Investigative reporting with dedication.

হয়,গুগলত কিবা তথ্য বিচাৰিলে প্ৰায়ে আমি উইকিপিডিয়াৰ তথ্য দেখা পাওঁ।সেই উইকিপিডিয়াৰ তথ্য কোনে যুগুত কৰে জানেনে?সেই তথ্য যুগুত কৰে বাওঁ দলৰ সদস্যই।এই অভিযোগ অভিনেত্ৰী কংগনা ৰাণাৱটৰ।উইকিপিডিয়াৰ তথ্যত তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰায়বোৰ তথ্যতে বিভ্ৰাট থকা বুলি মন্তব্য কৰে অভিনেত্ৰী কংগনাই ।কংগনা ৰাণাৱটে লিখিছে ‘ উইকিপিডিয়া সম্পূৰ্ণৰূপে বাওঁপন্থীৰ কব্জাত।মোৰ বিষয়ে তাত থকা তথ্যবোৰৰ বেছিভাগেই মিছা।মোৰ শৈশৱ,মোৰ উচ্চতা,মোৰ জন্মৰ তাৰিখ আদি সকলো ভুল।মই কেইবাবাৰো ইয়াৰ সংশোধন কৰিবলৈ চেষ্টা কৰিছোঁ।কিন্তু ইয়াক আঁতৰাব নোৱাৰি৷ বহুতবোৰ ৰেডিঅ’ চেনেল,ফেন ক্লাৱ,শুভাকাংক্ষী আদিয়ে ২০ মাৰ্চতেই মোক জন্মদিনৰ শুভেচ্ছা পঠিওৱা আৰম্ভ কৰিছে।’তেওঁ পুনৰ কয় ‘ মোৰ জন্মদিন ২৩মাৰ্চ সেয়ে মই মোৰ জন্মদিন পালন কৰোঁ ২৩মাৰ্চত ৷ উইকিপিডিয়াৰ তথ্য শুদ্ধ নহয় ।’কংগনাই অহা সপ্তাহত ৩৬ সংখ্যক জন্মদিন পালন কৰিব।উল্লেখ্য যে কংগনা ৰানাৱট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপি চৰকাৰৰ ঘনিষ্ঠ।


