সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ প্ৰদেশত বাছ ৰাজনীতিৰ গৰম বতাহ :৫০ হাজাৰ ফেচবুক লাইভ

শ্ৰমিকৰ বাবে কংগ্ৰেছে আগবঢ়োৱা বাছক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতিত গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছে দিয়া বাছৰ তালিকাত অন্য বাহনৰ নম্বৰ থকাৰ অভিযোগ তুলি লক্ষ্ণৌ আৰক্ষীয়ে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অজয় কুমাৰ লল্লুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ কেৱল সেয়াই নহয় ,তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে ৷ইফালে ,কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ব্যক্তিগত সচিব সন্দীপ সিংহৰ বিৰুদ্ধেও কেবাটাও ধাৰৰা অধীনত গোচৰ ৰুজু কৰা হৈছে ৷
প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে এন এছ ইউ আইৰ সদস্যসকলে মাজনিশা তেলীবাগ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি দলটোয়ে ৫০ হাজাৰ সদস্যৰ জড়িয়তে ফেচবুক লাইভত সজাগতা অভিযানৰ কাৰ্যসূচী লয় ৷ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্ববিজয় সিঙে কয় যে বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি স্পষ্ট হৈ পৰিছে ৷ কংগ্ৰেছে বাছ প্ৰদানৰ বাবে কোনো টেণ্ডাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিল ৷ স্বেচ্ছাই এই বাছসমূহ আগবঢ়োৱা হৈছিল ৷যাতে শ্ৰমিকসকল ঘৰলৈ উভতি যোৱাত সহায় হয় ৷ চৰকাৰে নিজেই এই কথা স্বীকাৰ কৰি লৈছে যে কংগ্ৰেছে দিয়া তালিকাত ৮৭৯ খন বাছ আৰু কিছুসংখ্যক স্কুল বাছ আছে ৷ এই বাছখিনিও প্ৰব্ৰজিত শ্ৰমিকৰ সহায়ৰ বাবে ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.