সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এৰা বনি কিমান আৰু পেৰা খাব জুবিন গাৰ্গে?

কণ্ঠশিল্পী জুবিন গাৰ্গৰ অনুগামীৰ সীমাসংখ্যা নাই।জুবিন গাৰ্গে মঞ্চত গীত পৰিৱেশন কৰিবলৈ উঠিলেই মঞ্চৰ তলত দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰাটো নিত্যনৈমিত্তিক ঘটনাৰ দৰে।এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ ক্ষেত্ৰত এই দৃশ্য একেবাৰে সহজলভ্য।কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে জুবিন গাৰ্গে তেওঁৰ এই পৰ্বতসম জনপ্ৰিয়তাক ব্যৱহাৰ কৰে নেকি ?নে তেওঁ চৰকাৰী শাসনযন্ত্ৰৰ দ্বাৰা নিজেই ব্যৱহৃত হয় ?২০১৯ চনৰ কা আন্দোলনৰ সময়ত জুবিন গাৰ্গে কা -বলবতৰ বিৰোধিতাৰে সমগ্ৰ আন্দোলনৰ নেতৃত্ব লৈছিল।২০১৯ চনৰ ১১ ডিচেম্বৰত জুবিন গাৰ্গৰ আহ্বানতেই হাজাৰ হাজাৰ যুৱপ্ৰজন্মৰ প্ৰতিনিধি সমবেত হৈছিল লতাশিল খেলপথাৰত।সেই বিশেষ দিনটোতেই জুবিন গাৰ্গৰ আহ্বান ৰক্ষা কৰি লগতে জুবিন গাৰ্গক কাষৰ পৰা চাবলৈ উদ্বাউল হৈ পৰিছিল হাতীগাঁৱৰ চেম ষ্টেফৰ্ড।কা আন্দোলনত অংশ লৈ উভতি আহি হাতীগাঁৱত আৰক্ষীৰ গুলীত ঢলি পৰিছিল চেম।কেৱল চেমেই নহয় মুঠ ৫ গৰাকী লোক সেইদিনা আৰক্ষীৰ গুলীত নিহত হৈছিল।কা আন্দোলনৰ অগনি দপদপকৈ জ্বলি আছিল প্ৰায় এটা মাহ।চৰকাৰী পক্ষক বাদ দি সকলো লোকেই অংশগ্ৰহণ কৰিছিল এই আন্দোলনত।তাৰেই যেন সুযোগ লৈছিল জুবিন গাৰ্গ আৰু তেওঁক ব্যৱহাৰ কৰি বাঃবাঃ লোৱা আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ দৰে ছাত্ৰনেতাই।কটন,সন্দিকৈ,বি বৰুৱা কলেজৰ ছাত্ৰছাত্ৰীয়ে অংশ লোৱা আন্দোলনটো জুবিন গাৰ্গ আৰু আছুৰ নেতৃত্বত এক গানবাজনাৰ থলীলৈ সলনি হ’ল।জুবিন গাৰ্গকে ধৰি সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত সংগীত শিল্পীয়ে দৈনিক ৰং বিৰঙৰ ছানগ্লাছ,বিভিন্ন ৰং বিৰঙী সাজপোছাক পৰিধান কৰি প্ৰতিবাদস্থলীখন কৰি পেলালে এখন মঞ্চ।ৰাজ্য আৰু ৰাজ্যবাসীৰ সমস্যাৰ চৰ্চা হোৱাৰ বিপৰীতে তাত চৰ্চা হ’ল গান-বাজনাৰ !সিমানলৈকেও জনতাই সহ্য কৰিছিল।কা আন্দোলনত প্ৰাণ হেৰুওৱা ৫ জন শ্বহীদে ন্যায় পাব বুলিয়েই মানুহে ধাৰণা কৰিছিল।কিন্তু ২০২০ চনৰ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ গুৱাহাটীৰ এক অনুষ্ঠানত ঢলি পৰিল।তাৰ পিছতেই তেওঁক গুবাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাই মুম্বাইলৈ জিৰণিৰ প্ৰয়োজন বুলি লৈ যোৱা হয়।এনেদৰে কেইবামাহো জিৰণি লোৱাৰ পিছত অসম চৰকাৰৰ আতিথ্যত তেওঁ গুৱাহাটীত উপস্থিত হৈছিলহি।ইয়াৰ পিছৰ পৰাই সলনি হ’ল জুবিন গাৰ্গৰ আদৱকায়দা।২০২০ চনৰ জুন মাহত তেওঁ লগত দুগৰাকী ব্যৱসায়িক সহযোগীৰে সৈতে সাক্ষাৎ কৰিছিল কা আন্দোলনৰ সময়ত সম্ৰাট নিৰ’ৰ ভূমিকা লোৱা সৰ্বানন্দ সোণোৱালক।ইয়াকে লৈ ক্ষোভিত হৈ পৰিছিল কিছুসংখ্যক লোক৷ইয়াৰ পিছতেই তেওঁ মন্ত্ৰী অতুল বৰাৰ লগত একেলগে বহি সংবাদমেল সম্বোধন কৰিছিল আৰু কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰৰ ভূমিকা লৈছিল।

বিভিন্ন সময়ত বিতৰ্কত সোমাই পৰা জুবিন গাৰ্গে লুৰিনজ্যোতি গগৈৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় পৰিষদক সোমবাৰে ফটুৱা পাৰ্টি বুলি মন্তব্য কৰে।জুবিন গাৰ্গৰ এনে মন্তব্যই ক্ষোভিত কৰিছে একাংশ জনতাক।ছ’চিয়েল মেডিয়াত জুবিন গাৰ্গ ভয়ংকৰ ট্ৰলৰ সন্মুখীন হৈছে।সকলোৱে সন্দেহ কৰিছে ইছ্যু ডাইভাৰ্ট কৰি চৰকাৰক সহায় কৰিব খুজিছে জুবিন গাৰ্গে।Cash for job কেলেংকাৰীত সাঙোৰ খাই পৰিছে বিজেপিৰ বাঘা বাঘা নেতাৰ নাম।মৃগাংক বৰ্মন,দ্বিবন ডেকা,শান্তনু পূজাৰী ,তৃষ্ণা শৰ্মা,অনুৰাগ চলিহা,ইন্দ্ৰানী তহবিলদাৰৰ দৰে নেতা-নেত্ৰীৰ নাম সাঙোৰ খাইছে এই কেলেংকাৰীৰ লগত৷এই সময়চোৱাত বিজেপি দল আৰু চৰকাৰ ভয়ংকৰ বিপদত পৰিছে।বিৰোধী দলৰ লগতে সমাজৰ সচেতন লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিকা নিযুক্তিক লৈ প্ৰশ্ন কৰিছে।এই সময়ত চৰকাৰৰ বাবে প্ৰয়োজন আছিল ‘এখন হাত’ৰ যিখন হাতে মূল বিষয়ৰ পৰা জনতাৰ দৃষ্টি আন বিষয়লৈ নিয়াত সহায় কৰিব।সেই হাতখনেই এতিয়া চৰকাৰৰ বাবে হ’ল জুবিন গাৰ্গ।চৰকাৰক সকাহ দিবলৈ আগবাঢ়ি আহিল জুবিন গাৰ্গ।জুবিন গাৰ্গে সোমবাৰে কটনত অসম জাতীয় পৰিষদ ফটুৱা দল বুলি কৰা মন্তব্যক লৈ নিউজ কৰা আৰম্ভ কৰিলে মেডিয়াই।চৰ্চিত হ’ল জুবিন গাৰ্গৰ মন্তব্য!পলিটিক্স নকৰিবলৈ আনক সকিওৱা জুবিন গাৰ্গে নিজেই এগৰাকী যে সুবিধাবাদী পলিটিচিয়ান,সেই কথা তেওঁৰ শেহতীয়া বহুবোৰ পদক্ষেপেই প্ৰমাণ কৰে।

- Donation -

Leave A Reply

Your email address will not be published.