১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক

Share This Article

কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ ১৬ আৰু ১৭ ডিচেম্বৰত বন্ধ থাকিব দেশৰ ৰাজহুৱা খণ্ডৰ সকলো বেংক। এই দুদিনত কৰ্ম দেশব্যাপী ধৰ্মঘট কৰাৰ পৰিকল্পনা কৰিছে বেংকৰ কৰ্মচাৰী সকলে। SBIকে ধৰি আন বেংকবোৰে কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো নিজৰ স্থিতিত অটল হৈ আছে কৰ্মচাৰী সংঘ সমূহ। উল্লেখ্য যে এই ধৰ্মঘট বেংকৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে।
ভাৰতীয় ষ্টেট বেংকে ইয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি নিজৰ কৰ্মচাৰীসকলক আবেদন জনাইছে। বেংকে কৈছে যে কৰ্মচাৰীসকলৰ ধৰ্মঘটৰ ফলত কৰোনা মহামাৰীৰ এই বিপদসংকুল সময়ত অংশীদাৰসকলৰ বাবে বৃহৎ অসুবিধাৰ সৃষ্টি হব পাৰে। SBIয়ে বেংক ইউনিয়নসমূহলৈ আলোচনাৰ বাবে নিমন্ত্ৰণো প্ৰেৰণ কৰিছে। আনহাতে চেণ্ট্ৰেল বেংকে নিজৰ কৰ্মচাৰী আৰু ইউনিয়নসমূহলৈও চিঠি লিখি সদস্যসকলক বেংকৰ উন্নতিৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে। আনকি পঞ্জাৱ নেচনেল বেংকেও কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ টুইট কৰি আবেদন জনাইছে। অৱশ্যে পৰৱৰ্তী দুদিনত বেংক বন্ধ থাকিলেও ইণ্টাৰনেট বেংকিং সেৱা অব্যাহত থাকিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.