বিজেপিলৈ নাযায় সুস্মিতা দেৱ , যোগ দিব কোন দলত ?

Share This Article

প্ৰাক্তণ সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে পদত্যাগ কৰাৰ পাছত কংগ্ৰেছৰ ভিতৰচ’ৰাত ধুমুহাৰ সৃষ্টি হৈছে ৷ পশ্চিমবংগৰ সংবাদমাধ্যমৰ খবৰ অনুসৰি তেও তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ সোমবাৰে ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ পত্ৰত তেও এইদৰে উল্লেখ কৰে ,’জাতীয় কংগ্ৰেছৰ লগত বিগত ৩ টা দশকৰ সম্পৰ্ক সমাপ্ত কৰিলো ৷ তিনি দশকৰ স্মৃতি আমি চিৰ জীৱন মনত ৰাখিম ৷” শিলচৰ লোকসভা সমষ্টিৰ প্ৰাক্তণ সাংসদগৰাকীৰ তৃণমূলত যোগদানক লৈ বৰাক উপত্যকাৰ লগতে পশ্চিমবংগতো ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.