অৰুণোদয় ধনৰ নামত ব্যাপক দুৰ্নীতি

মাধৱপাৰা পঞ্চায়তৰ ‘অৰুণোদয় আচঁনিৰ’ হিতাধিকাৰীৰ ধন সোমায় কোটিপতিৰ একাউণ্টত। জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল।নগাওঁ জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱাৰ মাধপাৰা গাওঁ পঞ্চায়তৰ পমিলা জাৰনি গাৱঁৰ কোটিপতি তথা এগৰাকী কংগ্ৰেছী পালি নেতা আব্দুল মালেকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন সোমোৱাক লৈ তীব্ৰ বিৰ্তকৰ সৃষ্টি হৈছে।ঘটনাৰ বিষয়ে জানিব পৰা মতে মাধৱপাৰা পঞ্চায়তৰ পমিলা জাৰনি গাঁৱৰ মইনা বেগম(পিতা হুছেইন আলী) নামৰ এগৰাকী বিকলাঙ্গ ব্যক্তিয়ে অৰুণোদয় আঁচনি আৱন্টন পাইছিল । কিন্তু এই হিতাধিকাৰী গৰাকীৰ আচঁনিৰ ধন বিগত কেইবা বছৰ ধৰি আব্দুল মালেকে কৌশলেৰে তেওঁৰ নিজৰ নামত থকা বেংক একাউন্টত সোমোৱাই উদৰস্থ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি মইনা বেগমে অৰুণোদয় আচঁনিৰ বাবে আবেদন কৰোতে আবেদনৰ প্ৰ- পত্ৰৰ সৈতে সকলো নথি পত্ৰৰ লগতে কচুৱা তিনিআলি স্থিত “পাঞ্জাৱ নেছনেল বেংক ,কচুৱা শাখা “ত থকা বেংক একাউন্ট নং -2076200190011626 ৰ পাচবুকৰ প্ৰতিলিপি গাঁঠি দিছিল। ৷উল্লেখ্য যে আবেদনৰ প্ৰ-পত্ৰখন আব্দুল মালেকে পঞ্চায়ত কাৰ্যালয়ত জমা দিওতে মইনা বেগমৰ বেংক একাউন্টৰ প্ৰতিলিপিত একাউন্ট নম্বৰ মুচি আব্দুল মালেকৰ নিজৰ নামত থকা অসম গ্ৰামীন বিকাশ বেংক,কামপুৰ শাখাৰ অধীনস্থ বেংক একাউন্ট নং 7250029010955 লিখি দিছিল । পিছে অৰুণোদয় আঁচনি মইনা বেগমৰ নামত আৱন্টন হৈছিল যদিও আচঁনিৰ ধন মইনা বেগমৰ একাউন্টৰ পৰিবৰ্তে আব্দুল মালেকৰ একাউন্টত সোমায় ।যাৰ পৰিণতিত আব্দুল মালেকে বিগত কেবা বছৰ ধৰি মইনা বেগমৰ আঁচনিৰ ধন সহজবাবে উদৰস্থ কৰি আহিছে ৷ লক্ষ্যণীয় কথাটো হ’ল আব্দুল মালেকে অসম গ্ৰামীন বিকাশ বেংক ,কামপুৰ শাখাৰ অধীনত নিজৰ নামত “চিএচ পি “খুলি নিজৰ ফিঙ্গাৰ প্ৰিন্টতে (আঙুলিৰ চাপ দি )শ শ ভুৱা একাউন্ট বনাই লৈছিল । যাৰ বাবে মইনা বেগমৰ আবেদনৰ সৈতে তেওঁ নিজৰ ফিংগাৰ প্ৰিন্টত থকা বেংক একাউন্ট সংলগ্ন কৰি মহিলা গৰাকীৰ আঁচনিৰ ধন আত্মসাৎ কৰিবলৈ সক্ষম হৈছে ৷ মইনা বেগমে নিজৰ আচঁনিৰ ধন আনিবলৈ যাওতে আব্দুল মালেক আৰু তেওঁৰ পত্নীয়ে বিভিন্ন ধৰনে ভাবুকি দিয়ে বুলিও অভিযোগ কৰিছে । এই বিষয়ে বিগত কেবা বছৰ ধৰি পঞ্চায়ত প্ৰতিনিধি সকলৰ দুৱাৰে দুৱাৰে তাতঁবাটি কাঢ়ি অবগত কৰিও কোনো সুদোত্তৰ পোৱা নাই ৷ সম্প্ৰতি মহিলা গৰাকীয়ে নগাওঁ জিলা উপায়ুক্তলৈ ঘটনাৰ সবিশেষ জনাই লিখিত অভিযোগ দাখিল কৰিছে ৷ আব্দুল মালেকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লৈ মহিলা গৰাকীক অৰুণোদয় আঁচনিৰ ধন পোৱাৰ ব্যৱস্থা কৰি দিবলৈ হিতাধিকাৰী মইনা বেগমে জিলা উপায়ুক্ত আৰু অসমৰ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296