হিৰ’ৰ পৰা জিৰ’ বনাব প্ৰধানমন্ত্ৰী মোডীক !

Share This Article

বিহাৰৰ পৰাই জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত আৰম্ভ হৈছিল বিৰোধীৰ সংগ্ৰাম ! বিহাৰৰ পৰাই হ’ব নেকি বিৰোধী ঐক্যৰ আৰম্ভণি? বিৰোধী ঐক্যৰ নেতৃত্ব ল’ব নেকি নীতিশ কুমাৰে? সমুখত ২০২৪ চনৰ লোকসভা নিৰ্বাচন।মাজত মাথোঁ সময় প্ৰায় এবছৰ। আৰু তাৰ বাবেই শাসকীয় বিজেপি হৈ পৰিছে অধিক তৎপৰ।সমান্তৰালভাৱে প্ৰধান বিৰোধী দল কংগ্ৰেছসহ আন বিৰোধী দলবোৰো হৈ পৰিছে তৎপৰ।ধন-বলেৰে মহাশক্তিৱান বিজেপিক পৰাভূত কৰিবলৈ যে সকলো বিৰোধী দল ঐক্যবদ্ধ হোৱাৰ বাহিৰে বিকল্প নাই সেই কথা যেন বিৰোধীয়ে বুজি উঠিছে।তাৰেই যেন উমান দিছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ নেতা নীতিশ কুমাৰে।সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লগত উপ-মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱক লগত লৈ দুটা বিৰোধী দলৰ নেতৃত্বক সাক্ষাৎ কৰে।তাৰ ভিতৰত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জী আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ সিং যাদৱ।মূলতঃ সমাগত লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবৰ বাবেই বিৰোধী ঐক্য গঠনৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আগভাগ লৈছে।ইয়াৰ পূৰ্বেও তেওঁ আৰু তেজস্বী যাদৱ দিল্লীলৈ গৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে,ৰাহুল গান্ধী,দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আদিক সাক্ষাৎ কৰিছিল। উল্লেখ্য সোমবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে পশ্চিমবংগৰ সচিবালয়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰে আলোচনাত মিলিত হয়। এই আলোচনাৰ সন্দৰ্ভত মমতা বেনাৰ্জীৰ সংবাদ মাধ্যমৰ আগত মন্তব্য ”বিৰোধী সকলো ঐক্যবদ্ধ৷বিহাৰৰ পৰাই জয়প্ৰকাশ নাৰায়ণে আন্দোলন আৰম্ভ কৰিছিল৷সেয়ে বিহাৰত সকলো বিৰোধী দলৰ বৈঠক অনুষ্ঠিত কৰিব লাগে। এই বৈঠকত পাছৰ কামবোৰৰ ৰূপৰেখা তৈয়াৰ কৰিব লাগে৷BJPক হিৰ’ৰ পৰা জিৰ’ বনাব লাগে।সংবাদ মাধ্যমৰ সমৰ্থনত BJP হিৰ’ হ’ল।’পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বিহাৰৰ পৰা বিৰোধী ঐক্যৰ বৈঠক অনুষ্ঠিত কৰিবলৈ জনোৱা আহ্বান তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। মমতা বেনাৰ্জীয়ে কৈছে—”বিহাৰৰ পৰাই জয়প্ৰকাশ নাৰায়ণে আন্দোলন আৰম্ভ কৰিছিল।সেয়ে বিহাৰত সকলো বিৰোধী দলৰ বৈঠক অনুষ্ঠিত কৰিব লাগে।” হয়,প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অপশাসনৰ বিৰুদ্ধে লোকবন্ধু খ্যাত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত ১৯৭০ চনত বিহাৰৰ পৰা উলিওৱা হৈছিল বিৰোধীৰ সংগ্ৰাম। যাক সৰ্বাত্মক সংগ্ৰাম আখ্যা দিয়া হৈছিল।আৰু এই সংগ্ৰামে দেশৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল।আৰু তাৰেই যেন পুনৰাবৃত্তি হোৱাৰ আশা দেখিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।সেয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক তেওঁ জনাইছে এই বিশেষ আহ্বান।এই সন্দৰ্ভত এতিয়া চাবলগীয়া হ’ব বিহাৰৰ পৰা বিৰোধীৰ ঐক্যই দেশৰ ৰাজনীতিত কি প্ৰভাৱ বিস্তাৰ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.