মধ্য প্ৰদেশত পুনৰ ভোট ভঙাৰ উদ্দেশ্য নেকি আপৰ?

চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আম আদমী পাৰ্টি। মঙলবাৰে আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভূপালত এক সমদলত অংশ লৈ কয় যে মধ্যপ্ৰদেশ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু আম আদমী পাৰ্টি।মধ্যপ্ৰদেশৰ ২৩০ টা সমষ্টিতেই নিজৰ প্ৰাৰ্থী দিয়া হ’ব বুলি ঘোষণা কৰি অৰবিন্দ কেজৰিৱালে কয় যে আম আদমী পাৰ্টি মধ্যপ্ৰদেশত প্ৰৱেশ কৰিছে আৰু ই মধ্যপ্ৰদেশৰ চেহেৰাই সলনি কৰি দিব। মধ্যপ্ৰদেশৰ ৰাইজক এবাৰ আম আদমী পাৰ্টিক সুবিধা দি চাবলৈ অনুৰোধ জনায় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যদি মধ্যপ্ৰদেশত আম আদমী পাৰ্টিৰ চৰকাৰ হয় তেন্তে দিল্লী আৰু পঞ্জাৱৰ নিচিনা মধ্যপ্ৰদেশতো বিজুলী, স্বাস্থ্য আৰু শিক্ষা বিনামূলীয়া কৰা হ’ব।কিন্তু আম আদমী পাৰ্টিয়ে ২৩০ টা সমষ্টিতেই নিৰ্বাচন খেলিম বুলি কৰা ঘোষণাত উত্থাপিত হৈছে আন কিছু প্ৰশ্নহে।প্ৰশ্ন হৈছে আম আদমী পাৰ্টিয়ে নিজৰ চাপ সৃষ্টি কৰিব পাৰিব নে মধ্যপ্ৰদেশত?নে আম আদমী পাৰ্টিৰ এই সিদ্ধান্তই সহায় কৰিব আন কোনো পক্ষক?ৰাজনৈতিক বিশ্লেষকসকলৰ মতে মধ্যপ্ৰদেশত প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলিয়েই গোটেই আসনত প্ৰাৰ্থী দিয়াটো আম আদমী পাৰ্টিৰ এক অপৰিপক্ক সিদ্ধান্ত। আম আদমী পাৰ্টিৰ এই সিদ্ধান্তই চিধা-চিধিকৈ ক্ষতি কৰিব কংগ্ৰেছ দলৰ। আৰু ইয়াৰ পৰা লাভৱান হ’ব শাসকীয় দল বিজেপি।উল্লেখযোগ্য যে বিগত বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশত কংগ্ৰেছ আৰু বিজেপিয়ে লাভ কৰিছিল প্ৰায় সমসংখ্যক আসন। লগতে এই বৰ্ষত শাসকীয় বিজেপিতকৈ সুবিধাজনক স্থানত আছে কংগ্ৰেছ দল। তেনেস্থলত যদি আম আদমী পাৰ্টিয়ে মধ্যপ্ৰদেশৰ গোটেই আসনতে প্ৰাৰ্থী থিয় কৰাই তেন্তে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব কংগ্ৰেছ দল।যিটো যোৱা গুজৰাট বিধানসভা নিৰ্বাচনতো দেখা গৈছিল। আম আদমী পাৰ্টিয়ে গুজৰাটত নিজৰ প্ৰাৰ্থী দিয়াৰ ফলত ১৭ খন আসনতে সীমাবদ্ধ হৈ ৰৈছিল কংগ্ৰেছ, তাৰ বিপৰীতে আম আদমী পাৰ্টিয়ে নিজে লাভ কৰিছিল ৫ খন আসন।মধ্যপ্ৰদেশৰ ৰাজনীতি মূলতঃ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে সীমাবদ্ধ। কিন্তু তৃতীয় বিকল্পৰ নামত আম আদমী পাৰ্টিৰ প্ৰৱেশে শাসকীয় বিজেপিক লাভাম্বিত কৰা পৰিৱৰ্তে ক্ষতিগ্ৰস্ত কৰিব কংগ্ৰেছ দলক।গতিকে এতিয়া নিশ্চিতভাৱে প্ৰশ্ন উত্থাপন হৈছে আম আদমী পাৰ্টিয়ে মধ্যপ্ৰদেশৰ চেহেৰা সলনিৰ নামত সহায় কৰিব নেকি আন কোনোবা পক্ষক!

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296