চৰকাৰে দিয়া সাহায্য গ্ৰহণ নকৰে নাগালেণ্ডত সেনাই গুলীয়াই হত্যা কৰা ভুক্তভোগীৰ আত্মীয়ই

Share This Article

আজি কিছুদিন পূৰ্বে নাগালেণ্ডৰ ম্যানমাৰ সীমান্তৰ মন জিলাৰ অতিং গাঁৱত ভাৰতীয় সেনাৰ নৃশংসতাৰ বলি হৈছিল ১৪ জনকৈ নীৰিহ ভাৰতীয় নাগৰিক। সেনাৰ বিবৃতি অনুসৰি ভাৰতীয় সেনাই ভুলতে গুলীয়াই হত্যা কৰিছিল সেই দুৰ্ভগীয়া শ্ৰমিকৰ দলটোক। এই ঘটনাই সমগ্ৰ দেশতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তদুপৰি এই ঘটনাৰ পিছতে ভাৰতীয় সেনাই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ দোহাই দি (বিশেষকৈ উত্তৰ – পূৰ্বাঞ্চলৰ) নীৰিহ জনতাক অত্যাচাৰ কৰি আহিছে বুলিও আলোচনা চলিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। দুৰ্ভগীয়া ব্যক্তি কেইজনৰ অন্তেষ্টিক্ৰিয়াত উপস্থিত হৈ পৰিস্থিতি শান্ত কৰিবলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিও ৰিঅই ঘোষণা কৰিছিল যে প্ৰতিজন মৃত ব্যক্তিৰ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ১১ লাখ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকা তথা এটাকৈ চৰকাৰী চাকৰি ক্ষতিপূৰণ হিচাপে লাভ কৰিব। তদুপৰি আঘাতপ্ৰাপ্ত লোক সকলক ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হব। কিন্তু অটিং ভিলেজ কাউন্সিলে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাউন্সিলে উল্লেখ কৰিছে যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ নকৰালৈকে কোনো এজন ভুক্তভোগীৰ পৰিয়ালে চৰকাৰৰ সাহায্য গ্ৰহণ নকৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.