ডিব্ৰুগড়ত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ।ডিব্ৰুগড়ত প্ৰথম বাৰৰ বাবে NIDFF (NORTHEAST INTERNATIONAL DOCUMENTARY FILM FESTIVAL) ৰ উদ্যোগত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল । আজি এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে NIDFF ৰ কৰ্মকৰ্তাই ।অহা ৪ জানুৱাৰীৰ পৰা ৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত বিদেশৰ কেইবাখনো চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।অসমীয়া বোলছৱি নিৰ্মাণৰ হাৰ ত্বৰান্বিত কৰা, নৱ প্ৰজন্মক বোলছৱি নিৰ্মাণৰ প্ৰতি আকৃষ্ট কৰা আৰু অসমীয়া কথাছৱি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি Red Cardinal Motion Pictures বেনাৰত দীৰ্ঘদিনীয়া এক পৰিকল্পনাৰ অন্তত পোনপ্ৰথম বাৰৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক সামৰি এখন আন্তৰাষ্ট্ৰীয় বোলছৱি মহোৎসৱৰ আয়োজন কৰা হৈছে।
Red Cardinal Motion pictures এ DHSK মহাবিদ্যালয়ৰ সহযোগত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অহা ৪ ৰ পৰা ৮ জানুৱাৰীলৈ ৫ দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বোলছৱি আৰু তথ্যচিত্ৰৰ মহোৎসৱ আয়োজন কৰা হৈছে। উক্ত মহোৎসৱৰ প্ৰথম তিনিটা দিনত চিনেমা নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে চাৰিটা বেলগ বেলেগ বিষয়ত ৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় চিনেমা নির্মাতাৰ সৈতে এক আলোচনা চক্ৰৰ লগতে বিশ্বৰ বিভিন্ন ছবি নির্মাতাৰ দ্বাৰা নিৰ্মাণ কৰা ছবি সমূহৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব। লগতে অন্তিম দিনা ভাৰতৰ তথা উত্তৰ পূৱৰ বিশিষ্ট ছবি নিৰ্মাতা আৰু নবীন প্রবীণ অভিনয়ৰ শিল্পী কলা কৌশলীৰ লগত মত বিনিময় আৰু বঁটা বিতৰণী তথা সাংস্কৃতিক সন্ধ্যাৰ লগতে ডিব্ৰুগড়ৰ ৰেডকাৰদিনেল ম’শ্বন পিকচাৰৰ নিৰ্মান হৈ থকা এখনি পূর্ণ দৈৰ্ঘ্যৰ কথাছৱিৰ বিশেষ প্ৰদৰ্শন কৰা হ’ব, য’ত অভিনয় কৰিছে ডিব্ৰুগড়ৰ ভালেকেইগৰাকী নবীন – প্ৰবীণ শিল্পীয়ে। “ডিব্ৰুগড়ত অসমীয়া চিনেমাৰ এটা সুন্দৰ ইতিহাস আছে সেয়ে এই প্ৰচেষ্টা ইতিহাসৰ পাতত জিলিকি ৰ’ব বুলি আমি আশাবাদী”-এনেদৰে মন্তব্য কৰে উদ্যোক্তা সমিতিৰ তৰফৰ পৰা।ইফালে চিনেমা নিৰ্মাণৰ বাবে আগ্রহী ইচ্ছুক ব্যক্তি তথা ছাত্ৰ ছাত্ৰীয়ে উক্ত প্রশিক্ষণ তথা আলোচনা চক্ৰত ভাগ ল’ব পাৰিব বুলি উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়ে সংবাদ মেলৰ জৰিয়তে।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post