সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২০ বছৰৰ আফগান যুদ্ধ সামৰি কিয় খালী হাতেৰে উভতিল আমেৰিকা ?

৯/১১ ৰ ভয়ংকৰ আক্ৰমণৰ পাছত আমেৰিকা প্ৰতিশোধ পৰায়ণ হৈ উঠিল ৷ আল-কায়দা আৰু তালিবানৰ নেক্সাছৰ আলম লৈ নিশাৰ ভিতৰতে সৈন্যসামন্ত লৈ প্ৰৱেশ কৰিলে আফগানিস্তানত ৷ তাৰ পাছত সুদীৰ্ঘ ২০ টা বছৰৰ অবিৰাম যুদ্ধ ৷ ব্যয় হ’ল কৌটি কৌটি ডলাৰ ৷ হাজাৰ হাজাৰ সৈনিক মৃত্যমুখত পৰিল ৷ কুৰি বছৰৰ দীৰ্ঘতম যুদ্ধ সামৰি কাৰ্যত: খালী হাতেই উভতিব লগীয়া হ’ল মহাশক্তিমান আমেৰিকা ৷এয়া বিশ্ব ৰাজনীতিৰ আজিৰ সময়ৰ আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে ৷
বিগত কুৰি বছৰত আফগানিস্তান যুদ্ধৰ নামত আমেৰিকাই ব্যয় কৰিছে ২ লাখ ২৬ হাজাৰ কৌটি ডলাৰ ৷ ইয়াৰ ভিতৰত অফগান সেনাক প্ৰশিক্ষণ দিয়াৰ নামতেই খৰচ হৈছে ৮ হাজাৰ ৯০০ কৌটি ডলাৰ ৷ পেন্টাগনৰ পৰা প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি কেৱল যুদ্ধত এই সময়ছোৱাত ব্যয় হৈছে ৮১ হাজাৰ ৫৭০ কৌটি ডলাৰ ৷
মুলত: আল কায়দাক আশ্ৰয় দিয়া তালিবানক নিধন কৰাৰ লক্ষ্যৰে আফগানিস্তানত ভৰি থৈছিল আমেৰিকাই ৷ আফগানিস্তানক নিয়ন্ত্ৰণত ৰাখিবলৈ তাৰ পাছত ঋণ পৰ্যন্ত ল’বলগীয়া হ’ল ক্ষমতাশালী দেশখনে ৷এই ঋণৰ সুদৰ পৰিমানেই হ’ল ৫৩ হাজাৰ কৌটি ডলাৰ ৷ স্পেছিয়েল ইন্সপেক্টৰ জেনেৰেল অব আফগানিস্তান ৰি কনষ্ট্ৰাকছন অৰ্থাৎ ছিগাৰৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছিল ৷ ইফালে , ২০০৯ চনত আফগানিস্তানত নিজৰ সেনাৰ সংখ্যা ১ লাখলৈ বৃদ্ধি কৰে তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই ৷ আফগান আৰু আমেৰিকান সেনা মিলি তালিবানৰ বিৰুদ্ধে যুদ্ধত নিয়োগ হৈছিল মুঠ ৩ লাখ সেনা ৷ছিগাৰৰ প্ৰতিবেদন মতেই আফগানিস্তান যুদ্ধত আমেৰিকাৰ ২ হাজাৰ ৪৪২ জন সেনাৰ মৃত্যু হৈছে ৷ বেচৰকাৰী নিৰাপত্তা সংস্থাৰ ৪ হাজাৰ সুৰক্ষাকৰ্মী নিহত হৈছে ৷ গুৰুতৰভাৱে আহত হৈছে ২০ হাজাৰ ৬৬৬ গৰাকী সেনা ৷ আফগানিস্তান যুদ্ধত প্ৰাণ ৰক্ষা পৰা সৈনিকৰ চিকিৎসা আৰু কল্যানমূলক ভাট্টাৰ নামত আমেৰিকাই ব্যয় কৰিবলগীয়া হয় ২৯ হাজাৰ ৬০০ কৌটি ডলাৰ ৷
অপৰিসীম ব্যয় , অজস্ৰজনৰ প্ৰাণহানিৰ পাছতো আফগানিস্তানৰ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ’ল ৷ পথ , স্কুল , হাস্পতাল নিৰ্মান হৈছে ঠিকেই কিন্তু ২০২০ চনৰ বিশ্ববেংকৰ প্ৰতিবেদন অনুসৰি আফগানিস্তানত এতিয়াও নিবনুৱাৰ হাৰ ২৭ শতাংশ আৰু দৰিদ্ৰতাৰ হাৰ ৪৭ শতাংশ ৷
বিগত ২০ বছৰৰ যু্দ্ধত কেৱল ধন আৰু প্ৰাণৰ হানিয়েই হোৱা নাই , আমেৰিকাৰ ভাবমূৰ্তিও ক্ষতিগ্ৰস্থ হৈছে ৷ শান্তি আৰু স্থিতাৱস্থা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতিৰে এসময়ত আফগানিস্তানত ঘাটি পাতিছিল আমেৰিকাই ৷ কিন্তু আজি নীৰিহ আফগানিস্তানবাসীক চৰম অনিশ্চয়তাৰ মুখলৈ ঠেলি আমেৰিকাই দেশখন ত্যাগ কৰিলে ৷ দুটা দশক আগতে আমেৰিকাই লোৱা একপক্ষীয় সিদ্ধান্তৰ বাবে অভাবনীয় ক্ষতিৰ সন্মুখীন হ’ল আফগানিস্তান ৷ ৯/১১ ৰ আক্ৰমণত যদি নিহতৰ সংখ্যা আছিল ৩ হাজাৰ , তেনেহ’লে ২০ বছৰৰ আফগান যুদ্ধত প্ৰাণ হেৰুৱালে ৪৭ হাজাৰ ২৪৫ গৰাকী নাগৰিকে ৷ তালিবান , আল কায়দা , মুজাহিদীন আদি সংগঠনৰে এইসকল লোকৰ দূৰ দূৰলৈ কোনো সম্পৰ্ক নাছিল ৷আফগানিস্তান যুদ্ধৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ ৮০ গৰাকী সাংবাদিক মৃত্যমুখত পৰিছে ৷ যুদ্ধক্ষেত্ৰত আৰ্তজনক সহায় কৰিবলৈ গৈ ৪০০ ৰো অধিক স্বেচ্ছাসেৱক নিহত হৈছে ৷ এই তথ্য আমেৰিকাৰ ব্ৰাউন ইউনিভাৰ্ছিটীয়ে প্ৰকাশ কৰিছে ৷ইয়াৰ বাহিৰে যুদ্ধৰ সঠিক ক্ষয় ক্ষতিৰ হিচাপ কাৰো ওচৰত নাই ৷ বিভিন্ন মানৱ অধিকাৰ সংস্থাৰ মতে বিগত ২০ বছৰত কমেও ৭০ হাজাৰ আফগান সেনা যুদ্ধত নিহত হৈছে ৷
২০১৩ চনৰ পৰা আফগানিস্তানত প্ৰায় ২৭ হাজাৰ বোমা নিক্ষেপ কৰিছে আমেৰিকাই ৷ তাৰ পাছতো তালিবান নি:শেষ নহ’ল ৷ অৱশেষত যোৱা মাৰ্চ মাহত আফগানিস্তানৰ পৰা অমেৰিকাৰ সেনা প্ৰত্যাহাৰৰ ঘোষণা কৰা হ’ল ৷ তাৰ পাছৰে পৰা আমেৰিকা আৰু তালিবানৰ মুখামুখি যুদ্ধ প্ৰায় বন্ধ যদিও আফগান সেনাক তালিবানে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ আন্তৰ্জাতিক সংস্থাসমূহৰ মতে তালিবান যোদ্ধাৰ সংখ্যা হ’ব প্ৰায় ৬০ হাজাৰ ৷ এতিয়া বহু আফগান সেনাই তালিবানত যোগ দিয়াৰ বাতৰিও ওলাইছে ৷ সংঘাত এৰাই চলিবলৈ বহুকেইখন প্ৰদেশৰ গভৰ্ণৰে তালিবানৰ লগত বুজাবুজি কৰিবলৈ আগবাঢ়িছে ৷ ইতিমধ্যে ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰাই নহয় , আফগানিস্তানো ত্যাগ কৰিছে ৷ তালিবানৰ ক্ষমতালৈ অহাৰ পথ প্ৰশস্ত হৈছে ৷ একেসময়তে ২০ টা বছৰত সীমাহীন ধনৰ ব্যয় আৰু অজস্ৰ সেনা – নাগৰিকৰ প্ৰাণহানিৰ পাছতো আমেৰিকাই খালী হাতেৰেই দেশলৈ উভতিবলগীয়া হ’ল বুলিও চৰ্চা চলিছে ৷

Leave A Reply

Your email address will not be published.