লতা মংগেশকাৰক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী

Share This Article

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কোকিল কণ্ঠী গায়কা লতা মংগেশকাৰে ৷ ২৯ টা দিন জীৱন মৃত্যুৰে যুঁজ দিয়াৰ পাছত তেও চিৰবিদায় মাগে ৷ লতা মংগেশকাৰৰ মৃত্যুৰ পাছত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে ৷ এই দুদিন ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব ৷
দুপৰীয়া ১.১০ বজাত তেওৰ নশ্বৰদেহ মুম্বাইৰ প্ৰভুকুঞ্জস্থিত বাসগৃহলৈ নিয়া হয় ৷ লতা মংগেশকাৰক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে বিয়লি ৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ব মুম্বাইত ৷
তাৰ পাছতে সন্ধিয়া মুম্বাইৰ শিবাজী পাৰ্কত তেওৰ অন্তিম সৎকাৰ কৰা হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.