সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আটাইতকৈ কম মূল্যৰ বিলাতী সুৰাবিধ,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এজন বিতৰ্কিত ব্যৱসায়ীৰ এক অকথিত কাহিনী

আঠ জুনৰ আমাৰ অসম কাকতত প্ৰকাশ পাইছিল গৌতম শৰ্মাৰ এক প্ৰতিবেদনঃ- “নিঃশব্দে সোণোৱাল চৰকাৰৰ ৪বছৰ পুৰ্তি-দিচপুৰত নিৰৱে গঢ় লৈ উঠিল দুটা পৃথক বৃত্ত”। চাৰিবছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাৰিওকাষে দুটা পৃথক লবী বা বৃত্ত সৃষ্টি হল নেকি? এই প্ৰশ্ন উত্থাপিত হৈছিল প্ৰতিবেদনখনত৷ আমাৰ অসমৰ এই প্ৰতিবেদনত মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক পৰিবেষ্টিত কৰি ৰখা ঘনিষ্ঠ লোকৰ দুখন তালিকাও প্ৰকাশ হৈছিল। প্ৰথমখন তালিকা অল দ্য চীফ মিনিষ্টাৰ্চ মেনত আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, মুখ্যমন্ত্ৰীৰ সংবাদ উপদেষ্টা হৃষীকেশ গোস্বামী,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভড়ালী, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া ড০ প্ৰকাশ কাশ্যপ, আইএএছ বিষয়া ৰাকেশ প্ৰসাদ, শান্তনু কলিতা আৰু দুজন ব্যৱসায়ী সুৰজিত সিনহা আৰু কিশোৰ বৰা।
দ্বিতীয়খন তালিকা অল দ্য হিমন্ত বিশ্বজ মেনত আছে- মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পল্লৱলোচন দাস, অসম আৰক্ষীৰ এডিজিপি জিপি সিং, বিত্ত আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা, উদ্যোগপতি ৰঞ্জিত বৰঠাকুৰ, আইপিএছ বিষয়া পাৰ্থ সাৰথি মহন্ত, এন-আৰ-এইচ-এমৰ বিষয়া পমী বৰুৱা, দুজন ব্যৱসায়ী ঘনশ্যাম ধানুকা আৰু বিনোদ চাওচৰীয়া।

এতিয়া আমাৰ এই প্ৰতিবেদন, অল দ্য হিমন্ত বিশ্বজ মেনৰ তালিকাত থকা ব্যৱাসায়ী বিনোদ চাওচৰীয়া, অসমৰ আটাইতকৈ কম দামী বিলাতী সুৰা আৰু কোটি টকাৰ ৰাজসাহার্যক লৈ।
অসম চৰকাৰে লকডাউনৰ প্ৰেক্ষাপটত ২৫শতাংশ বৃদ্ধি কৰিলে বিলাতী সুৰাৰ মূল্য। বিলাতী সুৰাৰ মূল্যবৃদ্ধিৰ পাছত এটা বিশেষ ব্ৰেণ্ডৰ হুইস্কীক লৈ সুৰাপায়ীৰ মাজত সৃষ্টি হৈছে কৌতুহূলৰ। কাৰণ মাত্ৰ ১১৫টকাত ৭৫০ মিলিলিটাৰৰ এটা বটল, সুৰাপায়ীৰ ভাষাত এটা ফুল বটল। মূল্যবৃদ্ধিৰ জামানাত এক অকল্পনীয় খবৰ। কোনো প্ৰচাৰ নাই, বিজ্ঞাপন নাই। অথচ সুৰা পায়ীসকলে কেডি-৫০ নামৰ এই হুইস্কী বিচাৰি চলাথ কৰিছে ইখনৰ পিছত সিখন সুৰাৰ বিপণী। ৭৫০ মিলি লিটাৰৰ হুইস্কী মাত্ৰ ১১৫টকাত। এক প্ৰকাৰ অবিশ্বাস্য। কিন্তু এই অবিশ্বাসক কেনেকৈ সম্ভৱপৰ কৰিলে কেডি-৫০ প্ৰস্তুতকাৰী কোম্পানীটোৱে? কেডি-৫০ প্ৰস্তুত কৰে কার্ণক ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডে। বটলিং প্লাণ্ট আছে কামৰূপ জিলাৰ পানীখাইটীত। কিন্তু কোন কার্ণকডিষ্টিলাৰী প্ৰাইভেট লিমিটেডৰ মালিক?
ক্ৰছকাৰেণ্টৰ হাতত থকা মিনিষ্ট্ৰি অৱ কৰ্পৰেট এফেয়াৰছৰ তথ্য অনুসৰি কার্ণক ডিষ্টিলাৰীৰ স্বত্ত্বাধিকাৰী হল অশ্বিনী চাওচৰিয়া আৰু বিনোদ কুমাৰ চাওচৰীয়া। আৰু এইজনেই সেইজন বিনোদ চাওচৰীয়া যাৰ নাম আছে অল দ্য হিমন্ত বিশ্বজ মেনৰ তালিকাত।
আমাৰ অসমৰ খবৰ অনুসৰি বিনোদ চাওচৰীয়াই কংগ্ৰেছৰ দিনৰ পৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ। বিভিন্ন ব্যৱসায়িক কাম-কাজৰ চাওচৰিয়াক দায়িত্ব দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিনোদ চাওচৰীয়া ৰাজ্যৰ আটাইতকৈ কম দামী বিলাতী সুৰাৰ নিৰ্মাতা কার্ণক ডিষ্টিলাৰীৰে নহয়, আন ১৬টা কোম্পানীৰো স্বত্ত্বাধিকাৰী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ এইগৰাকী বিতৰ্কিত ব্যৱসায়ী।
ভাৰত চৰকাৰৰ উত্তৰ-পূবৰ উদ্যোগীসকলৰ সহায়ৰ বাবে আছে এখন বিশেষ আইন। নাম-নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰীয়েল ইনভেষ্টমেণ্ট প্ৰম’চ’ন পলিচী। চমুকৈ NEIIPP। এতিয়া চাওক ক্ৰছকাৰেণ্টৰ হাতত থকা এক্সক্লুছিভ তথ্য৷NEIIPP ৰ অধীনত বিনোদ চাওচৰীয়াৰ কার্ণক ডিষ্টিলাৰীয়ে লাভ কৰিছে লাখ লাখ টকাৰ ৰাজসাহার্য৷ NEIIPP ৰ অধীনত কার্ণক ডিষ্টিলাৰীয়ে দুটা কিস্তিত Central Capila Investment Subsidy লাভ কৰিছে ১শ ৮৫ লাখ ৯২৪২ টকাৰ ৰাজসাহার্য৷কাৰাখানা Expansion ৰ বাবে ২০১০ চনৰ ২০ ডিচেমচবৰত লাভ কৰে ৯০ লাখ ৬৮৪৫ টকা৷ পুনৰ ২০১২ চনত দ্বিতীয়বাৰৰ বাবে কাৰাখানা Expansion ৰ নামত লাভ কৰে ৯৫ লাখ ২৩৯৭ টকাৰ ৰাজসাহার্য৷ কেবল এয়াই নহয় কার্ণক ডিষ্টিলাৰীয়ে লাভ কৰিছে লাখ লাখ টকাৰ transport subsidy৷
আপোনালোক বহুতেই হয়তো ভাবিব পাৰে চৰকাৰে উদ্যোগীক সাহার্য দিবলৈ আচনি প্ৰণয়ন কৰিছে, ব্যৱসায়ীয়ে, উদ্যোগপতিয়ে তাৰ সুবিধা লবই৷ আপত্তি কৰিবলৈ কি আছে? কিন্তু সেই ধাৰণা শুদ্ধ কৰিবলৈ আপুনি চাব লাগিব Comtroller and Auditor General ৰ এক প্ৰতিবেদন৷ কেগৰ এই প্ৰতিবেদন আছিল NEIIPP ৰ অধীনত মুকলি কৰা ৰাজসাহার্যকলৈ৷ প্ৰতিবেদনত স্পষ্টভাবে কোৱা হৈছে Indian Made Foreign Liquor চমুকৈ IMFL অর্থাৎ বিলাতী সুৰা NEIIPP ৰ আওতাত নপৰে৷ লগতে এইটোও কৈছে যে ভাৰত চৰকাৰেও বিলাতী সুৰা প্ৰস্তুতকাৰীক NEIIPP ৰ অধীনত ৰাজসাহার্য দিব লাগে বুলি দিয়া নাই কোনো বিশেষ নির্দেশনা৷
অর্থাৎ বিলাতী সুৰাৰ প্ৰস্তুতকাৰী কার্ণক ডিষ্টিলাৰীয়ে কাৰাখানা প্ৰতিষ্ঠাৰ বাবেই হওক বা পৰিবহনৰ বাবেই হওক কোনোপধ্যে NEIIPP ৰ অধীনত পাব নোৱাৰে ৰাজসাহার্য৷ কিন্তু তাৰপিছতো বিনোদ চাওচৰীয়াৰ কার্ণক ডিষ্টিলাৰীয়ে লাভ কৰিছে লাখ লাখ টকাৰ ৰাজসাহার্য৷ কিন্তু কেনেকৈ? প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ লগত থকা ঘনিষ্ঠতাৰ বাবেই নেকি? আৰু এইবাবেই অভাৱনীয় কম দামত বিক্ৰী কৰিব পাৰিছে নেকি নামৰ KD 50 নামৰ বিলাতী সুৰাবিধ?
এই সন্দৰ্ভত আমাৰ ভিডিঅ’ প্ৰতিবেদন চাওক তলত দিয়া লিংকত- https://www.facebook.com/628494204304423/posts/935760760244431/

- Donation -

Leave A Reply

Your email address will not be published.