মুক্তি পালে ৰাজীৱ গান্ধীৰ হত্যাকাৰীয়ে

Share This Article

৩১বছৰ কাৰাবাস খটাৰ পিছত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুকলি কৰাৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ শুকুৰবাৰে নলিনী শ্ৰীহৰণকে ধৰি আন ৫ গৰাকীক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ ৰায় প্ৰদান কৰে ন্যায়ালয়ে৷ উল্লেখযোগ্য যে বিগত মে’ মাহত ৰাজীৱ গান্ধী হত্যাৰ লগত জড়িত সপ্তম গৰাকী দোষীক উচ্চতম ন্যায়ালয়ে ইয়াৰ অতিৰিক্ত ক্ষমতা প্ৰয়োগ কৰি মুকলি কৰি দিয়াৰ ৰায় দিছিল৷ সেই একে নিৰ্দেশ বাকী থকা ৬ গৰাকী দোষীৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়৷ নলিনীৰ বাহিৰেও ১৯৯১ চনৰ ৰাজীৱ গান্ধী হত্যাৰ লগত জড়িত আন দোষী কেইজন ক্ৰমে শ্ৰীহৰণ,সন্থান,মুৰুগান,ৰবাৰ্ট পায়াস৷ আৰ পি ৰবিচন্দ্ৰন৷

উচ্চতম ন্যায়ালয়ে এই দোষী কেইজন সম্পৰ্কত কয় যে তেওঁলোকে বিগত ৩১বছৰত খুব সুন্দৰ ব্যৱহাৰেৰে আছিল৷ অধ্যয়ন কৰিছিল,ডিগ্ৰী লৈছিল,কিতাপ লিখিছিল আৰু নানান সামাজিক কামত জড়িত হৈছিল৷
১৯৯১ চনৰ ২১মে’ত ৰাজীৱ গান্ধীক তামিলনাডুৰ শ্ৰীপেৰুমবুদৰ চহৰত হত্যা কৰা হৈছিল৷  প্ৰতিৱেশী শ্ৰীলংকাৰ লিবাৰেশন টাইগাৰ্ছ তামিল ইলামৰ এগৰাকী আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত হৈছিল প্ৰধানমন্ত্ৰী গৰাকী৷
এই হত্যাকাণ্ডৰ লগত জড়িত সকলক মৃত্যু পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল৷
২০০০ চনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে মূল হত্যাকাৰী নলিনী শ্ৰীহৰণৰ শাস্তি কমাবলৈ আহ্বান জনাইছিল৷ ২০০৮ চনত আনকি প্ৰিয়ংকা গান্ধীয়ে ভেলোৰ জেলত নলিনী শ্ৰীহৰণক সাক্ষাৎ কৰিছিল৷ উচ্চতম ন্যায়ালয়ৰ এই সিন্ধান্তক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছে৷ আনহাতে,নলিনী শ্ৰীহৰণৰ ভাতৃ বাকীনাথন কয় ইতিমধ্যে তেওঁলোকে তিনিটা দশক কাৰাবাস খাটিছে ৷“তেওঁলোকক মানৱীয় কাৰণতহে মুক্তি দিয়া হৈছে৷যিসকলে ইয়াৰ বিৰোধিতা কৰিছে তেওঁলোকে ন্যায়ালয়ৰ ৰায়ক সন্মান কৰা উচিত”- এনেদৰে কয় বাকীনাথনে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.