মণিপুৰ জ্বলিছে, অসম ডুবিছে অথচ বাইডেনৰ পত্নীলৈ হীৰাৰ আঙঠি !

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে আমেৰিকাত।অথচ দেশৰ নাগৰিকৰ আৰ্তনাদ শুনিবলৈ সময় নাই প্ৰধানমন্ত্ৰী মোডীৰ।অসমৰ সন্মান গামোচা ডিঙিত লৈ অসমৰ মানুহক বাৰে-বাৰে আভুৱা ভৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া আমেৰিকাত।কূটনৈতিক ভ্ৰমণত। ইফালে আকৌ অসম আজি পানীৰ তলত। কিন্তু বানত ককবকাই থকা অসমৰ প্ৰতি চকু মেলি চাবলৈ অকণো সময় নাই কেন্দ্ৰৰ।দেশৰ অভিভাৱক প্ৰধানমন্ত্ৰী মোদীয়ে নাজানে অসমত কি হৈছে? আনহাতে মণিপুৰ আজিও অশান্ত। মণিপুৰ আজিও জ্বলিছে। মণিপুৰ সন্দৰ্ভত উদ্দেশ্যপ্ৰণোদিত ৰহস্যজনক পৰিস্থিতিত আজিও মৌন প্ৰধানমন্ত্ৰী মোডী। দেশৰ প্ৰধানমন্ত্ৰীৰ বুকু কঁপি উঠা নাই। মণিপুৰৰ জনতাৰ কান্দোন শুনি প্ৰধানমন্ত্ৰীৰ গা শিয়ঁৰি উঠা নাই। এয়া কেনে নেতা? যি নেতাই দেশৰ এখন অংগৰাজ্যৰ দুখৰ সময়ত এষাৰ সহমৰ্মিতাৰ মাত মুখেৰে দিব নোৱাৰে। প্ৰজাৰ বুকুত গোৰ মাৰি হাঁহি থকা মানুহজন কেনেকৈ দেশৰ ৰজা হ’ব? কেনেকৈ দেশৰ নেতা হ’ব? মণিপুৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি বাৰে বাৰে দোহাৰী থকা দেশৰ প্ৰধানমন্ত্ৰীজনে কৰো বুলিয়েই অৱজ্ঞা কৰিলে উত্তৰ-পূৱৰ সমস্যাক। ভোট বিচাৰিবলৈ হ’লে উত্তৰ-পূৱ। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ কাঢ়িবলৈ হ’লে কেন্দ্ৰ আহে হামৰাও কাঢ়ি। কিন্ত মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত কেন্দ্ৰ আজি মৌন।মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত চুড়ান্তভাৱে ব্যৰ্থ কেন্দ্ৰ। কিন্ত তাৰ পাছতো বিজেপি চৰকাৰখনে নিৰ্লজ্জভাৱে হৰ-হৰ মোডী, ঘৰ-ঘৰ মোডী শ্লোগান দিয়েই আছে। মোডীৰ বিশ্বগুৰু হোৱাৰ নাটক চলিয়েই আছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত এটা মাথোঁ ফোন কলেৰেই ধমক দিয়া বুলি দাবী কৰা মোডী আজি ব্যৰ্থ।মোডী ব্যৰ্থ নিজ দেশৰ এখন অংগৰাজ্যৰ দুটা জনগোষ্ঠীৰ মাজত সংঘটিত গোষ্ঠীগত সংঘাত নিয়ন্ত্ৰণত। দেশৰ এখন ৰাজ্য আজি ধ্বংসৰ মুখত। বঙহেই কাটিছে বঙহক। বঙহেই মাৰিছে বঙহক। তথাপিও আহৰি নাই প্ৰধানমন্ত্ৰীৰ।মুখেৰে এষাৰ মাত ওলোৱা নাই প্ৰধানমন্ত্ৰী মোডীৰ। যেন মণিপুৰ জ্বলিছে জ্বলক। মণিপুৰৰ মানুহ মৰিছে মৰক।মণিপুৰৰ গোষ্ঠী-সংঘৰ্ষক লৈ একেবাৰে নিমাত দেশৰ প্ৰধানমন্ত্ৰী মোডী।কিন্ত নিজ দেশক, নিজ দেশৰ নাগৰিকক সুৰক্ষা দিব নোৱাৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনৰ বাবে এতিয়া দেশত নাথাকে।প্ৰধানমন্ত্ৰী মোডী পুৱাতেই দিল্লীৰ পৰা ৰাওনা হ’ল আমেৰিকালৈ।পুৱতি নিশা ১.৩০ বজাত আমেৰিকাত অৱতৰণ কৰিবলগীয়া মোডীৰ আছে বহু দীঘলীয়া কাৰ্যসূচী।মূলতঃ নিজ দেশৰ নাগৰিকক সুৰক্ষা দিব নোৱাৰা প্ৰধানমন্ত্ৰী মোডী গৈছে জ’ বাইদেনক উদ্ধাৰ কৰিবলৈ।দ্বিতীয়বাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আমেৰিকাত বাস কৰা ১৪ লাখ প্ৰবাসী ভাৰতীয়ক নিজৰ সৈতে বিচাৰিয়েই জ’ বাইডেনে চৰকাৰী ভাৱে আমন্ত্ৰণ জনাইছে মোডীক।আৰু এতিয়া বাইদেনক উদ্ধাৰ কৰিবলৈ গৈ মোদীয়ে পাহৰিলে নিজ দেশৰেই কথা।আৰু সেই মোডীয়েই এতিয়া আমেৰিকাৰ ফাৰ্ষ্ট লেডীক উপহাৰ দিয়ে চাৰে সাত কেৰেটৰ হীৰাৰ আঙঠিসহ কোটিটকীয়া উপহাৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.