সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অমৃতপাল ডিব্ৰুগড়ত কিয়?

পঞ্জাৱ, দিল্লী, উত্তৰপ্ৰদেশৰ পৰিৱৰ্তে ডিব্ৰুগড় কাৰাগাৰত কিয় অমৃতপাল?পঞ্জাৱ, দিল্লী আৰু উত্তৰপ্ৰদেশত ১৪ খনকৈ কেন্দ্ৰীয় কাৰাগাৰ থকাৰ পাছতো খালিস্তানী নেতা অমৃতপালক কিয় অনা হল ডিব্ৰুগড় কাৰাগাৰলৈ? যোৱা ২৩ এপ্ৰিলত ধৰা পৰিছিল অমৃতপাল।লগে লগে তেওঁক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।ইতিমধ্যে অমৃতপালৰ ৯ জন সংগীক ৰখা হৈছে ডিব্ৰুগড় কাৰাগাৰত।কিন্তু প্ৰশ্নটো হল অসমত কিয়? পঞ্জাৱ, দিল্লী আৰু উত্তৰপ্ৰদেশত ১৪ খনকৈ কেন্দ্ৰীয় কাৰাগাৰ থকাৰ পাছতো ১৬৩ বছৰীয়া ডিব্ৰুগড় কাৰাগাৰলৈ কিয় প্ৰেৰণ কৰা হল অমৃতপালক? কি বিশেষ আছে ডিব্ৰুগড় কাৰাগাৰত? আজি দ্য ক্ৰছ কাৰেণ্ট এক্সপ্লেইনত জনাম অমৃতপালক কিয় অনা হ’ল ডিব্ৰুগড় কাৰাগাৰলৈ? আৰু জনাম ডিব্ৰুগড় কাৰাগাৰৰ কিছু ইতিহাস–
১৮৬০ চনত ইংৰাজ অধিকাৰী ডেভিদ স্কান্টে নিৰ্মাণ কৰিছিল ডিব্ৰুগড় কাৰাগাৰ। ১৫.৫৪ একৰ মাটিকালিৰে এক বৃহৎ কেম্পাচৰ অধিকাৰী ডিব্ৰুগড় কাৰাগাৰ।কাৰাগাৰত বন্দী অপৰাধীক নিৰীক্ষণৰ বাবে আছে ৫৭ টা চি চি টিভি কেমেৰা। জেলৰ সুৰক্ষাৰ বাবে থাকে অসম পুলিচ, ব্লেক কেট কামাণ্ডো আৰু চি আৰ পি এফৰ বৃহৎ দল। আছে মজবুত আন্তঃগাঁথনি। ৩০ ফুটতকৈও ওখ দেৱাল। ৬৮০ গৰাকী কয়দীক ৰাখিব পৰাকৈ সক্ষমতা আছে ডিব্ৰুগড় কাৰাগাৰত। কিন্তু বৰ্তমান ৪৩০ গৰাকী কয়দীহে বন্দী হৈ আছে কাৰাগাৰত।আন কেন্দ্ৰীয় কাৰাগাৰ সমূহৰ দৰে ভিৰ নাই ডিব্ৰুগড় কাৰাগাৰত।খালিস্তানী নেতা অমৃতপাল সিঙ আৰু তেওঁৰ সংগীসকলক বন্দী কৰি ৰখাৰ মূলতঃ চাৰিটা কাৰণ বুলি কব পাৰি।এক, অমৃতসৰৰ পৰা ডিব্ৰুগড়ৰ দূৰত্ব ২৭০০ কিলোমিটাৰতকৈ অধিক:- অমৃতপালক দিল্লী বা পঞ্জাৱৰ কাৰাগাৰত নৰখাৰ এটা কাৰণ হ’ল যে তাত অমৃতপালক লগ পাবলৈ অহা পৰিয়ালৰ সদস্য আৰু অনুগামীৰ সংখ্যা অধিক হলহেতেঁন। পঞ্জাৱ আৰু ইয়াৰ আশে-পাশে তেওঁৰ যথেষ্ট সংখ্যক অনুগামী আছে। এনে পৰিস্থিতিত অনুগামীসকলে তেওঁক জেলৰ পৰা উলিয়াই আনিবলৈ বা অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। জেলত তেওঁক ফোন আৰু অন্যান্য অবৈধ বস্তু ডেলিভাৰী কৰাৰ চেষ্টা কৰিব পাৰে।এইসমূহ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অমৃতপালক ৰখা হৈছে ডিব্ৰুগড়ৰ কাৰাগাৰত।দুই, ভাষিক সমস্যা- অমৃতপালক ডিব্ৰুগড় কাৰাগাৰত ৰখাৰ বাবে অমৃতপালৰ ভাষা তাত থকা অন্য প্ৰায়বোৰ কৰ্মচাৰী আৰু বন্দীয়ে বুজি নাপাব।ইয়াৰ বাবে তেওঁ কাৰাগাৰত সম্পূৰ্ণ বিচ্ছিন্ন অনুভৱ কৰিব। ডাঙৰ ডাঙৰ অপৰাধীসকলক আছুতীয়াকৈ ৰখাৰ এক চাইকোলজিকেল কাৰণো আছে। এনে কৰিলে ডাঙৰ অপৰাধীসকল মানসিকভাৱে দুৰ্বল হৈ পৰে।তেতিয়া তেওঁলোকৰ পৰা যিকোনো বস্তু উলিয়াবলৈ সহজ হৈ পৰে।তিনি, কঠোৰ নিৰাপত্তা ব্যৱস্থা: কাৰাগাৰৰ বাহিৰত নিৰাপত্তাৰ দায়িত্ব কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীয়ে পালন কৰে।একেসময়তে কাৰাগাৰৰ ভিতৰত নিৰাপত্তাৰ দায়িত্ব অসম আৰক্ষীৰ ব্লেক কেট কামাণ্ডোৰ হাতত। এনে পৰিস্থিতিত যিকোনো ডাঙৰ অপৰাধীয়েই এই নিৰাপত্তাৰক্ষীৰ বেহু ভাঙি পলাই যোৱাটো সম্ভৱ নহয়।কোনোবাই তেনে কৰিবলৈ সক্ষম হলেও ভৌগালিক অৱস্থান আৰু ঠাইখনৰ অজ্ঞানতাৰ বাবে ডিব্ৰুগড়ৰ পৰা পলায়ন কৰাটো অসম্ভৱ।চাৰি, মাফিয়া আৰু গেংষ্টাৰৰ সংস্পৰ্শৰ পৰা আঁতৰত: দিল্লী আৰু পঞ্জাৱৰ ৯ খন কেন্দ্ৰীয় কাৰাগাৰত বহু বৃহৎ অপৰাধী আৰু গেংষ্টাৰক ৰখা হৈছে।এনে পৰিস্থিতিত অমৃতপালক তাত ৰখা হলে তেওঁলোকৰ সংস্পৰ্শলৈ আহিব বুলি নিৰাপত্তা সংস্থাসমূহে আশংকা কৰিছিল। ইয়াৰ লগে লগে তেওঁ জেলৰ ভিতৰত থাকিও নিজৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হলহেঁতেন।এই কাৰণতে পঞ্জাৱ আৰক্ষীয়ে অমৃতপালক ডিব্ৰুগড় কাৰাগাৰত ৰখাৰ সিদ্ধান্ত লয়।২০১৯ চনত যেতিয়া জন্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰা হৈছিল তেতিয়াও একে পদ্ধতি গ্ৰহণ কৰা হৈছিল।প্ৰায় ৩০০ তকৈও অধিক লোকক পাব্লিক চেফ্টী এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি জন্মু-কাশ্মীৰৰ পৰা আঁতৰত উত্তৰ প্ৰদেশৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল।যাতে তেওঁলোকে জন্মু-কাশ্মীৰৰ পৰা আঁতৰি থাকে আৰু অশান্তি বিয়পোৱাৰ কোনো ষড়যন্ত্ৰ সৃষ্টি কৰিব নোৱাৰে।আলফাৰ ভৰপক সময়তো গ্ৰেপ্তাৰ কৰা আলফাৰ সদস্যসকলক ডিব্ৰুগড়ৰ কাৰাগাৰত ৰখা হৈছিল।কিন্তু তেতিয়া ৫ জন আলফা সদস্য কাৰাগাৰৰ সুৰক্ষা বেষ্টনীৰ পৰা পলাই যাবলৈ সক্ষম হয়।তেতিয়াৰ পৰা কাৰাগাৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰে।কাৰাগাৰৰ চৌপাশৰ ওৱালৰ উচ্চতা ৩০ ফুটলৈ বৃদ্ধি কৰে।১৯৭৫ চনত জৰুৰীকালীন শাসনৰ সময়ত ইন্দিৰা গান্ধীৰ বিৰোধীৰে ভৰি পৰিছিল ডিব্ৰুগড়ৰ কাৰাগাৰ। আন ৰাজ্যত গ্ৰেপ্তাৰ হোৱা ইন্দিৰা বিৰোধী নেতাসকলকো ডিব্ৰুগড় কাৰাগাৰত ৰখা হৈছিল।২০১৭ চনত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক গ্ৰেপ্তাৰ কৰিও ইয়াতে ৰখা হৈছিল। তেতিয়াও ডিব্ৰুগড় কাৰাগাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈ পৰিছিল কিয়নো অখিল গগৈক এন এছ এ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল।ডিব্ৰুগড়ত কাৰাগাৰ নিৰ্মাণৰ বাবে ইংৰাজে দিছিল ২৭০০ টকা। চৰকাৰী তথ্য অনুসৰি ১৮৬০ চনত ডিব্ৰুগড়ত এখন কাৰাগাৰ নিৰ্মাণ কৰা হৈছিল। অৱশ্যে ইয়াৰ গঠন বহু আগতেই আৰম্ভ হৈছিল।১৮৪৩ চনত অসমৰ উপ আয়ুক্ত ডেভিদ স্কটে আজি যি ঠাইত কেন্দ্ৰীয় কাৰাগাৰ আছে, সেই ঠাইতে এখন আদালত নিৰ্মাণ কৰিছিল। সেই বছৰতে বিছাগম চিংফো নামৰ এজন কুখ্যাত অপৰাধীক ধৰি ইংৰাজে ইয়াত গোচৰ চলাইছিল।দীপালী বৰুৱাৰ আৰ্বান হিষ্ট্ৰী অৱ ইণ্ডিয়া এ কেছ ষ্টাডি নামৰ গ্ৰন্থখনত উল্লেখ আছে যে ১৮৪০ চনত ব্ৰিটিছে এই কাৰাগাৰ নিৰ্মাণৰ বাবে ২৭০০ টকাৰ বাজেট ৰাখিছিল। এই কাৰাগাৰ নিৰ্মাণত খৰছ কমাবৰ বাবে বন্দীসকলক কামত লগাই দিয়া হৈছিল। কাম আৰম্ভ হোৱাৰ সময়ত সেই সময়ত কাৰাগাৰত আছিল ৫০ জন কয়দী। কিছুমানে পথ নিৰ্মাণৰ কাম কৰিছিল আৰু কিছুমানে অট্ৰালিকা আৰু দলং নিৰ্মাণ কৰিছিল।পাছলৈ ডিব্ৰুগড়ত যেতিয়া ব্ৰিটিছ সামৰিক শিবিৰ নিৰ্মাণ হল, তেতিয়া এই কাৰাগাৰৰ বন্দীৰ ক্ষমতা ৫০০ লৈ বৃদ্ধি কৰা হল। তাৰ পাছত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অহা বন্দীসকলক এই কাৰাগাৰতে ৰখা হৈছিল।

Leave A Reply

Your email address will not be published.