গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিডৰ আতংকঃ বাতিল সাংস্কৃতিক সন্ধিয়া

Share This Article

আজি কোভিড পজিটিভ হল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২১ জনকৈ শিক্ষাৰ্থী। সেয়েহে এতিয়া আগন্তুক পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। তদুপৰি বিশ্ববিদ্যালয়খনে ১৪ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছে। লক্ষণীয়ভাৱে অনুষ্ঠানটো বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এক প্ৰতিভা অনুসন্ধান প্ৰতিযোগিতা আছিল। এই সন্দৰ্ভত এক জাননী জাৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে কয় যে যোৱা ৭ দিনত ৰাজ্য চৰকাৰে কৰা স্ক্ৰীণিংৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ কিছু সংখ্যক ছাত্ৰাবাসৰ আবাসীৰ শৰীৰত কোভিড-১৯ চিনাক্ত কৰা হৈছে। উপাচাৰ্যৰ নিৰ্দেশনা অনুসৰি ইতিমধ্যেই গুৱাহাটী বিশ্ববিদ্যালয় তথা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত প্ৰতিভা অনুসন্ধান প্ৰতিযোগিতাৰ সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছে। কেৱল সাংস্কৃতিক সন্ধিয়াই নহয় বিশ্ববিদ্যালয়খনে ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ হোষ্টেলসমূহো বন্ধ কৰি দিছে। খবৰ অনুসৰি কোভিড পজিটিভ শিক্ষাৰ্থীসকল AT-9 হোষ্টেলত আছিল। চৰকাৰী জাননী অনুসৰি এই সময়ছোৱাত অফলাইন শ্ৰেণীসমূহ বাতিল কৰা হৈছে আৰু বাবে বহিৰাগত লোকক বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশত বাধা দিয়া হৈছে। অৱশ্যে এই সময়ছোৱাত কম সংখ্যক কৰ্মচাৰীৰ সৈতে কাৰ্যালয়বোৰ খোলা থাকিব বুলি জানিব পৰা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.