Investigative reporting with dedication.
দেৱাল খহি মৃত্যু বৈষ্ণৱৰ

মাজুলী দক্ষিণপাট আশ্ৰমী সত্ৰত কিশোৰৰ কৰুণ মৃত্যু।পকী দেৱাল খহি মৃত্যু সত্ৰৰ ১৪ বছৰীয়া কিশোৰ বৈষ্ণৱৰ।
কান্দোনত ভাগি পৰিছে মাতৃ।মাজুলীৰ দক্ষিণপাট গৃহআশ্ৰমী সত্ৰত এক কৰুণ ঘটনা সংঘটিত হয়। সত্ৰ খনত বৈষ্ণৱ হিচাপে থকা ১৪ বছৰীয়া বিকাশ চেত্ৰী নামৰ কিশোৰ বৈষ্ণৱ গৰাকীৰ গাত পকী বেৰ খহি মৃত্যু হয়। মৃত কিশোৰ গৰাকীৰ মৃতদেহ ইতিমধ্যে জিলা গড়মূৰ অসামৰিক চিকিৎসালয়ত ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত উপায়ুক্ত উপস্থিতিত মৰণোত্তৰ পৰীক্ষা কৰা হৈছে।ইফালে পুত্ৰ শোকত কান্দোনত ভাগি পৰিছে চিকিৎসালয়ত মাতৃ। সমগ্ৰ ঘটনাৰ ওপৰত সত্ৰ খনৰ সত্ৰাধিকাৰ জনাৰ্দ্দন গোস্বামী আঁতৰি আছে সংবাদ মাধ্যমৰ পৰা। এখন পকী বেৰ খহি এটি কণমানি কিশোৰ মৃত্যু হোৱা ঘটনাই ৰহস্যৰ আৱৰ্তত ৰাখিছে বিষয়টো।





