সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এটা MRIৰ বাবে ৰ’ব লাগে দুমাহ- কি চলিছে অসমৰ স্বাস্থ্যখণ্ডত?

দ্য ক্ৰছকাৰেণ্টৰ এক চৰজমিন অনুসন্ধান

এগৰাকী সংকটজনক ৰোগীৰ এটা এমআৰআই পৰীক্ষাৰ বাবেও সময় লাগে দুমাহ৷ চিটি স্কেন কৰিবলৈ এগৰাকী ৰোগীয়ে অপেক্ষা কৰিব লাগে ১৫ দিন৷ যি সময়ত চৰকাৰে বিনামূলীয়া ঔষধ অথবা বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ কথাৰে উন্নত স্বাস্থ্যখণ্ডৰ শ্ল’গান দিছে, সেই সময়ত এনেধৰণৰ অচলাৱস্থাই দেখা দিছে চৰকাৰী খণ্ডৰ চিকিৎসালয় সমূহত৷ উত্তৰ পূবৰ অন্যতম চিকিৎসা সেৱাক্ষেত্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় এতিয়া কেনে চলিছে? জিএমচিএইছত চিকিৎসা কৰিবলৈ আহি কেনেকৈ হাহাকাৰ কৰিছে ৰোগীয়ে? দ্য ক্ৰছকাৰেণ্টৰ এক চৰজমিন অনুসন্ধান৷

 

- Donation -

‘MRI’ৰ বাবে দুমাহ অপেক্ষা কৰিব লাগে ৰোগীয়ে

এটা এটা স্বাস্থ্য পৰীক্ষাৰ বাবে জিএমচিএইছত দুমাহ পর্যন্ত অপেক্ষা কৰিব লাগে ৰোগীয়ে৷ এমআৰআই অথবা চিটি স্কেনৰ দৰে গুৰুত্বপূর্ণ স্বাস্থ্য পৰীক্ষা কৰিবলৈ একো একোগৰাকী সংকটজনক ৰোগীয়েও দীর্ঘদিন অপেক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত৷ বিগত ১৭ জুলাইত বিশ্বনাথ জিলাৰ মল্লিক উপাধিৰ এজন ব্যক্তিয়ে নিজৰ ভিনিয়েকক চিকিৎসাৰ বাবে লৈ আহিছিল জিএমচিএইছলৈ৷ ককালৰ বিষৰ এক গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীজনক প্ৰথমে লৈ যায় জিএমচিএইছৰ জৰুৰীকালীন বিভাগলৈ৷ জৰুৰীকালীন বিভাগে ৰোগীজনক চিকিৎসালয়খনৰ নতুন বিল্ডিঙলৈ লৈ যোৱাৰ পৰামর্শ দিয়ে৷ সেই পৰামর্শ মর্মেই ৰোগী গৰাকীক ১৮ জুলাইত নতুন বিল্ডিঙলৈ লৈ অনা হয়৷ নতুন বিল্ডিংত চিকিৎসকে এইবাৰ ৰোগী গৰাকীৰ এমআৰআইৰ পৰীক্ষা কৰিবলৈ পৰামর্শ দিয়ে৷ সেই অনুসৰি, এমআৰআইৰ বাবে ৰোগীগৰাকীক পুনৰ পুৰণি বিল্ডিঙলৈ লৈ যোৱাৰ পৰামর্শ দিয়া হয়৷ এইবাৰ ৰোগীৰ আত্মীয়ই পুৰণি বিল্ডিঙলৈ আহি এমআৰআইৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াখিনি সম্পন্ন কৰে৷ ৰোগীৰ আত্মীয় গৰাকীয়ে জনোৱা অনুসৰি, এমআৰআইৰ বাবে তেওঁলোকক দুমাহৰ পাছত দিন নির্ধাৰণ কৰি দিয়া হয়৷ এইবাৰ ৰোগীৰ আত্মীয় পুনৰ চিকিৎসকৰ কাষ চাপে৷ ৰোগীৰ আত্মীয়ই আমাকৰ কয়, ‘ডাক্তৰে আমাক এইবাৰ বাহিৰতেই এমআৰআই কৰি অনাৰ পৰামর্শ দিয়ে৷ ডাক্তৰৰ কথা মতে ১৩ হাজাৰ টকাৰে আমি বাহিৰত এমআৰআই কৰি আনো৷’

তিনিদিন থাকিও চিকিৎসা নাপাই উভতাই নিলে ৰোগীক

ব্যক্তিগত প্ৰতিষ্ঠানত ১৩ হাজাৰ টকাৰে এমআৰআই কৰি ৰোগী গৰাকীক পুনৰ জিএমচিএইছলৈ ঘূৰাই অনা হ’ল৷ কিন্তু ৰোগী গৰাকীক চিকিৎসালয়ত ভর্তি হ’বলৈ দিয়া নহ’ল৷ তেতিয়ালৈ বিয়লি ৫ বাজি পাৰ হৈছিল৷ চিকিৎসক নথকাৰ দোহাই দি ৰোগী গৰাকীক পাছদিনা আহিবলৈ কোৱা হ’ল৷ নিশাটো বাহিৰতে কটাই ১৯ জুলাইত ৰোগীক পুনৰ চিকিৎসকৰ ওচৰলৈ লৈ অহা হ’ল৷ কিন্তু এইবাৰ চিকিৎসকে আন এটা স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পৰামর্শ দিয়ে৷ সেই পৰীক্ষাৰ পাছতহে ৰোগীক ভর্তি কৰোৱা হ’ব৷ ৰোগী গৰাকীৰ আত্মীয়ই জনোৱা অনুসৰি, চিকিৎসালয়ৰ ভিতৰত সেই পৰীক্ষা কৰিবলৈ প্ৰায় ১৫ দিন সময় লাগিব৷ তাৰবাবে ১৮ হাজাৰ টকাৰ প্ৰয়োজন হ’ব বুলিও আত্মীয় গৰাকীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয়, ‘ইয়ালৈ অহা তিনিদিন হ’ল, কিন্তু ৰোগীৰ চিকিৎসাই আৰম্ভ হোৱা নাই৷ চিকিৎসালয়ত ভর্তি কৰি নিদিয়াৰ বাবে ৰোগীৰেই থাকিবলৈ ঠাই নাই৷ আমি এতিয়া ঘৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছো আৰু লৈ যোৱাৰ বাবে এম্বুলেন্সৰ লগত কথা পাতিছো৷’

চিটি স্কেনৰ বাবেও লাগে ১৫ টা দিন, ৰিপ’র্ট পাবলৈ অতিৰিক্ত ৭ দিন

খাৰুপেটীয়াৰ পৰা মাকৰ পেটৰ বিষ সম্পর্কীয় ৰোগৰ চিকিৎসা কৰিবলৈ আহিছে মইনুল হক৷ বিগত ৬ জুলাইতেই জিএমচিএইছলৈ আহিছিল মইনুল৷ কিন্তু অভিযোগ অনুসৰি, এতিয়ালৈ  ৰোগীৰ চিকিৎসাই আৰম্ভ হোৱা নাই৷ মইনুলে কয়- ‘আমি ৬ তাৰিখেই ইয়ালৈ আহিলো৷ মাক দুই এটা দৰব খাবলৈ দিছে৷ কিন্তু চিকিৎসা আৰম্ভই হোৱা নাই৷ ডাক্তৰে চিটি স্কেন কৰিবলৈ দিলে৷ কিন্তু চিটি স্কেন কৰিবলৈ যাওঁতে ১৫ দিন লাগিব বুলি ক’লে৷ ৰিপ’র্ট আহোঁতেও লাগিব আৰু ৭ দিন৷ কিন্তু ডাক্তৰে আমাক সোনকালে চিটি স্কেন কৰিবলৈ পৰামর্শ দিছে৷ সেইবাবে আমি বাহিৰতে চিটি স্কেন কৰিলো৷ চিটি স্কেন কৰোতে ৭ হাজাৰ ২০০ টকা লৈছে৷’

আয়ুষ্মান আঁচনিৰ সুবিধা পাইছেনে জনতাই?

১৯ জুলাইৰ দুপৰীয়া৷ জিএমচিএইছৰ মূল প্ৰৱেশদ্বাৰৰ সমূখত এগৰাকী মহিলা৷ মহিলা গৰাকীৰ চকুত চকুপানী৷ কাৰোবাৰ লগত কান্দি কান্দি ফোনত কথা পাতি আছে৷ আমি মহিলাগৰাকীৰ কাষলৈ গৈ কথা পাতিছিলো৷ বিজনীৰ পৰা অহা মহিলা গৰাকীয়ে কান্দি কান্দিয়েই আমাক কয়, ‘এবছৰ পূর্বে ব্ৰেইনৰ টিউমাৰ হৈছিল৷ ইয়াত অপাৰেচন কৰিলো৷ কিন্তু এতিয়াও চিকিৎসা শেষ হোৱা নাই৷ এতিয়াও মই ইয়ালৈ আহিয়েই থাকিব লাগে৷ মানুহজনে হাজিৰা কৰে৷ ঔষধ কিনি কিনি প্ৰত্যেকবাৰে মোৰ বহুত টকা খৰচ হৈছে৷’

মহিলাগৰাকীক আয়ুষ্মান কার্ডৰ কথা সোধা হৈছিল৷ তেওঁ কয়, ‘অপাৰেচনতো পইচা খৰচ হৈছিল৷ এতিয়াও ঔষধ কিনিয়েই খাইছো৷ কেৱল মাত্ৰ ৰেডিয়েশ্যন লোৱাৰ সময়ত বিনামূলীয়াকৈ ঔষধ লাভ কৰিছিলো৷ এতিয়া আয়ুষ্মান কার্ডৰ জৰিয়তে বিনামূলীয়াকৈ ঔষধ বিচাৰিছিলো৷ কিন্তু ডাক্তৰে ক’লে, এতিয়া হেনো আয়ুষ্মান কার্ড নচলে, মেডিকেলত ভর্তি হৈ থাকিলেহে পোৱা যায়৷’

১১ ফেব্ৰুৱাৰী, ২০২৪, হিমন্ত বিশ্ব শৰ্মাৰ এক্স হেণ্ডেলৰ পৰা লোৱা ফটো

আয়ুষ্মান কার্ডে ঢুকি পোৱা নাই সর্বসাধাৰণক

জিএমচিএইছত সাক্ষাৎ লাভ কৰা অনেক ৰোগী আৰু তেওঁলোকৰ আত্মীয়ই আমাক জনায়, যে প্ৰক্ৰিয়াগত জটিলতাৰ বাবে তেওঁলোকে আয়ুষ্মান কার্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা লাভ কৰা নাই৷ চিকিৎসালয়ত ভর্তি হৈ থকাৰ সময়ত পৰীক্ষা নিৰীক্ষা অথবা ঔষধৰ ক্ষেত্ৰত তেওঁলোকে আয়ুষ্মান কার্ডৰ জৰিয়তে বিনামূলীয়া সেৱা লাভ কৰে৷ কিন্তু চিকিৎসালয়ত ভর্তি নোহোৱাকৈ চিকিৎসা চলি থকাৰ সময়ত এই সমূহ বিনামূলীয়া সেৱা উপলব্ধ নহয়৷ তেনেক্ষেত্ৰত এনে ৰোগীয়ে পৰীক্ষা নিৰীক্ষা অথবা অন্যান্য ক্ষেত্ৰত বুজন সংখ্যক মাচুলৰ বোজা বহন কৰিবলগীয়া হয়৷

চাংসাৰিৰ পৰা অহা এগৰাকী মহিলাই আয়ুষ্মান কার্ডৰ জটিলতাৰ ক্ষেত্ৰত আমাৰ আগত গুৰুত্বপূর্ণ মন্তব্য কৰে৷ মহিলগৰাকীৰ কণমানি পুত্ৰ প্ৰস্ৰাৱজনিত ৰোগত আক্ৰান্ত হৈছিল৷ সেই অনুসৰি জিএমচিএইছত চিকিৎসকক দেখুওৱাৰ পাছত অস্ত্ৰোপ্ৰচাৰৰ পৰামর্শ দিয়া হয়৷ জিএমচিএইছতেই সেই অপাৰেচন সম্পন্ন হৈছিল যদিও, মহিলাগৰাকীয়ে জনোৱা অনুসৰি তাৰ বাবদ তেওঁলোকে প্ৰায় ২১ হাজাৰ টকা বহন কৰিবলগীয়া হৈছিল৷ এটা ঔষধো তেওঁলোকে বিনামূলীয়াকৈ লাভ কৰা নাছিল৷ ফার্মাচীৰ বিল দেখুৱাই মহিলাগৰাকীয়ে কয়,‘ অপাৰেচনত আমি ২১ হাজাৰ টকা খৰচ কৰিছো৷ প্ৰতিটো ঔষধ ফামার্চীৰ পৰা কিনি আনিছো৷ অপাৰেচনৰ দিনা মই ১৮০০ টকাৰ ঔষধ কিনি আনিছো৷ পাছতো দামী দামী ঔষধ কিনিয়েই আনিছো৷’

আয়ুষ্মান কার্ডৰ প্ৰসংগত মহিলা গৰাকীয়ে কয়, ‘মোৰ আয়ুষ্মান কার্ড নাছিল৷ ইয়ালৈ অহাৰ পাছত ইয়াতেই এখন আয়ুষ্মান কার্ড বনাবলৈ ওলাইছিলো৷ ইয়াত কেৱল ৰোগীৰ নামতহে আয়ুষ্মান কার্ড বনায়৷ তেওঁলোকে ক’লে যে, আয়ুষ্মান কার্ড বনাবলৈ ৰোগীৰ নাম ৰেচন কার্ডত থাকিব লাগিব৷ ল’ৰাটোৰ বয়স ১২ বছৰ হোৱাই নাই৷ বাৰ বছৰ নহ’লে ৰেচন কার্ডতো নাম নাহে৷’

জিএমচিএইছত দীঘলীয়া চিকিৎসা প্ৰক্ৰিয়া, কি হয় সংকটজনক ৰোগীৰ?

পেটৰ বিষৰ বেমাৰ দেখুৱাবলৈ মৰিগাঁৱৰ পৰা এগৰাকী বৃদ্ধ আহিছিল জিএমচিএইছলৈ৷ তেওঁ জনোৱা অনুসৰি, বুধবাৰে তেওঁ চিকিৎসকক দেখুওৱাৰ পাছত এক্স ৰে’ৰ পৰামর্শ দিয়ে৷ বুধবাৰেই তেওঁ এক্স ৰে’ কৰে যদিও, ৰিপ’র্ট ল’বলৈ তেওঁক শুক্ৰবাৰে আহিবলৈ কোৱা হয়৷ শুক্ৰবাৰে এক্স ৰে’ৰ ৰিপ’র্ট ল’বলৈ বৃদ্ধগৰাকী পুনৰ মৰিগাঁৱৰ পৰা আহি জিএমচিএইছত উপস্থিত হয়৷ এক্স ৰে’ৰ ৰিপ’র্ট গ্ৰহণ কৰি চিকিৎসকক তেওঁ দেখুওৱাৰ পাছত চিকিৎসকে পুনৰ আন এটা পৰীক্ষাৰ বাবে পৰামর্শ প্ৰদান কৰে৷ শুক্ৰবাৰে তেওঁ সেই পৰীক্ষা সম্পন্ন কৰে৷ কিন্তু পৰীক্ষাৰ ৰিপ’র্ট লাভ কৰিব সোমবাৰেহে৷ শুক্ৰবাৰে তেওঁ মৰিগাঁৱলৈ উভতি যায়৷ ৰিপ’র্ট গ্ৰহণ কৰি চিকিৎসকৰ পৰামর্শ ল’বলৈ তেওঁ পুনৰবাৰ সোমবাৰে গুৱাহাটীলৈ আহিব৷ তেওঁ নাজানে, তেওঁৰ ৰোগৰ চিকিৎসা কেতিয়া আৰম্ভ হ’ব৷

খাৰুপেটীয়াৰ মইনুল হকে জনোৱা অনুসৰি, এনে কিছুমান লেহেমীয়া পদ্ধতিৰ বাবে বিগত ১৪ দিন জিএমচিএইছত বাহৰ পতাৰ পাছতো মাতৃৰ চিকিৎসা আৰম্ভ হোৱা নাই৷ বিশ্বনাথৰ ৰোগী গৰাকীৰ তিনিদিন ধৰি চিকিৎসা নোহোৱাৰ বাবেই ঘৰলৈ উভতাই লৈ যোৱা হ’ল৷ জিএমচিএইছত এমআৰআই কৰিবলৈ অপেক্ষা কৰিবলগীয়া হয় দুমাহ সময়৷ সংকটজনক ৰোগীৰ ক্ষেত্ৰত দীর্ঘদিন অপেক্ষা কৰাটো সম্ভৱ নহয়৷ পৰিণতিত তেওঁলোকে বর্ধিত মাচুল বহন কৰি স্বাস্থ্য পৰীক্ষা কৰিবলগীয়া হয় ব্যক্তিগত প্ৰতিষ্ঠানত৷

বিনামূলীয়া ঔষধ কোনে পায়? চৰকাৰী চিকিৎসালয়লৈ আহিও সর্বস্বান্ত হয় ৰোগী

ঔষধৰ দাম বৃদ্ধিৰ কথা ক’লে সততে চৰকাৰে চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া ঔষধ প্ৰদানৰ কথা কয়৷ কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া নহয়৷ দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধানকালত  ভৰিত অস্ত্ৰোপ্ৰচাৰৰ পাছত চিকিৎসা অব্যাহত ৰখা এগৰাকী ৰোগীয়ে কয়, ‘দামী দামী ঔষধবোৰ মেডিকেলত নাপাওঁ, কিনিব লাগে৷ আজি ডাক্তৰে এটা মলম লিখি দিছিল৷ মেডিকেলৰ ভিতৰৰ সকলো ফার্মাচীত বিচাৰিও নাপালো৷ এতিয়া বাহিৰৰ পৰা কিনি আনিছো৷ দাম ৪০০ টকা৷’

মৰিগাঁৱৰ এজন ৰোগীয়ে কয়, ‘আজি ৭০০ টকা দামৰ এটা ঔষধ বাহিৰৰ পৰা কিনিছো৷ ২০০ টকাৰ পৰা ৩০০ টকা দাম কেইবাটাও ঔষধ বাহিৰতেই কিনিছো৷’ নলবাৰীৰ এগৰাকী ৰোগীৰ আত্মীয়ই কয়, ‘বেছিভাগ দৰৱ আমি বাহিৰতেই কিনিছো৷ গেষ্ট্ৰিকৰ দৰৱহে ইয়াত পাইছো৷ আচল বেমাৰৰ দৰৱ ইয়াত নাই৷’ নিজৰ বেমাৰ দেখুৱাবলৈ অহা এগৰাকী মহিলাই কয়, ‘আগতে বিনামূলীয়া ঔষধ পাইছিলো৷ আজিকালি নাপাওঁ৷ আজিও পোৱা নাই৷ আজি মই ৫ হাজাৰ টকাৰ ঔষধ বাহিৰত কিনিব লাগিব৷’

১৯ জুলাইত আমি জিএমচিএইছত লগ পোৱা এগৰাকী মহিলাৰ ঘটনা আছিল দুখজনক৷ চিকিৎসালয়ৰ পৰা ঘূৰি যাবলৈ মহিলাগৰাকীয়ে গাড়ী ভাড়াৰ বাবে চিকিৎসালয়ৰ আশে পাশে ভিক্ষা খুজি আছিল৷ আমি তেওঁৰ লগত কথা পাতিছিলো৷ মহিলাগৰাকী চিকিৎসাৰ বাবে আহিছিল আদাবাৰীৰ পৰা৷ চিকিৎসকে তেওঁক বিভিন্ন ঔষধৰ পৰামর্শ দিলে৷ তেওঁ কয়, ‘বিনামূলীয়া ঔষধ পোৱা নাই৷ কিনিবলৈ গ’লো৷ দুহাজাৰ টকা হ’ল৷ লগত দুহাজাৰ টকাই আছিল, এতিয়া ঘূৰি যাবলৈ গাড়ী ভাড়াৰ বাবে লগত একেবাৰেই পইচা নাই৷’

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেৱল অসমৰে নহয়, উত্তৰ পূবৰ বাবেই অন্যতম আৰু প্ৰধান ৰাজহুৱা চিকিৎসা সেৱাক্ষেত্ৰ৷সৰু এটা ৰোগৰ বাবেও জিএমচিএইছলৈ ৰোগী আহিবলগীয়া হয়৷ যি সময়ত ব্যক্তিগত চিকিৎসা সেৱা অধিক ব্যয়বহুল হৈ পৰিছে, সেই সময়ত জিএমচিএইছেই হৈ পৰিছে সর্বসাধাৰণৰ বাবে একমাত্ৰ সাৰথি৷ কিন্তু জিএমচিএইছতো এতিয়া সৰু সৰু এটা পৰীক্ষাৰ বাবে ৰোগীয়ে অপেক্ষা কৰিবলগীয়া হৈছে দুমাহ পর্যন্ত৷ সঠিক সময়ত লাভ কৰা নাই চিকিৎসা সেৱা৷ চিকিৎসা পদ্ধতি হৈ পৰিছে লেহেমীয়া৷ বিনামূলীয়া ঔষধ অথবা বিনামূলীয়া চিকিৎসা সেৱাও এতিয়া কেনেদৰে দুর্লভ হৈ পৰিছে সেয়া এই প্ৰতিবেদনতে ষ্পষ্ট হৈ পৰিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে যদি এনে অৱস্থা, ৰাজ্যৰ অন্যান্য চৰকাৰী চিকিৎসালয় সমূহ এতিয়া কেনেকৈ চলিছে সেয়া সহজেই অনুমেয়৷

Leave A Reply

Your email address will not be published.