‘৯৬ চনৰে এটা প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপিয়ে

অযোধ্যাত বৰ্তমান নিৰ্মীয়মাণ অৱস্থাত থকা ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে ৭০% সম্পূৰ্ণ হৈছে।ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ মতে ২০২৪ চনৰ জানুৱাৰীৰ তৃতীয় সপ্তাহত এই মন্দিৰ মুকলি কৰিব পৰাকৈ সম্পূৰ্ণ হৈ উঠিব।
ন্যাসৰ সদস্য মণিৰাম দাস চাভনীৰয়ে কয় মন্দিৰৰ দ্বাৰ মকৰ সংক্ৰান্তি উপলক্ষে ২০২৪ চনৰ ১৪/১৫ জানুৱাৰীত মুকলি কৰা হ’ব।ন্যাসৰ ট্ৰেজাৰাৰ স্বামী গোবিন্দ দে ৱ গিৰিয়ে কয় যে ৰাম মন্দিৰ ভক্তসকলৰ বাবে ২০২৪ চনৰ জানুৱাৰী মাহৰ তৃতীয় সপ্তাহত মুকলি কৰি দিয়া হ’ব।অৱশ্যে ইয়াৰ শুভাৰম্ভ অনুষ্ঠানৰ কাৰ্যসূচী ২০২৩ চনৰ ডিচেম্বৰ মাহতেই আৰম্ভ হ’ব৷উল্লেখ্য যে ২০২০ চনৰ আগষ্ট মাহৰ পৰা ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল।২০১৯ চনৰ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ জৰিয়তে ৰাম মন্দিৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈছিল।১৯৯৬ চনৰ ভাৰতীয় জনতা পাৰ্টিৰ ইস্তাহাৰত মন্দিৰ নিৰ্মাণৰ বিষয়টো উল্লেখ আছিল ।অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ আছিল বিজেপি দলৰ অন্যতম প্ৰতিশ্ৰুতি তথা লক্ষ্য।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296