সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লতা মংগেশকাৰক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাওনা হ’ল প্ৰধানমন্ত্ৰী

৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কোকিল কণ্ঠী গায়কা লতা মংগেশকাৰে ৷ ২৯ টা দিন জীৱন মৃত্যুৰে যুঁজ দিয়াৰ পাছত তেও চিৰবিদায় মাগে ৷ লতা মংগেশকাৰৰ মৃত্যুৰ পাছত দুদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে ৷ এই দুদিন ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হ’ব ৷
দুপৰীয়া ১.১০ বজাত তেওৰ নশ্বৰদেহ মুম্বাইৰ প্ৰভুকুঞ্জস্থিত বাসগৃহলৈ নিয়া হয় ৷ লতা মংগেশকাৰক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে বিয়লি ৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ব মুম্বাইত ৷
তাৰ পাছতে সন্ধিয়া মুম্বাইৰ শিবাজী পাৰ্কত তেওৰ অন্তিম সৎকাৰ কৰা হ’ব ৷

Leave A Reply

Your email address will not be published.