নিৰ্মাণৰত অৱস্থাত ভাঙিল ২০ কোটিটকীয়া দলং

কামপুৰৰ নিৰ্মীয়মান কপিলী দলঙত অঘটন । দক্ষিণ দিশৰ ফালে ভাঙি পৰিল নিৰ্মীয়মান দলং । কম পৰিমানে কেইবাজনো শ্ৰমিক আহত হৈছে। আহত শ্ৰমিক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণ কৰাত অঘটনটো সংঘটিত হোৱাৰ অভিযোগ। ঠিকাদাৰৰ বিৰুদ্ধে মইমতালিৰ…

‘৯৬ চনৰে এটা প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপিয়ে

অযোধ্যাত বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে ৭০% সম্পূৰ্ণ হৈছে।ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মতে ২০২৪ চনৰ জানুৱাৰীৰ তৃতীয় সপ্তাহত এই মন্দিৰ মুকলি কৰিব পৰাকৈ সম্পূৰ্ণ হৈ উঠিব। ন্যাসৰ সদস্য মণিৰাম দাস চাভনীৰয়ে কয় মন্দিৰৰ দ্বাৰ মকৰ সংক্ৰান্তি…

‘বাওঁপন্থীৰ কব্জাত উইকিপিডিয়া !’

হয়,গুগলত কিবা তথ্য বিচাৰিলে প্ৰায়ে আমি উইকিপিডিয়াৰ তথ্য দেখা পাওঁ।সেই উইকিপিডিয়াৰ তথ্য কোনে যুগুত কৰে জানেনে?সেই তথ্য যুগুত কৰে বাওঁ দলৰ সদস্যই।এই অভিযোগ অভিনেত্ৰী কংগনা ৰাণাৱটৰ।উইকিপিডিয়াৰ তথ্যত তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰায়বোৰ তথ্যতে বিভ্ৰাট থকা বুলি মন্তব্য কৰে অভিনেত্ৰী কংগনাই ।কংগনা…

‘মোক ক্ষমা কৰক’

অপৰাধীক নিয়ন্ত্ৰণৰ নামত যধেমধে এনকাউণ্টাৰ চলোৱা কাৰ্য আৰম্ভ হৈছে দেশৰ প্ৰায় কেইখন ৰাজ্যত।এনেদৰে এনকাউণ্টাৰ আৰম্ভ হোৱা ৰাজ্যবোৰৰ ভিতৰত উত্তৰ প্ৰদেশ অন্যতম।যিকোনো অপৰাধীকেই গুলীয়াই অপৰাধ নিয়ন্ত্ৰণ কৰিব খুজিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।অংকুৰ নামৰ অপৰাধীটো বাইক চোৰ গ্ৰুপৰ সদস্য।অপৰাধীটোৱে মনচুৰপুৰ আৰক্ষী…

খঙত অগ্নিশৰ্মা ৰিজিজু

বৃটেইন ভ্ৰমণ সামৰি দেশত উপস্থিত হোৱাৰ পিছত আজি অৰ্থাৎ বৃহস্পতিবাৰে সদনত ৰাহুল গান্ধী উপস্থিত হোৱাৰ কথা।সংসদত ৰাহুল গান্ধীৰ সৈতে মুখামুখি হোৱাৰ আগতে আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় ‘ যিজন মানুহে দেশত আটাইতকৈ বেছিকৈ চৰকাৰক আক্ৰমণ কৰে,সেইজনেই আকৌ কয় বোলে দেশত…

কৃষক বিদ্ৰোহ !

মহাৰাষ্ট্ৰৰ চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত পুনৰ বৈঠক অনুষ্ঠিত হ’ব বৃহস্পতিবাৰে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে,উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্নাভিছ আৰু সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীৰ লগত বৃহস্পতিবাৰে পুনৰ আলোচনাত বহিব প্ৰতিবাদী কৃষকসকল।নাছিক জিলাৰ কৃষক আৰু জনজাতীয় লোকসকলে চৰকাৰৰ বিৰুদ্ধে কেইটামান বিশেষ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী হাতত…

অৰুণোদয় ধনৰ নামত ব্যাপক দুৰ্নীতি

মাধৱপাৰা পঞ্চায়তৰ ‘অৰুণোদয় আচঁনিৰ’ হিতাধিকাৰীৰ ধন সোমায় কোটিপতিৰ একাউণ্টত। জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল।নগাওঁ জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱাৰ মাধপাৰা গাওঁ পঞ্চায়তৰ পমিলা জাৰনি গাৱঁৰ কোটিপতি তথা এগৰাকী কংগ্ৰেছী পালি নেতা আব্দুল মালেকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমোৱাক লৈ…

দেৱাল খহি মৃত্যু বৈষ্ণৱৰ

মাজুলী দক্ষিণপাট আশ্ৰমী সত্ৰত কিশোৰৰ কৰুণ মৃত্যু।পকী দেৱাল খহি মৃত্যু সত্ৰৰ ১৪ বছৰীয়া কিশোৰ বৈষ্ণৱৰ। কান্দোনত ভাগি পৰিছে মাতৃ।মাজুলীৰ দক্ষিণপাট গৃহআশ্ৰমী সত্ৰত এক কৰুণ ঘটনা সংঘটিত হয়। সত্ৰ খনত বৈষ্ণৱ হিচাপে থকা ১৪ বছৰীয়া বিকাশ চেত্ৰী নামৰ কিশোৰ বৈষ্ণৱ গৰাকীৰ…

মধ্য প্ৰদেশত পুনৰ ভোট ভঙাৰ উদ্দেশ্য নেকি আপৰ?

চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আম আদমী পাৰ্টি। মঙলবাৰে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভূপালত এক সমদলত অংশ লৈ কয় যে মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু আম আদমী পাৰ্টি।মধ্যপ্ৰদেশৰ ২৩০ টা…

ওদালগুৰিতো চলিল বুলড’জাৰ

এইবাৰ বুলড’জাৰ চলালে কেন্দ্ৰীয় চৰকাৰৰ ৰে’লবিভাগে।ওদালগুৰি ৰে’ল ষ্টেচনৰ কাষত অনুজ্ঞাপত্ৰ বিহীনভাৱে বছৰ বছৰ ধৰি ব্যৱসায় তথা বসবাস কৰা লোক সকলৰ বিৰুদ্ধে ৰেলৱে বিভাগে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল।যাৰ ফলত বহুতে বুলড’জাৰ চলোৱাৰ পূৰ্বেই বয় -বস্তু নিয়াৰ পিচত আজি জে চি বি…