Investigative reporting with dedication.
নিৰ্মাণৰত অৱস্থাত ভাঙিল ২০ কোটিটকীয়া দলং
কামপুৰৰ নিৰ্মীয়মান কপিলী দলঙত অঘটন । দক্ষিণ দিশৰ ফালে ভাঙি পৰিল নিৰ্মীয়মান দলং । কম পৰিমানে কেইবাজনো শ্ৰমিক আহত হৈছে। আহত শ্ৰমিক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । নিম্নমানৰ সামগ্ৰীৰে দলং নিৰ্মাণ কৰাত অঘটনটো সংঘটিত হোৱাৰ অভিযোগ। ঠিকাদাৰৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ তুলিছে স্থানীয় লোকে।ঘটনা সংঘটিত হোৱাৰ সময়ত ৭০ জন শ্ৰমিকে কাম কৰি আছিল বুলি জানিব পৰা গৈছে।প্ৰায় বিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল দলংখন।বিগত বৰ্ষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল।

