সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক্ৰিকেটপ্ৰেমীয়ে কিয় মনত ৰাখিব লতা মংগেশকাৰক ?

লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই ৷ কিন্তু ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে তেও হৈ ৰ’ব চিৰস্মৰণীয় ৷ কাৰণ, ১৯৮৩ চনত ভাৰতীয় ক্ৰিকেট দলে যেতিয়া বিশ্বকাপ ক্ৰিকেট জয় কৰিছিল , তেতিয়া ক্ৰিকেট দলটোক পুৰষ্কৃত কৰিবলৈ বি চি চি আইৰ ওচৰত কোনো ধন নাছিল ৷ সেইবাবেই বি চি চি আয়ে সহায় বিচাৰিলে লতা মংগেশকাৰৰ ৷ দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰা হ’ল লতা মংগেশকাৰ কনচাৰ্ট ৷ এই অনুষ্ঠানৰ পৰা সংগ্ৰহ হ’ল ২০ লাখ টকা ৷ এই ধনৰ পৰাই বিশ্বকাপ বিজয়ী দলটোৰ প্ৰতিগৰাকী সদস্যক দিয়া হ’ল এক লাখকৈ টকাৰ পুৰষ্কাৰ ৷

Leave A Reply

Your email address will not be published.