ধন সংগ্ৰহৰ বাবেই অভাৰলেপিং !

Share This Article

অভাৰলেপিঙৰ বাবে অনিশ্চিত ৰাজ্যৰ নিবনুৱাৰ ভৱিষ্যৎ! অভাৰলেপিঙৰ বাবে বঞ্চিত হৈ ৰ’ব ৰাজ্যৰ নিবনুৱা!মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনত খালি হৈ থকা বিভিন্ন পদসমূহৰ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ নিবনুৱাক এক লাখ চাকৰি প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে। চাকৰি প্ৰত্যাশীসকলৰ বাবে এয়া নিশ্চিতভাৱে এক সুখবৰ।কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ ৰাজ্যৰ চাকৰিৰ ক্ষেত্ৰখনত অভাৰলেপিঙৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰা দেখা গৈছে। একেজন প্ৰাৰ্থীয়ে নিৰ্বাচিত হৈছে কেইবাটাও পদত। এই সন্দৰ্ভত সামাজিক মাধ্যমে বিভিন্নজনে উত্থাপন কৰিছে অভিযোগ।প্ৰকৃততে উত্থাপিত অভিযোগমতে ৰাজহুৱা ক্ষেত্ৰৰ চাকৰিৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাসমূহত এজন প্রাৰ্থীয়ে উত্তীৰ্ণ হৈছে কেইবাটাও পদত।ৰাজ্যখনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা পৰীক্ষাসমূহত অভাৰলেপিঙৰ এই সমস্যাটো ভয়াবহ ৰূপ লৈছে। ইয়াৰ লগতে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ ক্ষেত্ৰতো দেখা গৈছে একেই সমস্যা।শেহতীয়াকৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও বিধানসভাৰ মজিয়াত অভাৰলেপিঙৰ সমস্যাটো বিধানসভাৰ মজিয়াত উত্থাপন কৰিছিল। অখিল গগৈয়ে বিধানসভাৰ লগতে বিধানসভাৰ বাহিৰটো সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে চৰকাৰে যিসমূহ ক্ষেত্ৰত নিযুক্তি প্ৰদান কৰিছে তাত সাংঘাতিক ধৰণে অভাৰলেপিং হৈছে। বিধায়ক গৰাকীয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি কৈছিল যে শেহতীয়াকৈ চৰকাৰে ফলাফল ঘোষণা কৰা ৪ৰ্থ বৰ্গৰ বিভিন্ন পদত হৈছে অভাৰলেপিং। বিধায়ক গৰাকীয়ে নিজৰ মন্তব্যত প্ৰকাশ কৰিছিল যে অষ্টম শ্ৰেণী, দশম শ্ৰেণী, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু ড্ৰাইভাৰৰ বাবে যিসমূহ পদ মুকলি কৰা হৈছিল তাত সাংঘাতিক ধৰণে অভাৰলেপিংৰ সমস্যা দেখা দিছিল। বিধায়ক গৰাকীৰ মতে একেজন প্ৰাৰ্থীয়ে কেইবাটাও পদত উত্তীৰ্ণ হোৱাৰ লগতে নিযুক্তি লাভ কৰিছে কেইবাটাও পদত।এই অভাৰলেপিং সমস্যাৰ মোকাবিলা কৰিবলৈ বিধায়ক গৰাকীয়ে এক ৱেটিং লিষ্টৰ ব্যৱস্থা কৰিবলৈও দাবী কৰিছিল।চাকৰি ক্ষেত্ৰখনত দেখা দিয়া অভাৰলেপিঙৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি একেই মন্তব্য কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। অভাৰলেপিং ৰোধ কৰিবলৈ নিযুক্তিৰ ক্ষেত্ৰত ৱেটিং লিষ্টৰ ব্যৱস্থা কৰাৰ দাবী জনাইছিল আছু নেতাগৰাকীয়ে।আনহাতে শেহতীয়াকৈ ৰাইজৰ দলেও সংবাদমেলযোগে অভাৰ লেপিঙৰ সমস্যাটোৰ বিষয়ে উত্থাপন কৰিছিল।ৰাইজৰ দলে সংবাদমেল যোগে অভিযোগ আনিছিল যে ২৬ হাজাৰ নিযুক্তিৰ বাবে যি পোনপটীয়া নিযুক্তি পৰীক্ষা হৈছিল তাত সংঘটিত ব্যাপক হাৰত হৈছে অভাৰলেপিং। নিবনুৱা সমস্যাই অসমত তীব্ৰ ৰূপ ধাৰণ কৰা সময়তে অভাৰলেপিঙৰ নিচিনা সমস্যাৰ ফলত অসমত নিবনুৱাৰ ভৱিষ্যৎ কি হ’ব বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলে।৬ মে’ত ৫১ হাজাৰ পদৰ বাবে ঘোষণা হ’বলগীয়া ফলাফলৰ ক্ষেত্ৰত অভাৰলেপিঙৰ সমস্যাটো নোহোৱা কৰিবলৈ ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বয়ো এখন ৱেটিং লিষ্টৰ ব্যৱস্থা কৰাৰ দাবী জনাইছিল। অন্যথা যিমানসংখ্যক নিযুক্তিৰ ঘোষণা কৰা হৈছিল তাৰ ভিতৰত ১৫/১৬ হাজাৰ মান মানুহৰহে নিযুক্তি সম্ভৱ হ’ব বুলি মন্তব্য কৰিছিল ৰাইজৰ দলৰ নেতৃত্বই। আনহাতে ইয়াৰ ফলত অসমীয়া নিবনুৱা বঞ্চিত হ’ব বুলিও মন্তব্য কৰিছিল ৰাইজৰ দলে। আৰু ইয়াৰ ফলত খালি হৈ থকা পদসমূহৰ ক্ষেত্ৰত কি হ’ব বুলিও চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছিল ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই। বিগত তিনি বছৰ ধৰি এই সমস্যাটো চলি অহা বুলিও মন্তব্য প্ৰকাশ কৰে ৰাইজৰ দলে। অভাৰলেপিং সমস্যাৰ ক্ষেত্ৰত ইতিমধ্যে মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাইয়ো। মুখ্যমন্ত্ৰী গৰাকীৰ মতে অভাৰলেপিং তেনেকুৱা একো গুৰুতৰ সমস্যা নহয়। হিমন্তবিশ্ব শৰ্মাৰ মতে যিকোনো চাকৰিৰ ক্ষেত্ৰতে হ’ব পাৰে অভাৰলেপিং। ৱেটিং লিষ্টৰ বিষয়টো নাকচ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে অভাৰলেপিঙৰ লগত মোকাবিলা কৰিবলৈ প্ৰতি দুমাহৰ মূৰে মূৰে অনুষ্ঠিত হৈ থাকিব নিযুক্তি প্ৰক্ৰিয়া।কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্যৰ বিপৰীতে অভাৰলেপিঙৰ সমস্যাটোৱে ৰাজ্যৰ নিবনুৱাক ঠেলি দিছে এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ। অভাৰলেপিঙৰ ফলত বঞ্চিত নিবনুৱাৰ ভৱিষ্যৎ কি হ’ব তাকলৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ যুৱচাম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.