ফেৰীবোৰেই নহয় , ভোটবোৰো অসুৰক্ষিত

Share This Article
  • জুৰি বৰুৱা

কোনো দুৰ্যোগেই কেৱল প্ৰাকৃতিক নহয়, বিশেষকৈ আধুনিক আধিপত্যৰ দিনত । কাৰণ ইয়াৰ সৈতে জড়িত থাকে দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ দৰে দুটা গুৰুত্বপূৰ্ণ দিশ। কিন্তু ভাৰতবৰ্ষৰ দৰে দেশতো আজিৰ তাৰিখতো এই দুয়োটা দিশৰে আলোচনা হয় দুৰ্যোগটোৰ পাছত।  আৰু তাৰ ফল ভোগ কৰে সাধাৰণ জনতাই।  প্ৰজন্মৰ পাছত প্ৰজন্ম উপভোক্তাৰ মাৰ্কা লগাই তেওঁলোকক অৱনমিত কৰা হয় এক প্ৰকাৰৰ দাসলৈ । নিমাতীঘাটৰ ঘটনা কেৱল মাজুলীৰে নহয়, সমগ্ৰ দেশৰে এক চৰম ট্ৰেজেডী। কিন্তু ইয়াক কেৱল আৰু কেৱল ট্ৰেজেডী বুলি বুকুত হাত সাৱটি বহি থাকিব নোৱাৰি ।পাব্লিক মেম’ৰিক যিসকল নেতা পালিনেতাই খন্তেকীয়া বুলি পতিয়ন যায়, তেওঁলোকৰ ৰাজনৈতিক গাদীৰ আয়ুসো সিমানেই চুটি । প্ৰতিদিনে ৰাতিপুৱা-গধূলি চলা ফেৰীবোৰ যদি সুৰক্ষিত নহয়, তেন্তে শাসক পক্ষই  মনত ৰখা ভাল তেওঁলোকৰ ভোটবোৰো অসুৰক্ষিত।  দুৰ্যোগ একোটাৰ আশংকাক সোঁচৰা বেমাৰলৈ পৰিণত কৰিবলৈ এৰি দিয়াসকলো আজিৰ তাৰিখত সমানেই এই ঘটনাৰ বাবে জগৰীয়া ।

চৰকাৰ আহিব আৰু যাব। নতুন নতুন দল গাদীত বহিব আৰু প্ৰতিশ্ৰুতিৰে উভৈনদী কৰিব দিন ৰাতি। কিন্তু মাজুলীৰ ভৱিষ্যত প্ৰজন্মক ট্ৰেজেডীৰ গৰাহলৈ ঠেলি দি অসমত কোনেও ভাৰসাম্যৰ ৰাজত্ব কৰিব নোৱাৰে । মাজুলী অসমৰ প্ৰাণ । কল্যাণকামী ৰাষ্ট্ৰৰ নাগৰিক হিচাপে প্ৰতিটো দুৰ্যোগৰ পৰা প্ৰশমন পোৱাটো মাজুলীবাসীৰ জন্মস্বত্ব অধিকাৰ।  দুৰ্যোগৰ পাছত দুৰ্যোগে জুৰুলা কৰা মানুহ হৈ পৰে আত্মবিশ্বাসহীন । ই এফালে জন্ম দিয়ে এচাম লোভীয়া, আত্মকেন্দ্ৰিক দালালৰ। আনফালে এচাম ৰৈ থাকে শক্তিশালী শ্ৰেণীৰ এষাৰ মাতৰ আশাত। কিন্তু মাজুলীৰ নতুন প্ৰজন্মই এই দুয়োটা শ্ৰেণীকে চিনিছে। তেওঁলোকে বুজিছে যে দলীয় আদৰ্শৰ ঊৰ্ধত আছে জীৱনৰ অধিকাৰ। নিৰ্বাচন,  ৰাস , পৰ্যটনত গিজগিজাই থকা মাজুলী কোনো শাসকৰ বাবে যে প্ৰান্তীয় অঞ্চল নহয়, এই কথা সংশ্লিষ্ট মহলে মনত সাঁচ বহুৱাই লোৱাটো অতি দৰকাৰী।

মাজুলীবাসীয়ে নাৱৰ ডিঙাত জীৱন বান্ধি আৰু কিমান দিনলৈ পাৰ কৰিব ইপাৰ সিপাৰ? আধুনিক প্ৰযুক্তিয়ে পৰিৱৰ্তন আনিব বুলি সংকুচিত হৈ থকা সত্ৰীয়া ৰক্ষকসকল, মান্ধতা যুগৰ পৰা ওলাই অলপ বাহিৰলৈ চাৱক। আপোনালোকৰ দৰে একোখন ফেৰী অকলেই ভাড়া কৰি বৰনদী পাৰ কৰাৰ ঔকাদ সাধাৰণজনৰ ওচৰত নাই। ৰাজনৈতিক নেতাৰ দৰে হেলিপেদত নমাৰো স্বপ্ন কিমানজনে দেখিব পাৰে ? দলং হ’লেই পৰিৱৰ্তন আহিব বুলি ৰৈ গ’লেই সংস্কৃতি ৰক্ষা নপৰে। সংস্কৃতি ৰক্ষা কৰিবলৈও লাগে জীৱনৰ প্ৰতি ভৰষা। য’ত জীৱনৰে মূল্য হাঁহ পাৰতকৈও নিম্ন,  তাত কোনো সংস্কৃতিয়ে কাৰো আধিপত্য সুৰক্ষিত কৰিব নোৱাৰে।

মাননীয় চৰকাৰী কৰ্তৃপক্ষ, আন একো নহ’লেও প্ৰতিদিনে মাজুলীৰ পৰা যোৰহাটৰ শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰাসকলৰ কথা ভাবক। ফেৰী পলম হোৱাৰ বাবেই ৰ’দ-বৰষুণ একাকাৰ কৰি আহি, দুটা ক্লাছ মিছ কৰাসকলৰ চকুত যেতিয়া ভাগৰ নেদেখো, তেওঁলোকৰ বাবেই জোৰ পাওঁ। দুৰ্যোগত অভ্যস্ত সকলেই কিয় পিছপৰি থাকিব লাগে বছৰে বছৰে ? এই প্ৰশ্নকে প্ৰত্যাহ্বান জনাবলৈ যেন এইবোৰ ভাগৰিও নাভাগৰা মুখ। উক্ত ঘটনাৰ পাছত কি সাহসত মাক-দেউতাকে নিজৰ সন্তানক বিদায় দিবহি ফেৰীত? দল-সংগঠনৰ কথা বাদেই দিলো, অসমৰ নাগৰিক সমাজেও প্ৰশ্ন কৰক নিজকে ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধত আমাক কি লাগে? আমাক লাগে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা। জীৱনৰ সুৰক্ষা। এখন চৰকাৰে ভৰিবলগীয়া সেয়াই আটাইতকৈ ব্যয়বহুল মূল্য নহয় জানো?

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.