টেনচন বাঢ়িছে বিজেপিৰ !

Share This Article

বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা বিজেপিৰ বাবে আছিল এক প্ৰচণ্ড মূৰৰ কামোৰণি।ভাৰত জোড়ো যাত্ৰাই জনতাৰ লগত এক নিকট সম্পৰ্ক স্থাপনত সহায় কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা দিল্লীত প্ৰৱেশৰ সময়তে আনকি ক’ভিডৰ ঢৌ আনি যাত্ৰা স্থগিত ৰখাৰ চেষ্টা চলাইছিল কেন্দ্ৰীয় চৰকাৰে।ভাৰত জোড়ো যাত্ৰা ব্যাপকভাৱে যে সফল হৈছিল তাৰ ফল শেহতীয়া কৰ্ণাটক আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ ফলাফলে প্ৰমাণ কৰিলে।বিজেপিৰ দ্বিতীয় টেনচনটো হ’ল কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলক লৈ৷শাসনত থকা দুখন ৰাজ্য ক্ৰমে কৰ্ণাটক আৰু হিমাচল প্ৰদেশ হেৰুওৱাৰ পিছত বিজেপিয়ে আগতীয়া গতিবিধি চাই মধ্য প্ৰদেশো যে হেৰুৱাব সেই কথাত একপ্ৰকাৰ নিশ্চিত হৈছে৷বিজেপিৰ তৃতীয় টেনচটো হ’ল ১৬১ খন আসনকলৈ।বিগত লোকসভা নিৰ্বাচনত মুঠ ৫৪৩ খন আসনৰ ৩০৩ খন আসন লাভ কৰিছিল যদিও ১৬১খন আসনত মূল প্ৰতিন্দন্দ্বী আছিল কংগ্ৰেছ দল৷কংগ্ৰেছ দলৰ প্ৰতিন্দন্দ্বী সকলৰ লগত কম ভোটৰ ব্যৱধানত জয়ী হৈছিল বিজেপি প্ৰাৰ্থী।তেনেদৰে জয়ী হোৱা প্ৰাৰ্থী সকলৰ সৰহসংখ্যক প্ৰাৰ্থীয়েই আছিল মধ্য প্ৰদেশ,ৰাজস্থান,কৰ্ণাটকৰ।বিজেপিৰ হাৱা আৰু মোডী মেজিক সম্পূৰ্ণ সক্ৰিয় হৈ থকাৰ পৰতো ইমান কম ভোটত জয়ী হোোৱাটোৱে সেইবোৰ সমষ্টিত যে বিজেপিৰ ভেটি সবল নহয়,সেইটোৱে প্ৰতিপন্ন কৰিছে বুলি বিজেপি পতিয়ন গৈছে।চতুৰ্থ টেনচনৰ কাৰণটো হ’ল বিৰোধী দলবোৰৰ একত্ৰিত বৈঠক।পাটনাত অনুষ্ঠিত বৈঠক বিজেপিৰ বাবে শেহতীয়াকৈ এক বৃহৎ মূৰৰ কামোৰণি হিচাপে বিবেচিত হৈছে।মুঠ ১৮ টা বিৰোধী দলে একত্ৰিতভাৱে শুকুৰবাৰে পাটনাত বৈঠকত বহে যাক লৈ বিৰোধী উৎসাহী হোৱাৰ বিপৰীতে বিজেপি হৈছে দিশহাৰা।২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনক লৈ পেটতে হাতভৰি লুকাইছে বিজেপিৰ !যিমানেই বিৰোধী দলবোৰ ইটো আনটোৰ কাষ চাপিছে,সিমানেই ধৈৰ্যচ্যুতি ঘটিছে বিজেপিৰ !বিৰোধী নেতাৰ ঘৰ ,কাৰ্যালয়ত শাসক দল বিজেপিয়ে নিজ খেয়াল খুচিমতে ED,CBI,আয়কৰ বিভাগৰ অভিযান চলায়ো ক্ষান্ত কৰিব পৰা নাই বিৰোধীক।তাতে আকৌ পাটনাত অনুষ্ঠিত বিৰোধীৰ বৈঠকেও চিন্তিত কৰিছে বিজেপিক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.