সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘হিন্দু বীৰ নসজাব’- সকীয়নি অখিল গগৈৰ

অসম – মেঘালয় সীমান্তত সংঘাটিত হোৱা সংঘাতৰ বিৰুদ্ধে সৰৱ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সংঘটিত ঘটনাৰ সম্পৰ্কত নিমাত হৈ থকাত তীব্ৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে।মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা মেঘালয় চৰকাৰে ঘটনাৰ পিছতেই যিদৰে তৎপৰতা দেখুৱাইছে তাৰ বিপৰীতে সেই ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণ নিশ্চুপ হৈ আছে- এই মন্তব্য অখিল গগৈৰ।” অসমীয়া মানুহৰ ওপৰত এনকাউন্টাৰ কৰে, অসমৰ মানুহৰ ওপৰত দাদা কিন্তু যেতিয়াই বৰ্হিৰাজ্যই অসমৰ মানুহৰ ওপৰত আক্ৰমণ কৰে তেতিয়া তেওঁ নিশ্চুপ হৈ থাকে”- এনেদৰে মন্তব্য কৰে বিধায়কগৰাকীয়ে।ঘটনাত নিহত আৰক্ষী বিষয়াগৰাকীক শ্বহীদ হিচাপে ঘোষণা কৰাৰো দাবী জনাই অখিল গগৈয়ে।গৃহ মন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী নিজৰ দায়িত্ব পালনত সম্পূৰ্ণ ব্যৰ্থ বুলি কয় অখিল গগৈয়ে। আনহাতে,লাচিত বৰফুকনক লৈ চৰকাৰৰ স্থিতিক লৈয়ো মতামত প্ৰকাশ কৰে অখিল গগৈয়ে।” লাচিত বৰফুকন এজন সৰ্বভাৰতীয় অসমীয়া বীৰ।তেওঁ যিহেতু আহোম অসমীয়া বীৰ গতিকে তেওঁ স্বাভাৱিকভাৱেই ভাৰতীয় বীৰ হয়,তাত সন্দেহ নাই কিন্তু বিজেপিয়ে লাচিত বৰফুকনক হিন্দু বীৰ হিচাপে পৰিচিত কৰিব বিচাৰিছে !এই বিষয়টোত আমাৰ তীব্ৰ বিৰোধিতা আছে”- এই বিষয়টোক তীব্ৰ গৰিহণা দিয়ে বিধায়ক অখিল গগৈয়ে।লাচিত বৰফুকনক বিজেপিয়ে যিদৰে ধৰ্মৰ নামত ব্যৱহাৰ কৰিব বিচাৰিছে, ধৰ্মীয় উন্মাদনাৰ বাবে বা হিন্দু বীৰ সজাইছে তেনে কাৰ্যক প্ৰতিজন অসমীয়াই গৰিহণা দিয়া উচিত বুলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে।সংবাদমেলত তেওঁ কয়“ বিজেপিৰ আগ্ৰাসনৰ বিৰুদ্ধে আহোম সকলে তুলনামূলকভাৱে বেছি বিৰোধিতা কৰি আহিছে ।গতিকে লাচিত বৰফুকনক হিন্দু বীৰ সাজি আহোম সকলক আকৃষ্ট কৰাটোও এক লক্ষ্য।”

Leave A Reply

Your email address will not be published.