশ্ববিদ্যালয় খনৰ শৈক্ষিক পঞ্জী়য়ক এছ কে দত্তই এই কথা সদৰি কৰিছে।পূৰ্বতে বিজ্ঞানৰ ৫০০ আৰু কলাৰ ১৬০ খন আসনত নামভৰ্তি কৰা হৈছিল।স্বাভাবিকতে ইয়াৰ ফলত বহু মেধাৱী ছাত্ৰ ছাত্ৰী কটনত নামভৰ্তিৰ পৰা বঞ্চিত হব।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau