প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰিৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ গাড়ীচালকক ৷ তেওৰ লগতে ফণীভূষণ চৌধুৰীৰ পূৰ্বৰ গাড়ীচালকজনো আৰক্ষীৰ জালত পৰিছে ৷অসম বিধানসভা চৌহদৰ পৰাই চৌধুৰীৰ গাড়ীচালকে চুৰি কৰি পলায়ন কৰিছিল ৷ নুমলীগড়ত গাড়ীখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ পাছতে এই ঘটনা পোহৰলৈ আহে ৷ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ফণীভূষণ চৌধুৰীৰ প্ৰাক্তন গাড়ীচালক আৰিফুল আলী , ৰকিবুল হুছেইনৰ গাড়ীচালক ছফিকুল আহমেদ আৰু হাৰেচ আলী নামৰ তিনিজন লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে ৷