সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শ্ৰমিকৰ দৰমহা সন্দৰ্ভত হস্তক্ষেপ নকৰে ছুপ্ৰিম কৰ্টে! স্বস্তিৰ নিশ্বাস নিয়োগকৰ্তাৰ…

দেশজুৰি চলা অৰ্থনৈতিক মন্দাৱস্থাই ব্যাপক প্ৰভাৱ পেলাইছে ব্যক্তিগত খণ্ডত। ফলত নিয়োজিত কৰ্মচাৰীৰ দৰমহাৰ ক্ষেত্ৰত বিয়োগাত্মক প্ৰভাৱ পৰিছে। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এইক্ষেত্ৰত ন্যায়ালয়ে পোনপটীয়াকৈ হস্তক্ষেপ কৰিব নোৱাৰে। এনে সিদ্ধান্তৰ পিছতেই স্বস্তিৰ নিশ্বাস পেলাইছে ব্যক্তিগত খণ্ডৰ কোম্পানী বা সংস্থাসমূহে।
ছুপ্ৰিম ক’ৰ্টৰ বিচাৰপতি অশোক ভূষণ, সঞ্জয় কিষাণ আৰু এম আৰ শ্বাহে শুক্ৰবাৰে ৰায় দি কয় যে- “নিসন্দেহে বনুৱাসকল শিল্পক্ষেত্ৰৰ এটাৰ আনটো পৰিপূৰক। দৰমহা সংক্ৰান্তীয় সমস্যা নিশ্চিতভাবে সমাধান কৰিব লাগে।” কিন্তু কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশৰ বৈধতাৰ বাবে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৪সপ্তাহ সময় লৈছে। জুলাই মাহত দিয়া হ’ব পৰৱৰ্তী শুনানি। তেতিয়ালৈকে অনিশ্চিয়তাত ভুগিব লাগিব দেশৰ ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিকসকল।
উল্লেখ্য যে অৰ্থনৈতিক মন্দাৱস্থাই গ্ৰাস কৰাৰ ফলত বেচৰকাৰী সংস্থাসমূহৰ আয় হ্ৰাস পাইছে। শ্ৰমিকসকলক উপযুক্ত দৰমহা দিবলৈও অসমৰ্থ হৈছে সংস্থাসমূহ। কিন্তু শুক্ৰবাৰে ন্যায়ালয়ে জনাই যে বিভিন্ন ৰাজ্যৰ কৰ্মচাৰী আৰু নিয়োগকৰ্তাসকলৰ সৈতে আলোচনা কৰিহে সমাধান দিব পৰা যাব। পৰৱৰ্তী সময়ত লেবাৰ কমিশ্যনাৰৰ পৰা ৰিপৰ্ট হ’ব। উল্লেখযোগ্য যে ২৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশ জাৰি কৰি কৈছিল যে শ্ৰমিকসকলক পূৰ্ণ দৰমহা প্ৰদান কৰিব লাগিব সংস্থা বা কোম্পানীসমূহে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.