৬০ হাজাৰ টকাৰ ধাৰত কেনেকৈ ডুব গ’ল আপুনি?

ভাৰত চৰকাৰে দেশবাসীৰ ওপৰত জাপি থৈছে ৩২ হাজাৰ টকাৰ বোজা৷অসম চৰকাৰে অসমবাসীৰ ওপৰত জাপি থৈছে ২৯ হাজাৰ টকাৰ বোজা৷অর্থাৎ প্ৰায় ৬১ হাজাৰ কোটি টকাৰ ধাৰৰ বোজাত ডুবি আছে এতিয়া প্ৰতিজন অসমীয়া৷সেইবাবেই আপোনাৰ ঘৰত এটা সন্তানৰ জন্ম হলেও জন্ম হৈয়ে নিস্পাপ…

পেগাছাছেৰে সমাজকৰ্মীক বিপদত পেলোৱাৰ চক্ৰান্ত ফাদিল

আপোনাৰ মোবাইল ফোনলৈ এটা মেছেজ আহিল ৷ আপুনি সেই মেছেজৰ লিংকত ক্লিক কৰিলে ৷ তাৰ লগে লগে আপোনাৰ ফোনত ইনষ্টল হৈ গ’ল এটা চোৰাংছোৱা ছফটৱেৰ ৷তাৰ পাছত এই ছফটৱেৰৰ সহায়ত কিছুমান দস্তাবেজ আপোনাৰ ফোনত সংস্থাপন কৰা হ’ল ৷ আৰু ইয়াৰ…

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কৃষক আন্দোলনৰ পৰা জন্ম হোৱা প্ৰথমটো ৰাজনৈতিক দলে।

তিনিখন কৃষি আইনৰ বিৰুদ্ধে এবছৰতকৈও অধিক সময় ধৰি চলি থকা কৃষক আন্দোলনৰ পৰা জন্ম লাভ কৰা প্ৰথম ৰাজনৈতিক দলটো ঘোষণা কৰা হৈছে। কৃষক নেতা গুৰনাম সিং চাধুনিয়ে ১৮ ডিচেম্বৰত চণ্ডিগড়ত দলটো ঘোষণা কৰে। কিষাণ আন্দোলনৰ পৰা উদ্ভৱ হোৱা দলটোৰ নাম…

নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হৈ থাকিবনে ?

উত্তৰ প্ৰদেশকে ধৰি ভাৰতৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত ৷ খুব কম দিনৰ ভিতৰতে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব ৷কিন্তু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ এজন বিষয়াৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠকে নতুন বিতৰ্কৰ সৃষ্টি কৰিছে ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ…

সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?

অৰূপ কলিতা অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অতীতত আমি…

১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক

কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ ১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক। এই দুদিনত কৰ্ম দেশব্যাপী ধৰ্মঘট কৰাৰ পৰিকল্পনা কৰিছে বেংকৰ কৰ্মচাৰী সকলে। SBIকে ধৰি আন বেংকবোৰে কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো নিজৰ স্থিতিত অটল হৈ…

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে তামিনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত কেপ্টেইন বৰুণ সিঙে

অৱশেষত গ্ৰুপ কেপ্টেইন বৰুণ সিঙেও আজি মৃত্যুৰ ওচৰত হাৰ মানিলে। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিলে বীৰ সৈনিকগৰাকীয়ে। ৮ ডিচেম্বৰত তামিলনাডুত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত একমাত্ৰ জীৱীত ব্যক্তি আছিল কেপ্টেইন বৰুণ সিং। উল্লেখ্য যে প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱটৰ…

গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিডৰ আতংকঃ বাতিল সাংস্কৃতিক সন্ধিয়া

আজি কোভিড পজিটিভ হল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২১ জনকৈ শিক্ষাৰ্থী। সেয়েহে এতিয়া আগন্তুক পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। তদুপৰি বিশ্ববিদ্যালয়খনে ১৪ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছে। লক্ষণীয়ভাৱে অনুষ্ঠানটো বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এক…

আদালতৰ কাঠগড়াত কৃষকৰ ওপৰেৰে গাড়ী চলোৱা মন্ত্ৰীপুত্ৰঃ কি কলে আদালতে?

চলিত বৰ্ষৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা হয়তো কোনোয়েই পাহৰিব পৰা নাই। উল্লেখ্য যে লখিমপুৰত বিগত ৩ অক্টোবৰ দেওবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ বিৰোধিতাৰে ক’লা পতাকা উৰুৱাইছিল কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষক সমাজে। তেনে…

চৰকাৰে দিয়া সাহায্য গ্ৰহণ নকৰে নাগালেণ্ডত সেনাই গুলীয়াই হত্যা কৰা ভুক্তভোগীৰ আত্মীয়ই

আজি কিছুদিন পূৰ্বে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ অতিং গাঁৱত ভাৰতীয় সেনাৰ নৃশংসতাৰ বলি হৈছিল ১৪ জনকৈ নীৰিহ ভাৰতীয় নাগৰিক। সেনাৰ বিবৃতি অনুসৰি ভাৰতীয় সেনাই ভুলতে গুলীয়াই হত্যা কৰিছিল সেই দুৰ্ভগীয়া শ্ৰমিকৰ দলটোক। এই ঘটনাই সমগ্ৰ দেশতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি…