সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধনৰ বিনিময়ত নাগৰিকত্ব বিক্ৰী কৰা এখন দেশৰ কাহিনী

কোন ভাৰতীয়ই ক্ৰয় কৰিছে ভানুৱাটুৰ নাগৰিকত্ব ?

দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ হ’ল ভানুৱাটু গণৰাজ্য। প্ৰায় ৮০ টা সৰু বৰ দ্বীপৰ  সমষ্টি হ’ল ভানুৱাটু গণৰাজ্য।  দেশখনৰ ৰাজধানী চহৰ পোৰ্ট ভিলা আৰু জনসংখ্যা প্ৰায় ৩ নিযুত।

এসময়ত ইউৰোপীয় দেশসমূহৰ ঔপনিৱেশ চলা ভানুৱাটুক পূৰ্বতে নিউ হেব্ৰিডছ বুলি কোৱা হৈছিল। । ব্ৰিটেইন আৰু ফ্ৰান্সে একেলগে ৭৪ বছৰ ধৰি শাসন চলাইছিল ভানুৱাটুত। ১৯৮০ চনত নিউ হেডব্ৰিডছ স্বাধীন হয় আৰু স্বাধীনতাৰ পিছতে লাভ কৰে ভানুৱাটু নামৰ নতুন পৰিচয়।

- Donation -

ভানুৱাটু এখন গণৰাজ্য। দেশখনৰ সৰ্বোচ্চ পদবীটো ৰাষ্ট্ৰপতিৰ যদিও তেওঁৰ নাই নীতি নিৰ্ধাৰণৰ ক্ষমতা। ভাৰতবৰ্ষৰ দৰেই দেশখনৰ নীতি নিৰ্ধাৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।

এই ভানুৱাটু চৰকাৰৰে এখন অন্যতম বিতৰ্কিত আঁচনি হৈছে গোল্ডেন পাছপোৰ্ট আঁচনি । এই আঁচনিৰ অধীনতে ভানুৱাটু চৰকাৰে ধনৰ বিনিময়ত  বিক্ৰী কৰে দেশখনৰ নাগৰিকত্ব ।নাগৰিকত্বৰ নামত প্ৰায়  ১ ৰ পৰা ১.৫ কোটি টকা লয় দেশখনে আৰু ধন প্ৰদানৰ ৬ ৰ পৰা ৮ সপ্তাহৰ ভিতৰত দেশখনে প্ৰদান কৰে নাগৰিকত্ব। এই নাগৰিকত্ব আঁচনিৰ অধীনত গ্ৰাহকে ভানুৱাটুৰ পৰা পাছপোৰ্ট লাভ কৰে। পাছপোৰ্ট লাভৰ পিছতে ভানুৱাটুত বাস কৰা আইনী অধিকাৰ লাভ কৰে নাগৰিকজনে। লক্ষ্যনীয় কথাটো হ’ল, তেওঁৰ সন্তান আৰু ভৱিষ্যত প্ৰজন্মকো গণ্য কৰা হয় দেশখনৰ নাগৰিক হিচাপে । দেশখনত ব্যৱসায় আৰু বিনিয়োগ কৰা  পোৱাৰ লগতে তেওঁলোকৰ পৰা লোৱা নহয় কোনো আয়কৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই আঁচনিৰ অধীনত, নাগৰিকত্ব ক্ৰয় কৰা এজন ব্যক্তিয়ে ইউৰোপীয় ইউনিয়ন, ইউকে আৰু ৰাছিয়াকে ধৰি প্ৰায় ১১৩ খন দেশলৈ ভিছা-মুক্ত ভ্ৰমণ কৰিব পাৰে।

ভানুৱাটু চৰকাৰে দাবী কৰিছে যে, ই বিশ্বৰ দ্ৰুততম আৰু কম ব্যয়ৰ নাগৰিকত্ব আঁচনি। দেশখনৰ চৰকাৰৰ মতে, দেশীয় অৰ্খনৈতিক প্ৰগতিৰ বাবেই গ্ৰহণ কৰা হৈছে নাগৰিকত্ব বিক্ৰীৰ এই পৰিকল্পনা। বিগত বছৰটোত ভানুৱাটু চৰকাৰে নাগৰিকত্ব বিক্ৰী আঁচনিৰ অধীনত বিক্ৰী কৰিছিল প্ৰায় ২,২০০ পাছপোৰ্ট ।

ভানুৱাটুৰ নাগৰিকত্ব ক্ৰয় কৰা ৫ জন ব্যক্তি

ভানুৱাটুৰ নাগৰিকত্ব পোৱা লোকৰ তালিকাখনৰ সৰ্বাধিক চৰ্চিত নামটো হৈছে ৰইছ কাজী আৰু আমিৰ কাজী ভাতৃদ্বয়।  দুয়ো দক্ষিণ আফ্ৰিকাৰ নাগৰিক ।  ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগৰ বাবে তেওঁলোকে খুলিছিল এফ্ৰিকিপ্ট নামৰ এখন মঞ্চ। বহুলোকে ইয়াত বিনিয়োগ কৰিছিল ধন। শেহতীয়াকৈ ২০২১ চনৰ এপ্ৰিল মাহত, দুয়ো ভাতৃয়ে বিনিয়োগকাৰীসকলক কয় যে তেওঁলোকৰ ৱেবছাইটো হেক কৰা হৈছে আৰু হেকাৰসকলে বিনিয়োগকাৰীৰ অনলাইন ৱালেটৰ পৰা চুৰি কৰিছে বিনিয়োগৰ ধনৰাশি।  বিনিয়োগকাৰীসকলে দাবী কৰে যে  দুয়ো ভাতৃয়ে বিনিয়োগকাৰীৰ প্ৰায় ২৭,০০০ কোটি টকা লৈ ইতিমধ্যে পলায়ন কৰিছে। এই দুয়োজন ভাতৃয়ে হেকিং কাহিনীৰ বৰ্ণনা কৰাৰ আগতেই ক্ৰয় কৰিছিল ভানুৱাটুৰ নাগৰিকত্ব ।

দ্বিতীয় সৰ্বাধিক চৰ্চিত নামটো হৈছে হ্যাম গাৰিপোগলু। তুৰ্কীৰ হ্যাম আছিল চুমেৰ বেংকৰ গৰাকী আৰু লগতে এজন ডাঙৰ ব্যৱসায়ী । ২০১৩ চনত, তেওঁক কোটি কোটি টকা আত্মসাৎ কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। হায়ামৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল বহুকেইটা গোচৰ । তেওঁৰ ভতিজাই উচ্চ বিদ্যালয়ত পঢ়ি থকা এগৰাকী ১৭ বছৰীয়া কিশোৰীক হত্যা কৰিছিল, তাৰ পিছত তাইৰ মৃতদেহটো টুকুৰা টুকুৰা কৰি আৱৰ্জনাৰ পাত্ৰত পেলাই দিছিল। সেই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰা  ভতিজাক জনকো আইনৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল হ্যামে।  এইজন হ্যামে ২০২০ চনৰ জানুৱাৰীত ভানুৱাটুৰ নাগৰিকত্ব ক্ৰয় কৰে আৰু স্থায়ীভাৱে বসতি কৰিবলৈ লয় দেশখনত।

তৃতীয়তে চৰ্চিত নামটো হৈছে জ্ঞানলুইগি তোৰাজি। ইটালীৰ ব্যৱসায়ী টৰ্জিৰ বিৰুদ্ধে ভেটিকানৰ পৰা প্ৰায় ১৩৪ কোটি টকা এক্সটেনশ্যন লোৱাৰ অভিযোগ আছে। অভিযোগ অনুসৰি , তেওঁ লণ্ডনৰ এটা অভিজাত এলেকাত সম্পত্তিৰ চুক্তিত মধ্যস্থতাকাৰী অৰ্থাৎ দালালীৰ কাম কৰিছিল। পিছত তেওঁ শ্বোল কোম্পানী তৈয়াৰ কৰে আৰু ভেটিকানৰ ধন লয় । টৰ্জিৰ নাম বিশ্বব্যাপী ধন সৰবৰাহকাৰীৰ তালিকাত আছে। তেওঁ ২০২০ চনত ক্ৰয় কৰে ভানুৱাটুৰ ।

আন এটা বহুলচৰ্চিত নাম হৈছে ঘালি বেলকেচিৰ। ঘালি আছিল আলজেৰিয়াৰ জোণ্ডাৰামিৰ মুৰব্বী । জোণ্ডাৰামি আলজেৰিয়াৰ সশস্ত্ৰ বাহিনীৰ অংশবিশেষ । কিন্তু আশ্চৰ্যকৰ কথাটো হ’ল বেলকেচিৰ হৈছে আলজেৰিয়াৰ ইতিহাসৰ প্ৰথম জ্যেষ্ঠ সেনা বিষয়া, যাৰ ওপৰত আছে ঘোৰ ৰাজদ্ৰোহৰ অভিযোগ । আলজেৰিয়াত তেওঁৰ বিৰুদ্ধে চাৰিটা বিশেষ ৱাৰেণ্ট । কিন্তু ২০১৯ চমত তেওঁ আলজেৰিয়াৰ পৰা পলাই গৈ ২০২০ চনত ক্ৰয় কৰিছিল ভানুৱাটুৰ নাগৰিকত্ব।

২০২০ চনত ভানুৱাটুৰ নাগৰিকত্বৰ এজন ক্ৰেতা আছিল এজন ভাৰতীয়। লোকজনৰ নাম হৈছে বিনয় মিশ্ৰ। বিনয় মিশ্ৰ আছিল পশ্চিম বংগৰ তৃণমূল যুৱ কংগ্ৰেছৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক । বিনয়ৰ বিৰুদ্ধে আছে দুৰ্নীতিৰ বহুকেইটা অভিযোগ । এইটো  পশ্চিম বংগৰ গৰু আৰু কয়লা চোৰাং ব্যৱসায়ৰ গোচৰতো ভূমিকা পালন কৰিছিল মিশ্ৰই ।  বৰ্তমান গোচৰটোৰ তদন্ত কৰি আছিল চিবিআইয়ে । তদন্ত এৰাই চলিবলৈ ২০২০ চনৰ ছেপ্টেম্বৰত বিনয় মিশ্ৰই ত্যাগ কৰে ভাৰতবৰ্ষ আৰু  ২০২০ চনৰ নৱেম্বৰত তেওঁ ভানুৱাটুনাগৰিকত্ব ক্ৰয় কৰি ভাৰত ত্যাগ কৰে।

 কেনেকৈ পোহৰলৈ আহিল এই তথ্য?

ব্ৰিটেইনৰ এখন বাতৰি কাকত দ্য গাৰ্ডিয়ান। বাতৰিকাকতখনে কেইবামাহৰ অনুসন্ধানৰ পিছত প্ৰকাশ কৰিছে ভানুৱাটুৰ পাছপোৰ্ট ক্ৰয় কৰা লোকসকলৰ বিৱৰণ । ১৫ জুলাইত, গাৰ্ডিয়ানে বিষয়টো  সন্দৰ্ভত প্ৰকাশ কৰিছে এখন প্ৰতিবেদন ।  প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভানুৱাটুৰ পৰিশোধিত নাগৰিকত্ব আঁচনিয়ে অপৰাধীসকলক নাগৰিকত্ব বিক্ৰী কৰাৰ লগতে অপৰাধী আৰু অভিযুক্তক  সুৰক্ষা দিয়ে ।

ভানুৱাটুৰ নাগৰিকত্ব আঁচনিৰ পৰা লাভান্বিত হোৱা লোকসকলৰ বিষয়টোৱেই উদ্বেগজনক। দেশখনে ১১৩খন দেশলৈ ভিছা-মুক্ত প্ৰৱেশ আগবঢ়োৱাৰ প্ৰসংগটোও চিন্তনীয়।  অন্যহাতে এই আঁচনিয়ে প্ৰদান কৰা আন এক সুবিধা হৈছে নাগৰিকত্ব ক্ৰয় কৰা লোকসকলে প্ৰশাসনলৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁলোকৰ নাম পৰ্যন্ত সলনি কৰিব পাৰে।

প্ৰশান্ত মহাসাগৰত অৱস্থিত ভানুৱাটু ড্ৰাগছ ব্যৱসায়ৰো অন্যতম অভিকেন্দ্ৰ ৷ পৃথিৱীৰ অন্যতম দৰিদ্ৰ দেশ ভানুৱাটু  বৰ্তমানেও বহু ঋণত পোঁত গৈ আছে ।  ভানুৱাটু চৰকাৰে ২০২০ চনৰ লাভ কৰা ৰাজহৰ ৪২ শতাংশতকৈও অধিক এই পাছপোৰ্ট বিক্ৰী আঁচনিৰ পৰাই আহিছিল।

এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক ৷

Leave A Reply

Your email address will not be published.