ভাৰত চৰকাৰে দেশবাসীৰ ওপৰত জাপি থৈছে ৩২ হাজাৰ টকাৰ বোজা৷অসম চৰকাৰে অসমবাসীৰ ওপৰত জাপি থৈছে ২৯ হাজাৰ টকাৰ বোজা৷অর্থাৎ প্ৰায় ৬১ হাজাৰ কোটি টকাৰ ধাৰৰ বোজাত ডুবি আছে এতিয়া প্ৰতিজন অসমীয়া৷সেইবাবেই আপোনাৰ ঘৰত এটা সন্তানৰ জন্ম হলেও জন্ম হৈয়ে নিস্পাপ শিশুটিয়ে মূৰ পাতি লব লাগিব ৬১ হাজাৰ টকাৰ ধাৰৰ বোজা৷
ৰিজার্ভ বেংক অফ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ২০০৫ চনৰ পৰা ২০১৬ চনলৈ অসমৰ কংগ্ৰেছ চৰকাৰে ১০ টা বছৰত ঋণ লৈছিল সর্বমুঠ ৪১ হাজাৰ ৯৬৪ কোটি টকা৷অর্থাৎ ২০১৬ চনত ৪১ হাজাৰ ৯৬৪ কোটি টকাৰ ধাৰৰ বোজা লৈ অসমৰ ৰাজপাটত বহিছিল বিজেপিৰ সোণোৱাল চৰকাৰ৷কিন্তু সোণোৱাল চৰকাৰে নিজৰ ৫ বছৰীয়া শাসনকালতেই ঋণ গ্ৰহন কৰিলে অতিৰিক্ত ৫১ হাজাৰ ১১২ কোটি টকা৷৷সোনোৱাল চৰকাৰৰ কার্যকালত ২০১৭ চনত অসম চৰকাৰৰ ধাৰ বৃদ্ধি হল ৪৪ হাজাৰ ৩৬ কোটি টকালৈ৷২০১৮ চনত ঋণৰ পৰা পৰিমাণ বৃদ্ধি হল ৪৯ হাজাৰ ৩১০ কোটিলৈ৷একদৰে ২০১৯ চনত অসম চৰকাৰৰ ঋণৰ পৰিমাণ বৃদ্ধি হল ৫৯ হাজাৰ ৭৯৬ কোটি টকালৈ৷২০২০ চনত অসম চৰকাৰৰ ধাৰ বৃদ্ধি হল ৭৫ হাজাৰ ৮৬৭ কোটি টকালৈ৷২০২১ চনৰ মার্চ মাহৰ শেষলৈ অসম চৰকাৰৰ ঋণৰ পৰিমান বৃদ্ধি হল ৯৩ হাজাৰ ০৭৬ কোটি টকালৈ৷
২০২১ চনত ৰাজ্যত পুনৰ বিজেপিৰেই চৰকাৰ হল৷পূর্বৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা এইবাৰ হল মুখ্যমন্ত্ৰী৷ভাৰতীয় ৰির্জাভ বেংকৰ তথ্য অনুসৰি হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসম চৰকাৰে ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ২৬ অক্টোবৰলৈ ঋণ ললে ৯ হাজাৰ ৪০০ কোটি টকালৈ৷
অর্থাৎ বর্তমান সময়ত অসম চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমান ১ লাখ,২ হাজাৰ ৪৭৬ কোটি টকা৷আনহাতে Unique Identification India data ৰ সাম্ভাব্য তথ্য অনুসৰি বর্তমান অসমৰ জনসংখ্যা প্ৰায় তিনি কোটি ৫০ লাখ৷যিহেতু চৰকাৰৰ ধাৰ মানে জনতাৰ ধাৰ সেইবাবেই এতিয়া প্ৰতিজন অসমবাসীৰ মূৰত আছে ২৯ হাজাৰ টকাকৈ ধাৰৰ বোজা৷
কিন্তু ইয়াতেই শেষ হোৱা নাই ধাৰৰ হিচাপ৷১৮ ডিচেম্বৰৰ অসমীয়া প্ৰতিদিন কাকতৰ এটা বাতৰি অনুসৰি,যোৱা ৭ বছৰত দেশৰ বিদেশী ঋণ প্ৰায় ১০ লাখ কোটি টকা বৃদ্ধি পাই এই বছৰটোত হয়গৈ ৪৩.৩২ লাখ কোটি টকা।২০০৬ চনত এই পৰিমাণ আছিল ১০ লাখ কোটি টকা।লক্ষণীয় যে ২০১৪ চনত দেশৰ জনসংখ্যা আছিল ১২৯ কোটি।আৰু সেই সময়তেই দেশৰ প্ৰতিজন নাগৰিকৰ মূৰত আছিল ২৬ হাজাৰ টকাৰ ঋণৰ বোজা।যোৱা ৭ বছৰত এই ঋণৰ বোজা আৰু বাঢ়িল ৬ হাজাৰ টকাকৈ।মুঠতে এতিয়া প্ৰতিজন ভাৰতীয়ৰ মূৰত ঋণৰ বোজাৰ পৰিমাণ ৩২ হাজাৰ টকা৷অর্থাৎ আপুনি এজন ভাৰতীয় হিচাপে ভাৰত চৰকাৰে আপোনাক প্ৰদান কৰিছে ৩২ হাজাৰ টকাৰ ধাৰৰ বোজা৷আনহাতে অসমবাসী হিচাপে আপোনাৰ ওপৰত আছে অসম চৰকাৰে প্ৰদান কৰা আন ২৯ হাজাৰ টকাৰ ধাৰৰ বোজা৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.