বিজেপিয়ে সফলতাৰে চলোৱা উদ্যোগ হ’ল হোৱাটচএপ

Share This Article

ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী শেষ,কিন্তু বিজেপিৰ আছে এক ডাঙৰ উদ্যোগ বিজেপিৰ এই বৃহৎ উদ্যোগটো কি? বিজেপি চৰকাৰে দেশৰ প্ৰায়বোৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ ধ্বংস কৰিলে,সেয়ে বিৰোধীয়ে প্ৰায়েই সমালোচনা কৰে দলটোক৷কিন্তু বিজেপিৰ আছে এক নিজাববীয়া উদ্যোগ !কি এই উদ্যোগ? ‘বিজেপিয়ে চলোৱা বৃহৎ উদ্যোগ হোৱাটচএপ’ এই উদ্যোগৰ জৰিয়তে ঘৃণা -সন্দেহ বিয়পাই বিজেপিয়ে! বিজেপিক হৰুৱাবলৈ নহয়,দেশক বচাবলৈহে এই যাত্ৰা’ এয়া আমাৰ মন্তব্য নহয়। এই মন্তব্য কংগ্ৰেছ নেতা কানহায়া কুমাৰৰ।’ভাৰত জোড়ো যাত্ৰা’ ইতিমধ্যে মহাৰাষ্ট্ৰত উপস্থিত হৈছেগৈ।মহাৰাষ্ট্ৰত উপস্থিত হোৱাৰ পিছত যাত্ৰাৰ লক্ষ্য সম্পৰ্কে কানহায়া কুমাৰে এক সংবাদমেল সম্বোধন কৰে শুকুৰবাৰে৷ সংবাদমেল সম্বোধন কৰি কানহায়া কুমাৰে কয় “ আমাৰ এই যাত্ৰা সফল হৈছে।সফল হৈছে বাবেই মূল ইছ্যুৰ পৰা আঁতৰাই আনিবলৈ জোতা,টী শ্বাৰ্ট,কণ্টেইনাৰ আদিৰ দৰে গুৰুত্বহীন বিষয়বোৰ আনি জনতাৰ সন্মুখত ইছ্যু ডাইভাৰ্ট কৰিব বিচৰা হৈছে।”

“এই যাত্ৰাত সমাজৰ সকলো স্তৰৰ লোকে সহযোগিতা আগবঢ়াইছে৷কৃষক,কোম্পানীৰ চাকৰিয়াল,মহিলা সকলোৱে নিজৰ নিজৰ সমস্যা লৈ আগবাঢ়ি আহি আমাৰ লগত চামিল হৈছে” -পুনৰ এনেদৰে কয় কংগ্ৰেছ নেতা জনে।“এই লোক সকলৰ মনৰ কথা শুনা মানুহ নাছিল।আমি তেওঁলোকৰ মনৰ কথাবোৰ নিজে শুনিবলৈ আহিছোঁ৷বিজেপিয়ে চলোৱা আটাইতকৈ ডাঙৰ উদ্যোগটোৱেই হৈছে হোৱাটচএপ উদ্যোগ৷ইয়াৰ জৰিয়তে ঘৃণা আৰু সংকীৰ্ণতাৰ ৰাজনীতি কৰে দলটোৱে।আমি কিতাপত পঢ়া অনৈক্যৰ মাজৰ ঐক্যৰ বৈশিষ্ট্য আমি এই যাত্ৰাত দেখিছোঁ।এনেকুৱা ঐক্যবদ্ধ ভাৰতক একতাৰ এনাজৰীৰে বন্ধাৰ পৰিবৰ্তে খণ্ড খণ্ড কৰিছে বিজেপিয়ে ।ৰাহুল গান্ধীৰ ভাৱমূৰ্ত্তি নষ্ট কৰিবলৈ কোটি কোটি টকা খৰছ কৰিছে ।কিন্তু আমি পথক আপোন কৰি লৈ মানুহৰ সন্মুখত সঁচা প্ৰতিচ্ছবিখন দাঙি ধৰিছোঁ”- ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ খতিয়ান এনেদৰে দিয়ে কানহায়া কুমাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.