সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ?

কৰোনাৰ আতংক অব্যাহত৷তাৰমাজতে কেৰালাত এতিয়া জিকা ভাইৰাছৰ আতংক  আৰম্ভ হৈছে৷কিন্তু কেৰালাত আতংকৰ সৃষ্টি কৰা কি এই জিকা ভাইৰাছ?

জিকা ভাইৰাছ হৈছে এডিচ প্ৰজাতিৰ এবিধ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ভাইৰাছ৷এডিচ প্ৰজাতিৰ মহে সাধাৰণতে দিনত কামোৰে আৰু ডেংগু-সালধীয়া জ্বৰ আদি ৰোগত মানুহক আক্ৰান্ত কৰে৷যৌন মিলনৰ জৰিয়তেও এই ভাইৰাছ সংক্ৰমিত হব পাৰে৷সংক্ৰমিত হব পাৰে গর্ভৱতী মহিলাৰ পৰা সন্তানৰ ভ্ৰুণলৈ৷বিশ্ব স্বাস্থ্য সংস্থাৰ মতে এই ৰোগৰ লক্ষণ সমূহ খুব কমেই পৰিষ্ফুট হয়৷৫ জনৰ ভিতৰত এজন আক্ৰান্তৰ দেহতহে সাধাৰনতে ইয়াৰ লক্ষণ পৰিলক্ষিত হয়৷অর্থাৎ জিকা ভাইৰাছ সাধাৰণতে এবিধ লক্ষণবিহীন ৰোগৰ কাৰক৷ইয়াৰ সাধাৰণ লক্ষণ সমূহ হৈছে জ্বৰ,মূৰৰ বিষ,বাহু আৰু পেশীৰ বিষ ইত্যাদি ইত্যাদি৷

- Donation -

United States Centre for Disease Control and Prevention ৰ মতে কৰোনা ভাইৰাছৰ দৰেই জিকা ভাইৰাছৰ কোনো পৃথক চিকিৎসা নাই৷লক্ষণৰ ওপৰত ভিত্তি কৰিয়েই ইয়াৰ চিকিৎসা কৰা হয়৷সাধাৰণতে জিকা ভাইৰাছত আক্ৰান্তৰ মৃত্যুৰ হাৰো তেনেই নগন্য৷

জিকা কোনো নতুন ভাইৰাছৰ নহয়৷দশক দশক ধৰি জিকা ভাইৰাছৰ অবস্থিতিৰ সন্ধান পোৱা গৈছে৷১৯৪৭ চনত প্ৰথমবাৰলৈ উগাণ্ডৰ বান্দৰৰ দেহত চিনাক্ত হৈছিল জিকা অবস্থিতি৷১৯৫২ চনত ই প্ৰথমবাৰলৈ চিনাক্ত হৈছিল মানব দেহত৷

বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবচাইটত উপলব্ধ তথ্য অনুসৰি জিকা ভাইৰাছৰ উৎপত্তিৰ তথ্য পোৱা যায় আফ্ৰিকা,আমেৰিকা আৰু এচিয়াৰ বিশেষ কিছুমান অঞ্চলত৷১৯৬০ চনৰ পৰা ১৯৮০ চনলৈ এচিয়া আৰু আফ্ৰিকাৰ ভিন্ন স্থানত ইয়াৰ অস্তিত্বৰ সন্ধান পোৱা গৈছিল৷কিন্তু বিশেষ আৰু চিন্তনীয়ভাবে জিকা ভাইৰাছৰ সংক্ৰমণৰ প্ৰথম ঘটনা সংঘটিত হৈছিল মাইক্ৰ’নেচিয়াৰ য়েপ নামৰ এটা দ্বীপত৷যিয়ে ফ্ৰেন্স পলিনেচিয়াকে আদি কৰি বিভিন্ন দেশত ২০১৩ চনত বৃহৎ গনসংক্ৰমণৰ ৰুপ ধাৰণ কৰিছিল৷২০১৫ চনত ই ব্যাপক সংক্ৰমণৰ সূচনা কৰিছিল ব্ৰাজিলত৷আজিৰ দিনটোলৈ বিশ্বৰ প্ৰায় ৮৬ খন ৰাজ্যত যিকা ভাইৰাছ সংক্ৰমণ  চিনাক্ত হৈছে৷

Leave A Reply

Your email address will not be published.