নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৪ সংখ্যক মুখপত্ৰ ‘নুমলী’ উন্মোচন

Share This Article

গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্র ‘নুমলী’ ২০০০ চনত প্ৰকাশ পোৱাৰ পাছত বিৰতিহীনভাৱে প্ৰতিবছৰে প্ৰকাশ পাই আহিছে।এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ বিকাশৰ লগতে বিদ্যালয়ৰ প্ৰগতিৰ মাধ্যম হ’ল বিদ্যালয়ৰ আলোচনীখন। ‘নুমলী’য়েও নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিচ্ছবি প্ৰকাশ কৰি আহিছে। বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকা আৰু হাতেলিখা আলোচনী অন্যতম।বিদ্যালয়খন আলোচনী ‘নুমলী’য়ে ৰূপালী বৰ্ষত অতিক্ৰম কৰিছে।অবিৰত ভাবে প্ৰকাশ পাই থকা ‘নুমলী’ ৰাজ্যখনৰ ভিতৰত অন্যতম।অহা বৰ্ষত ‘নুমলী’ৰ ৰূপালীৰ সংখ্যা হিচাপে প্ৰকাশ পাব ।আজি নুমলীৰ ২৪ সংখ্যক সংখ্যা আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ প্ৰথম গৰাকী ছাত্ৰী তাজমীন ছুলটানা আহমেদে উন্মোচন কৰে।সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.