সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কথা বেছি কোৱা বাবেই বিপদত পৰে নেকি প্ৰধানমন্ত্ৰী?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিউজ নেশ্যনৰ এটা সাক্ষাৎকাৰত তেওঁৰ টেকনলজীৰ প্ৰতি থকা আগ্ৰহৰ বাবে ১৯৮৭ চনতেই ইমেইল ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল।কিন্তু মোডীক বাদ দি সমগ্ৰ দেশত প্ৰথম ইমেইল ব্যৱহাৰ হৈছিল ১৯৯০ চনৰ পিছতহে।মোডীয়েই একমাত্ৰ ব্যক্তি যিগৰাকীয়ে নেকি দেশত ইমেইল ব্যৱহাৰৰ আৰম্ভণিৰ প্ৰায় ৭ বছৰ পূৰ্বেই নিজে মেইল ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল।ঠিক সেইদৰে ডিজিটেল কেমেৰাও তেতিয়াই মানে ১৯৮৭ চনতেই ব্যৱহাৰ কৰিছিল বুলি প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।তেওঁ ১৯৮৭ চনত ক্ৰয় কৰা ডিজিটেল কেমেৰাৰে বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদোৱানীৰ ফটো তুলিছিল বুলিও উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে।কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে যেতিয়া ডিজিটেল কেমেৰা ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছিল ,সেই সময়ত জাপানেও কেমেৰা বিক্ৰী কৰা নাছিল।প্ৰধানমন্ত্ৰী মোডীয়ে ডিজিটেল কেমেৰা বিক্ৰী আৰম্ভ হোৱাৰ ৮ বছৰ আগতেই কেমেৰা ক্ৰয় কৰাৰ কথা কৈছিল।সেই কেমেৰাৰে তেওঁ লালকৃষ্ণ আদৱানীৰ ফটো তুলিছিল।নিউজ নেশ্যনক দিয়া সাক্ষাৎকাৰটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিন্দীতেই কৈছিল ‘ মই ১৯৮৭/৮৮ চন মানতেই ডিজিটেল কেমেৰা ব্যৱহাৰ কৰিছিলোঁ।আনকি সেই সময়তে মই ইমেইল ব্যৱহাৰ কৰিছিলোঁ।সেই সময়ত খুব কম মানুহেহে হয়তো ইমেইল ব্যৱহাৰ কৰিছিল।সেই সময়ত বীৰাগাম টেহচিলত আদৱানীজীৰ এক শোভাযাত্ৰা অনুষ্ঠিত হৈছিল।সেই সময়ত ডিজিটেল কেমেৰাটো যথেষ্ট ডাঙৰ আছিল৷মই আদৱানীজীৰ ফটো তুলি তাক প্ৰিণ্ট কৰিবলৈ দিল্লীলৈ পঠিয়াইছিলোঁ।পিছদিনা সেই ৰঙীন ফটোখন প্ৰকাশ পাইছিল৷আদৱানীজীয়ে দিল্লীত প্ৰকাশ পোৱা ৰঙীন ফটো দেখি আচৰিত হৈছিল।’ মোডীৰ এই সাক্ষাৎকাৰৰ পিছত ইণ্ডিয়া টুডেৰ এন্টি ফেক নিউজ ৱাৰ ৰূমে মোডীৰ ডিজিটেল কেমেৰা আৰু ইমেইল ব্যৱহাৰ সম্পৰ্কত কিছু তথ্য সংগ্ৰহ কৰিছিল।সেই অনুসৰি ১৯৮৮ চনত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰ একেবাৰে সীমিত আছিল।কেৱল বিজ্ঞানী আৰু বিশেষজ্ঞ সকলেহে সেই সময়ত ইমেইল ব্যৱহাৰ কৰিছিল।ভাৰতত ১৯৯৫ চনৰ ১৫ আগষ্টতহে বিদেশ সঞ্চাৰ নিগম লিমিটেডে জনসাধাৰণৰ বাবে ইণ্টাৰনেট সেৱা মুকলি কৰি দিছিল।মাছেবেল নামৰ টেকনলজী ৱেবছাইটৰ মতে Kotak DSC 100 আছিল প্ৰথম ডিজিটেল কেমেৰা।১৯৯১ চনত প্ৰথম এই কেমেৰা ব্যৱহাৰ কৰা হৈছিল।সেই সময়তে সেই কেমেৰাৰ মূল্য আছিল ১০ হাজাৰ ডলাৰ যিটো এগৰাকী সাধাৰণ ৰাজনীতিকৰ বাবে ক্ৰয় কৰাটো সহজ নাছিল।অৱশ্যে প্ৰধানমন্ত্ৰী মোডীৰ অতীতৰ এই কাহিনীবোৰ অপ্ৰকাশিত হৈয়ে থাকি গ’লহেঁতেন যদি সেই সাক্ষাৎকাৰতে তেওঁ বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ সময়ত ভাৰতীয় বায়ুসেনাক ডাৱৰৰ সহায় লৈ পাকিস্তানৰ ৰাদাৰৰ আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰখাৰ পৰামৰ্শ দিছিল বুলি নিজে দাবী নকৰিলেহেঁতেন।

Leave A Reply

Your email address will not be published.