প্ৰথমে চা-চিনাকি,পিছত আত্মীয়তা,শেষত বৃহৎ ধনৰ ধাৰ আৰু পলায়ন!ঘটনা নলবাৰীৰ

Share This Article

প্ৰথমে চা-চিনাকি আৰু ভাৱমূৰ্তি প্ৰদৰ্শন,পিছত আত্মীয়তা প্ৰতিষ্ঠা,শেষত বৃহৎ ধনৰ ধাৰ আৰু পলায়ন।এইয়া দক্ষিণ ভাৰতৰ কোনোবা এখন চিনেমাৰ কাহিনী নহয়।এইয়া অসমৰ এগৰাকী ঠগ নাৰীৰ জীৱিকা,যি জীৱিকাৰ উপাৰ্জনেৰে মহিলা গৰাকীয়ে উপভোগ কৰে বিলাসী জীৱন।
ঘটনা নলবাৰীৰ৷বৰপেটা জিলাৰ পাটাৰকুছি থানাৰ অনৰ্গত কোচ দীগা গাওঁৰ স্থায়ী বাসিন্দা কিশোৰ ডেকা আৰু নন্দিতা ডেকা। দম্পতিহালে বিগত কেইবা বছৰ ধৰি টিহু নগৰৰ 4 নং ৱাৰ্ডৰ এগৰাকী ব্যক্তিৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰি আহিছিল৷ সেই সুত্ৰে নন্দিতা ডেকা নামৰ মহিলাগৰাকীয়ে টিহুৰ মহিলা সমাজত চা-চিনাকি হৈ সকলোৰে লগত এটা সু-সম্পৰ্ক গঢ়ি তুলিছিল। প্ৰথমতে নিজৰ বিভিন্ন বিপদৰ অজুহাত লৈ টিহুৰ সোণালী তালুকদাৰ নামৰ মহিলা এগৰাকীৰ পৰা বিভিন্ন সময়ত এক মোটা অংকৰ ধন ধাৰে লৈছিল ৷ পৰৱৰ্তী পৰ্য্যায়ত তেখেতে টিহু অঞ্চলৰ ভনিতা তালুকদাৰ,প্ৰণিতা বণিয়া,বন্তি ডেকা,ফুলমণী মেধি,অনু মেধি,দীপালী ভাগৱতীকে আদি কৰি বহু লোকৰ পৰাও এক বৃহৎ অংকৰ ধন ধাৰলৈ লৈছিল।বিভিন্ন ব্যক্তিৰ পৰা ধাৰত এটা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ পিছত টিহু নগৰৰ পৰা কিছুদিন পূৰ্বে অন্তৰ্ধান হয়৷

উল্লেখ্যযোগ্য যে এই দম্পতীয়ে AS-01-BG-3857 নম্বৰৰ এখন গাড়ী ব্যৱহাৰ কৰে৷

ইতিমধ্য এই দম্পতীৰ বিৰুদ্ধে টিহু আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে ৷ উল্লেখ্যযোগ্য যে এই মহিলাগৰাকীয়ে নিজ স্বামীৰ সৈতে সময়ে সময়ে অন্য বহু লোকৰ পৰা কম বেছি পৰিমানে এক মোটা অংকৰ ধন ধাৰলৈ লৈ থৈছে ৷ এই ঘটনাবোৰ পূৰ্বৰে পৰা ঘটি আছিল যদিও এতিয়াহে সমগ্ৰ ঘটনা জনচক্ষুৰ মাজলৈ আহিছে।
পৰৱৰ্তী সময়ত এই দম্পতিয়ে অসমৰ কোনটো অঞ্চলক লক্ষ্য কৰি লয় সেইয়া চিন্তনীয় বিষয় হৈ পৰিছে এই মুহূৰ্তত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.