খঙত অগ্নিশৰ্মা ৰিজিজু

Share This Article

বৃটেইন ভ্ৰমণ সামৰি দেশত উপস্থিত হোৱাৰ পিছত আজি অৰ্থাৎ বৃহস্পতিবাৰে সদনত ৰাহুল গান্ধী উপস্থিত হোৱাৰ কথা।সংসদত ৰাহুল গান্ধীৰ সৈতে মুখামুখি হোৱাৰ আগতে আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় ‘ যিজন মানুহে দেশত আটাইতকৈ বেছিকৈ চৰকাৰক আক্ৰমণ কৰে,সেইজনেই আকৌ কয় বোলে দেশত তেওঁৰ কথা কোৱাৰ অধিকাৰ নাই।’পুনৰ ৰিজিজুৱে কয়’ ৰাহুল গান্ধীয়ে কংগ্ৰেছক ডুবাওক,আমাৰ কথা নাই কিন্তু তেওঁ যদি দেশক অনিষ্ট কৰা অথবা দেশক বাহিৰত উপহাস কৰাটো কোনো সহ্য কৰা নহ’ব।দেশে কংগ্ৰেছক গ্ৰহণ নকৰিলে তাৰ কাৰণে দেশক বিদেশত অপমান কৰিব,সেয়া আমি সহ্য নকৰোঁ।’উল্লেখ্য যে বৃটেইন ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে ভাৰতত গণতন্ত্ৰ বিধ্বস্ত হোৱা বুলি উল্লেখ কৰি বিৰোধীক সংসদত কথা কোৱাৰ সময়ত মাইকৰ শব্দ বন্ধ কৰি দিয়াৰ কথাও প্ৰকাশ কৰিছিল৷ইয়াকে লৈ বিজেপি দল তথা ইয়াৰ সাংসদ সকলে কংগ্ৰেছ নেতাগৰাকীৰ ওপৰত আৰম্ভ কৰিছে তীব্ৰ আক্ৰমণ।আনকি বিদেশত নিজৰ দেশক হেয় প্ৰতিপন্ন কৰাৰ বাবে ক্ষমা খোজাৰ দাবী তুলিছে শাসক দলৰ সাংসদ,বিধায়ক তথা জ্যেষ্ঠ নেতা-মন্ত্ৰীয়ে।অৱশ্যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই ৰাহুল গান্ধীয়ে কোনো কাৰণতেই ক্ষমা নোখোজে আৰু ক্ষমা খুজিবলগীয়া কথা তেওঁ কোৱা নাই বুলি উল্লেখ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.