কৃষক বিদ্ৰোহ !

মহাৰাষ্ট্ৰৰ চৰকাৰ আৰু প্ৰতিবাদী কৃষকৰ মাজত পুনৰ বৈঠক অনুষ্ঠিত হ’ব বৃহস্পতিবাৰে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে,উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্নাভিছ আৰু সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীৰ লগত বৃহস্পতিবাৰে পুনৰ আলোচনাত বহিব প্ৰতিবাদী কৃষকসকল।নাছিক জিলাৰ কৃষক আৰু জনজাতীয় লোকসকলে চৰকাৰৰ বিৰুদ্ধে কেইটামান বিশেষ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।ইতিমধ্যে বুধবাৰে দুগৰাকী মন্ত্ৰী ক্ৰমে দাদা ভূছে আৰু অতুল চেভে প্ৰতিবাদী কৃষকৰ লগত আলোচনাত মিলিত হৈছে।প্ৰতিবাদী কৃষক সকলে নাছিকৰ ডিন্দৰী অঞ্চলৰ পৰা হাতে হাতে ৰঙা ফ্লেগ লৈ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইলৈ আগবাঢ়ি আহিছে।প্ৰতিবাদী কৃষকৰ দাবী প্ৰতি কুইণ্টল পিয়াঁজৰ বিপৰীতে ৬০০ টকাকৈ বিত্তীয় সাহাৰ্য চৰকাৰে আগবঢ়োৱা উচিত৷তদুপৰি ১২ঘণ্টাৰ বাবে বিৰতিবিহীনভাৱে বিজুলী যোগানৰ ব্যৱস্থা কৰা আৰু কৃষকৰ ঋণ ৰেহাইৰ ব্যৱস্থা কৰাৰ দাবীৰে এই প্ৰতিবাদী যাত্ৰাত অংশ লৈছে কৃষকে।কৃষক সকলক নেতৃত্ব প্ৰদান কৰা প্ৰাক্তন বিধায়ক গভিতে কয় যে ইতিমধ্যে চৰকাৰে তেওঁলোকৰ ৪০% দাবী মানি লৈছে।যদি বাকী দাবীবোৰ মানি নলয় তেওঁলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিব।উল্লেখ্য যে মহাৰাষ্ট্ৰত পিয়াঁজৰ খেতিৰ লগত জড়িত কৃষক সকলে নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296